সুৰভি বৰ পাত্ৰ গোহাঁই
বেলি উঠাৰ বাটেৰেই
নিতৌ গমন কৰে তেওঁ
কান্ধত ৰং তুলিকাৰ মোনাটো
সেই নিদিষ্ট গছজোপাৰ তলতে বহি
আঁকি যায় সময়ৰ ছবি ।
বেলি লহিওৱাৰ আগে আগে
টোপোলাটো সামৰে,
তেওঁ ভাল পায় মূৰৰ ওপৰৰ বেলিটো ।
এইদৰেই নিত্য নৈমিত্তিক গতি
নিত্য নৈমিত্তিক কাম,
বেলি উঠাৰ বাটেৰেই গমন
বেলি মূৰত উঠিলেই প্ৰত্যাগমন ।
কিমান যে আঁকিলে তেওঁ
ভিন্ন সময়ৰ ভিন্ন ছবি
কেৱল বেলিটোলৈ চাই
সামৰে কৰণীয় কামবোৰ ।
আজি এখন নতুন চিত্ৰ আঁকিব
খৰখেদা খোজেৰে গৈ
আৰম্ভ কৰিলে অংকণ ,
বোলাই গ'ল ৰং তুলিকা এফালৰ পৰা
কৰ্মত নিমগ্ন হৈ বেলিটোলৈ চাবলৈ
আহৰিয়ে নাপালে তেওঁ ।
বেলি লহিয়ালে
আন্ধাৰে আৱৰি ধৰিলে চৌদিশ
ৰং তুলিকাবোৰ
আৰু তেওঁৰ অংকিত চিত্ৰপট খন
অদৃশ্য হ'ল বেলিটোৰ লগে লগে
তেওঁক বেলিউঠাৰ বাটত কোনেও কাহানিও নেদেখিলে,
হয়তো বেলি যোৱাৰ বাটেৰেই
তেওঁ গুছি গ'ল অসীমৰ সীমনালৈ ।