ৰেখামণি চাৰিঙীয়া
শিশুৰ কল্পনাৰ জগতখন প্ৰসাৰিত কৰিবলৈ যত্ন কৰক।সাধু শুনাওক,সাধু কথা আৰু নীতিকথাৰ কিতাপ পঢ়িবলৈ দিয়ক।ঘৰত বয়োজ্যেষ্ঠ থাকিলে বা বন্ধই উৎসৱে গাঁওৰ ঘৰলৈ গলে আইতাকৰ পৰা সাধু শুনিবলৈ উৎসাহিত কৰক।সিহঁতে স্ফুৰ্তিও পাব লগতে মানসিক পৰিপুষ্টি লাভ কৰিব নানা নীতিকথা,ভাল-বেয়া দৃষ্টিকোণ নিহিত আইতাকৰ সাধু কুঁকিৰ পৰা।
শিশু এটি খুব অনুভৱী আৰু মাক-দেউতাকৰ প্ৰতি নিজৰ অধিকাৰ সাৱাস্ত্য কৰিব বিচাৰে।সেয়ে-শিশুটিয়ে মাক-দেউতাকে অন্য শিশুৰ প্ৰতি মৰম দৰ্শালে হিংসা ভাব এটা আহি পৰে আৰু অকলশৰীয়া অনুভৱ কৰে।সেয়ে শিশুটিক ভালদৰে বুজাব লাগে যাতে পৰস্পৰে পৰস্পৰৰ সদায় মৰম আৰু সদভাৱাপন্ন হব লাগে।
শিশুটোৰ ব্যৱহাৰিক জ্ঞান প্ৰদান কৰাৰ ক্ষেত্ৰত অভিভাৱকে অতি সচেতন আৰু সক্ৰিয় ভূমিকা গ্ৰহণ কৰিব লাগে।কাৰণ-শিশুটিৰ ব্যৱহাৰে আপোনাৰ আৰু আপোনাৰ ঘৰখনৰ পৰিচয় দিব।শিশুটিয়ে কাৰোবাৰ সৈতে চিনাকী হ'লে-হাই-হেল্ল,নমস্কাৰ, আদি সম্বোধন কৰিবলৈ শিকাওক।নিজৰ নামটো প্ৰথমে কবলে চেষ্টা কৰাওক।কোনোবাই হাতত উপহাৰ,খোৱা বস্তু আদি তুলি দিলে ধন্যবাদ জনাবলৈ শিকাওক।নিজৰ ঘৰলৈ আলহী আহিলে আৰু আনৰ ঘৰত ফুৰিবলৈ গ'লে যাতে মাৰ্জিত ব্যৱহাৰ আৰু ভাল মাত কথা দিয়ে তাৰ সম্যক জ্ঞানখিনি দিয়াতো প্ৰয়োজনীয়।
কেতিয়াবা দেখিব শিশুটিয়ে নখ কামুৰি আছে অথবা চুলি খজুৱাই আছে।এনে অভ্যাস শিশুটিয়ে অহেতুক ভয়,উত্তেজনা বা কিংকৰ্তব্য বিমূঢ় অৱস্থাত কৰে।এনে কৰিলে এই ধৰণৰ অভ্যাস আঁতৰাবলৈ মনত সাহস প্ৰদান কৰি পৰিষ্কাৰ-পৰিছন্নতাৰ জ্ঞান প্ৰদান কৰিব লাগে যে-নখ মুখলৈ নিয়াতো বেয়া অভ্যাস।
শিশু এটিয়ে কেতিয়াবা দুষ্টামি কৰি নাইবা ভয়তে বা অভ্যাসতে মিছা কথা ক'বলৈ শিকে।তেনেস্থলত মিছা কথা কোৱাটো যে বদ অভ্যাস সেই নীতি শিক্ষাৰ জ্ঞান দিয়ক।মনত যদি শংকা ভাব আছে তেন্তে সেই ভাব দূৰ কৰক।তেতিয়া এনে বদ অভ্যাস আঁতৰি যাব আৰু পুনৰাই মিছা কথা কোৱাৰ চেষ্টা নকৰিব।
শিশু অনুকৰণপ্ৰিয়।শিশুটিক কেতিয়াবা দেখিব যে সি অনবৰতে চকু বেছিকৈ টিপিয়াই আছে।কথা কওঁতে খোনাইছে।এই অভ্যাসসমূহ শিশুটিয়ে নিশ্চয় ডাঙৰ কাৰোবাক কৰা দেখিছে,তাকে দেখি ভাল বেয়া নাজানি শিকে।হতাশ নহৈ তেনে অভ্যাস দূৰ কৰাৰ চেষ্টা কৰিব লাগে।।
(সহায় লৈ)
তিনিচুকীয়া