অৰুণা চেতিয়া খাটনিয়াৰ
বহু সময়ত দেখা যায় মানুহে কওঁ বুলিলে সততে কাৰোবাক বহুকথাকে কৈদিব পাৰে। কয়ো বহুতে।
অৱশ্যে বহু চিন্তাশীল মানুহে য'তে ত'তে যিমন যায় তাকেই তেনেদৰে কৈ নিদিয়ে। মুখৰ একেষাৰ কথাই কাৰোবাৰ বাবে অমৃত হ'ব পাৰে,আন কাৰোবাৰ বাবে গৰল হ'বও পাৰে। শব্দই যে ব্ৰক্ষ্ম, এই কথা তেওঁলোকে জানে। সেয়েহে সংস্কৃতিবান এজন মানুহৰ বাবে প্ৰথম মূল্যবান কথাটোৱে হ'ল শিষ্টাচাৰ।।
আনহাতেদি কথা কোৱা বা কথা ভালদৰে পাতিব জনাতো এটা কলা। কথা ভালদৰে পাতিব জনা অভ্যাসৰ দ্বাৰা মানুহক সহজেই আকৰ্ষণ কৰিব পাৰে। কথা পাতিব জনা মানুহৰ কথা শুনিবলৈও মানুহে ভাল পায়।
তদুপৰি আটাইতকৈ দৰকাৰী আৰু গুৰুত্বপূৰ্ণ কথাটো হৈছে -,যিয়ে কথা কয়, তেওঁ কোৱা কথাটোৱে তেওঁক মৰ্যদা দিব পাৰে বা সন্মান লাঘৱ কৰিবও পাৰে। ব্যক্তি বিশেষৰ কথাকোৱাৰ ধৰণৰ ওপৰতে কথাষাৰৰ অৰ্থ প্ৰকাশ পায়।
সেয়েহে কোৱা হয় -, " Words are the food and dress of thoughts."মানুহৰ মুখৰ পৰা নিৰ্গত হোৱা শব্দই হৈছে চিন্তাৰ আহাৰ আৰু পোছাক। মুখৰ পৰা প্ৰকাশ পোৱা কথা-বাৰ্তাই চিন্তাৰ গভীৰতা সূচায় বা দৈন্যতাৰ উলঙ্গ স্বৰূপ উদঙাই দিয়ে। অসমীয়াত এষাৰ কথা আছে -চৰাই মৰে ৰৈ, মানুহ মৰে কৈ। এইবোৰ অতি সোণসেৰীয়া কথা।
জীৱনত মানুহে বহু ঘটনা,পৰি ঘটনাৰ সন্মুখীন হয়। জীৱনত সন্মুখীন হোৱা এইবিলাক ঘটনাক কোনে কি ধৰণেৰে লয় বা গ্ৰহণ কৰে সেইয়া প্ৰত্যেকৰে নিজা নিজা অনুভৱৰ অভিব্যক্তি। কাৰণ, জীৱন মানেই হৈছে কিছুমান সজীৱ অনুভৱ। এই অনুভৱ বোৰক কোনে কিদৰে প্ৰকাশ বা বিকাশ ঘটাব পাৰিছে, সেইটো প্ৰত্যেকৰে নিজা নিজা ধৰণ। এই সজীৱ অনুভৱ বোৰক সঠিক ভাবে যথাস্থানত সংস্থাপিত কৰিব পৰা জনেই হৈ পৰে সবাতোকৈ জ্ঞানী মানুহ,আপোন মানুহ বা দৰদী মানুহ।
আনহাতে নিজৰ জীৱনৰ অনুভৱৰ অভিব্যক্তি খিনি বহিঃপ্ৰকাশত সূচাৰুৰূপে উপস্থাপন কৰিব নোৱাৰাৰ বাবে কোনোবা জনহৈ পৰে বিফল মানুহ।
মুখৰ কথাই কেতিয়াবা মানুহক বিপদৰ পৰা ৰক্ষা কৰিব পাৰে, আনহাতে মুখৰ কথাই কেতিয়াবা অনিচ্ছাকৃত ভাৱে বিপদলৈ ঠেলা মাৰি দিবও পাৰে। শিষ্টাচাৰ জনা তথা ধৈৰ্যশীল মানুহে সেইবাবে আগ পিছ গুণাগঁথা কৰিহে কথা কয়। সভাই সমিতিয়ে কথাকোৱাৰ পাছত জ্ঞানী জনে ভুলত্ৰুটি হ'লে দোষ মাৰ্জনা কৰিবলৈ শেষত আন্তৰিক গোহাৰি জনায়।আনহে নালাগে আমাৰ অসমীয়া সংস্কৃতিত নামৰ অন্তত অপৰাধ ভঞ্জনৰো কথা থাকে। নামষাৰ চৰ্চা কৰোঁতে হয়তো তাল,মান ,লয় আদিৰ লগতে শব্দৰ উচ্চাৰণতো দোষাদোষ হ'বপাৰে বুলি নামৰ অপৰাধ ভঞ্জন কৰে। এইবোৰ সংস্কাৰ।
সুললিত কথা বা সুৰে মানুহৰ মন আকৰ্ষণ কৰে। সেয়েহে বহুজনে সুৰৰ সাধনা কৰে।
কিন্তু সকলোৱে জানো সুৰৰ সাধনা কৰে, নিশ্চয় নকৰে। সকলো জানো গায়ক হ'ব পাৰে বা সুৰেৰে,গীতেৰে সকলোৱে জানো মন মুহিব পাৰে? কেতিয়াও সম্ভৱ নহয়। কিন্তু পৰিবেশ, পৰিস্থিতি অনুযায়ী আনক অসুবিধাত নেপেলোৱাকৈ বা মনত দুখ নিদিয়াকৈ প্ৰয়োজন নহ'লে নিশ্চয় নোকোৱাকৈ থাকিব পাৰে। সামাজিক মানুহ হিচাপে সেয়ে আমাক আত্মনিয়ন্ত্ৰণৰ প্ৰয়োজন হয়। কেৱল নিজৰ ইচ্ছা আকাংক্ষাক আগুৱাই নিয়াত গুৰুত্ব দি আনৰ প্ৰতি অনাসক্ত হ'লে বহুসময়ত বিপদত পৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।