Type Here to Get Search Results !

ইয়াতেই আছিল এখনি আশ্ৰম

 এছ, ইছলাম , শিক্ষক


ইয়াতেই আছিল এখনি আশ্ৰম
আছিল এখনি আদৰ্শ গাওঁ
ব্ৰহ্মপুত্ৰৰ প্ৰৱল গৰাখহনীয়াৰ
কৱলত পৰা দেখিবলৈ পাওঁ।

ইয়াতেই আছিল এখনি আশ্ৰম
হিন্দু-মুছলমানৰ একতাৰ বন্ধন
বিভিন্ন জাতিৰ মিলন ভূমি
য'ত জন্মগ্ৰহণ কৰিছিলোঁ আমি।

আশ্ৰমৰ অধিপতি ঋষিজন
আছিল বুদ্ধিমতি আছিল মহান
শ্ৰী শ্ৰী আচাৰ্য গজেন্দ্ৰ নাথ
ৰথ যাত্ৰা পাতিছিল তাত।

ৰথৰ চূড়াত বহি
শুভ্ৰ পোছাক পৰিধান কৰিছিল সি
হিন্দু-মুছলমান যুৱকৰ দলে
ৰথৰ ৰচী ধৰি টানিছিল সবলে।

অপাৰ আনন্দ উপভোগ কৰিছিলোঁ আমি
যেন শ্ৰীকৃষ্ণৰ দ্বাৰকা ভূমি
নাছিল কোনো ভেদ-ভাৱ
নাছিল আমাৰ একো অভাৱ