Type Here to Get Search Results !

বাঁহগাজৰ খাৰ

 নৱাব নাৰ্জী ইচলাম


উপকৰণ-
বাঁহগাজ ১ টা, ৰহৰ দাইল ১৫০ গ্রাম, কঁঠালগুটি কেইটামান, নহৰু ২ফুটা, আদা ১ ইঞ্চিমান, সৰিয়হ তেল, নিমখ আন্দাজমতে, সৰিয়হ বটা ১১%,
চামুচ, কেঁচা জলকীয়া স্বাদ অনুসাৰে, কলাখাৰ ২ চাহচামুচ।

প্রণালী -
প্রথমে বাঁহগাজটোৰ বাকলি গুচাই, কঠিনভাগ আঁতৰাই খুউব ভালদৰে ধুই চোকা কটাৰীৰে মিহিকৈ কুটি ল'ব। দাইলখিনি কিছুসময় তিয়াই থৈ পাছত ভালকৈ ধুই টুকি ল'ব। কঁঠালগুটিকেইটাৰো বাকলি গুচাই চুৰুকি ৰঙাভাগ আঁতৰাই ল'ব। এতিয়া এখন কেৰাহিত তেল গৰম কৰি থেঁতেলিয়াই লোৱা নহৰু আৰু কেঁচা জলকীয়া ভাজি তাতে গাজখিনি, সৰিয়হ বটা, আদা বাটা আৰু খাৰ দি কিছুক্ষণ ভাজি থাকক। বাঁহগাজৰ গোন্ধটো কমা যেন পালে দাইল আৰু কঁঠালগুটি দি পুনৰ অলপ লৰাই লৈ আন্দাজনুসাৰে পানী আৰু স্বাদানুসাৰে নিমখ দি বেছ কিছুক্ষণ কম জুইত উতলাই সিজিবলৈ দিয়ক। সকলো উপকৰণ সিজি ডাঠ হ'লে কুটা মানধনিয়াৰ পাত দি নমাই থ'ব।

*চোৰাত পাতৰ আঞ্জা*

উপকৰণ -
চোৰাত পাতৰ কোমল আগ সাতটা বা নটা, পুঠীমাছ (নাপালেহে মোৱামাছ ল'ব) ২০০ গ্রামমান, (মাছখিনিৰ সতেজতাৰ ওপৰত গুৰুত্ব
দিব), চাহচামুচেৰে এচামুচমান মিহিকৈ বটি লোৱা জালুক, নিমখ, হালধি, সুৰিয়হৰ তেল আদি আন্দাজমতে ল'ব। ইচ্ছানুসাৰে ধনিয়া পাত ল’ব
পাৰে।

প্রণালী-
হাতত পলিথিন বান্ধি সাৱধানে চোৰাতৰ কোমল আগকেইটা কাটি আনি সতেজ অৱস্থাতে পাতখিনিত পোক-পৰুৱা থাকিলে ভালদৰে নিৰীক্ষণ কৰি পৰিষ্কাৰকৈ ধুই ল'ব। এতিয়া এটুকুৰা কাঠত পেলাই ধঁপাত কুটাৰ দৰে মিহিকৈ কুটি ল'ব। কেৰাহিত তেল বহাই গৰম হ'বলৈ দি পৰিষ্কাৰ কৰি লোৱা মাছখিনিত হালধি, নিমখ সানি আধাভজা কৰি উঠাই থ'ব। কেৰাহিৰ সেই তেলতে নহৰু বঁটা আৰু জালুক বটা, হালধি গুড়ি অকণমান পানী দি ভালদৰে মজি গ'লে তাতে কুটি লোৱা চোৰাত পাতখিনি মিহলাই ঢাকোন মাৰি সিজিবলৈ দিব। পাতখিনি সিজি থপ্‌থপীয়া হ'লে ঢাকোন গুচাই আগে ভাজি থোৱা মাছখিনি মিহলাই প্রয়োজনীয় পানী দি (ঢাকোন গুচাই) উতলিবলৈ দিব। নমোৱাৰ আগতে আঞ্জাৰ ওপৰত ধনিয়া পাত কুটি দিব। আঞ্জাখন উতলি ঘন হৈ আহিলে নমাই গৰম ভাতৰ লগত পৰিৱেশন কৰক। এইধৰণে তৈয়াৰী চোৰাত পাতৰ আঞ্জা চৰ্মৰোগত, বিশেষকৈ খহু হ'লে বহুলোকে পথ্য হিচাপে খায়।