সবিতা বৰুৱা
বিষ্ণু ৰাভা, তুমি আকৌ এবাৰ
আহিবা উভতি !
এই কথা সম্ভৱ
নহ'ব কাহানিও......
তোমাৰ মাত শুনিম
দূৰৈৰ পৰা বতাহত
ভাঁহি আহিব ৰিণি ৰিণি
চিনাকি -অচিনাকী তাণ্ডৱ
নৃত্যৰ ধ্বনি,
আপোন সুবাসত
সাৰ পাই উঠিব
উকা আঁচলেৰে আমন-জিমন
আজলী ছোৱালী ।
সপোনত হুমুনিয়াহ সৰে,
পাহাৰত জুই জ্বলে,
ভৈয়ামত অশ্ৰু সৰে !
পথাৰৰ বাটে ৰিঙিয়াই মাতে
বিষ্ণু ৰাভা,আকৌ এবাৰ
আহা উভতি ।
দূৰৈৰ পাহাৰে বিনাই
সুৰৰ দেউল আৰু নাই
বতাহত উচুপি উঠে
চিফুং বাঁহী...!
নীৰৱ -নিতাল আজি
মন্দিৰৰ বন্ধ দুৱাৰ,
মামৰে আৱৰি ধৰে
ৰূপৰ শিকলিক,
নিমাতে ৰয়,
মন্দিৰৰ পূজাৰী !
হে ক'লা গুৰু,
তোমাকতো বান্ধিব নোৱাৰি
গ্ৰন্থত অথবা ফলকত
তুমি ইতিহাসৰ এটা
সোণালী যুগ ।
যি ইতিসাহে আমাক
গৌৰাম্বিত কৰে ।
বিষ্ণু ৰাভা,আকৌ
তুলিকা লবা,
আঁকি যাবা সেই ছবি,
আৰু বহু কিবা কিবি ।
লগন উকলি গ'ল
মনৰ কথাটি মনতে ৰ'ল..
নিচলা আইৰ তুমি
প্ৰাণৰ স্পন্দন,
বিষ্ণু ৰাভা ,
জনাও তোমাক কাতৰ মিনতি
আকৌ এবাৰ আহিবা উভতি।