Type Here to Get Search Results !

মই মনৰ জোখাৰে সুখী

 দ্ৰোণা চাৰ্য্য হাজৰিকা


সখিয়তী ঐ
তুমি অহাৰ কথা আছিল অহা নাই যে
তুমি যে সুধিছিলা মোৰ বিষয়ে
অকপতে কওঁ শুনা

বসন্তৰ বা লগা পৰত
পঢ়াশালিত  দেখিছিলো এজনী ধুনীয়া আজলি ছোৱালী
লৰালিতে প্ৰেমত পৰি
খুলি কলো  তাইক মনৰ বাতৰি
হম তোমাৰ জীৱনৰ লগৰী দিলে তাই সন্মতি
মই মনৰ জোখাৰে সুখী

এদিন নেদেখিলে বুকুত উঠে ধপধপনি
আঁতৰি থাকিব নোৱাৰি
আগ পাছ একো নগনি
আনি ললো তাইক আপোন কৰি
মই মনৰ জোখাৰে সুখী

অজাতি ছোৱালী বুলি
পৰিয়ালে মোক দিলে এঘৰীয়া কৰি 
নিৰবে আহিলো গুচি
মই মনৰ জোখাৰে সুখী

প্ৰতিনিয়ত মুখত হাঁহি বিৰিঙাই
তাই মোক সুখী কৰিব খোজে
মই বিচৰাতকৈয়ো বেচি মৰম
চাৰিওকাষে  সিচি দিয়ে
তাইৰ মাজতে পালো জীয়াই থকাৰ
চাবি-কাঠি
মই মনৰ জোখাৰে সুখী

যি আছে এটোকোৰা মাটি
ৰেলৱেৰ হাটুৰা পৰিলে যাব লাগিব আঁতৰি
মাটি নাই বুলি নাথাকো মন মাৰি
মই মনৰ জোখাৰে সুখী

নাই মোৰ কোনো  বিয়াগোম অট্টালিকা
বাঁহৰ কামিৰে সঁজা আছে এটি সৰু পজা
মৰমীৰ মৰমতে পমি
সপোন বোৰক তাতে জীপাল কৰি
মই মনৰ জোখাৰে সুখী

নাই মোৰ কোনো চৰকাৰী চাকৰি
সৰু সুৰা ব্যৱসায় কৰি
যোগাৰ কৰো তিনি বেলাৰ তিনি মুঠি
ঘৰৰ প্ৰয়োজনীয়তা খিনি
মই মনৰ জোখাৰে সুখী

ধনী মানুহৰ ঘৰলৈ গলে তুমি
একাপ লাল চাহ আৰু এখন বিস্কুট পাবা
মোৰ ঘৰলৈ আহিলে তুমি
চাহ মিঠাই মাছ মাংস সকলো পাবা
তৃপ্তিৰে খাওঁ খোৱাঁঁও আপ্যায়িত কৰি
মই মনৰ জোখাৰে সুখী

সখিয়তী ঐ
বহাগতে এপাক আহিবা
মই জানো মোৰ দৰেই তোমাৰো একে অৱস্থা
আমাৰ আকালো নাই
ভঁৰালো নাই
জানিবা শিকিবা
যি খিনি আছে সেইখিনিকে লৈ
মনৰ জোখাৰে সুখী থাকিবা

সখিয়তী ঐ
বহাগতে এপাক আহিবা
পাহৰি নাযাবা

          তালাপ , ৰে'ল পাৰা
          তিনিচুকীয়া
          ফোন-৬০০১৯৪৬২৪৩