Type Here to Get Search Results !

শিক্ষা

 পৰাগ কলিতা


শিক্ষা মানৱ জীৱনৰ লগৰী 

শিক্ষা মানৱ জীৱনৰ প্ৰহৰী

শিক্ষাই কৰি তুলিব পাৰে

মানুহক জ্ঞানৰ অধিকাৰী।

ডাইনী,কু-সংস্কাৰ আদিৰ দৰে অন্ধবিশ্বাস

সমাজৰ পৰা শিক্ষাই দূৰ কৰে

সু-নাগৰিক, সু-চৰিত্ৰ গঠনত

শিক্ষাই ভূমিকা পালন কৰে।

শিক্ষা মানৱ জীৱনৰ অমূল্য সম্পদ

শিক্ষাই হ'বলৈ নিদিয়ে অভাৱ জ্ঞানৰ

শিক্ষা মানৱ জীৱনৰ বাবে কৰে

মানসিক উৎকৰ্ষ সাধন।

শিক্ষা জ্ঞানৰ কঠিয়া

জীৱন গঢ়াৰ পাঠ

শিক্ষাই পোহৰ বিলাই দিয়ে

জ্ঞানৰ অন্য এক সুবাস।

শিক্ষা জীৱনৰ চালিকা শক্তি

এক জীৱনযোৰা চলা প্ৰক্ৰিয়া

শিক্ষা জীৱনৰ এক অবিচ্ছেদ্য অংগ

কেতিয়াও শেষ নোহোৱা যাত্ৰা।

শিক্ষাৰ জ্ঞানেৰে পোহৰ বিলাম বুলি

লওঁ এক সকলোৱে প্ৰতিশ্ৰুতি

শিক্ষাই অজ্ঞানক দূৰ কৰি 

কৰি তুলিব পাৰে জীৱনৰ পথ মুকলি।