দীপজ্যোতি বৰগোহাঞি (মাদুৰি )
অতীততে মঙ্গোলীয় সকলে পালন কৰি অহা বিভিন্ন বসন্ত উৎসৱৰ সমন্বয় ঘটি ১৩৯৭ খ্ৰীষ্টাব্দত স্বৰ্গদেউ চুডাংফা বা বামুণী কোঁৱৰৰ দিনত বিহু অসমীয়াৰ জাতীয় উৎসৱত পৰিণত হ’ল ৷আহোম ৰাজত্ব আৰম্ভ হোৱাৰ পাছৰ পৰা অৰ্থাৎ ১২২৮ খ্ৰীষ্টাব্দৰ পৰাই ইয়াৰ প্ৰথম প্ৰক্ৰিয়া আৰম্ভ হৈছিল ৷তদানীন্তন এই উৎসৱবোৰৰ নাম আছিল পিত্ত ,বিশু, বৈশাখী বিহু ইত্যাদি ৷বহু লেখকে বড়োসকলৰ ’বিশু’ৰ পৰাই বিহুৰ উৎপত্তি বুলি ক’ব খোজে ৷’নামে কি কৰিব গুণহে তৰাব’ ৰ দৰে ’বিহু ’শব্দটোৰ উৎপত্তি য’ৰ পৰাই নহওক কিয় ইয়াৰ মূলতে উৰ্বৰতা এক বিশ্বাস ৷’
১২২৮ খ্ৰীষ্টাব্দত সৌমাৰ খণ্ডত বসবাস কৰি থকা ক্ষুদ্ৰ ক্ষুদ্ৰ মঙ্গোলীয় জনগোষ্ঠী সমূহৰ বিভিন্ন প্ৰজাতিয়ে স্বকীয় পৰম্পৰাৰে পালন কৰি অহা বসন্ত উৎসৱত আহোম শাসনৰ সময়ত এক সমন্বয়ৰ সেতুৰে বান্ধি বিহুক জাতীয় উৎসৱলৈ পৰিণত কৰিলে ৷
আহোম জনগোষ্ঠীয়ে লগত লৈ অহা আখ্যান সমূহৰ ওপৰত আউজি স্বৰ্গদেউ সকলে সাতভনীৰ বিহু পাতিছিল ৷চৰাইদেউত ৰাজধানী স্থাপন কৰি চৰাইদেউত যেনেকৈ শক্তিশাল স্থাপন কৰিছিল ঠিক তেনেকৈ চৰাইদেউৰ কাষতে থকা নগা পৰ্বতৰ নামনিৰ চণ্টকৰ কাষত বিহুৰ বেদী প্ৰতিষ্ঠা কৰিছিল । বিহুবেদী প্ৰতিষ্ঠা কৰা বড় গছ বা আঁহত গছৰ পুলি ৰোপণৰ জড়িয়তে ৷
কলীয়াবৰতে বিহুখন আছিলে
চৰাইদেউত ল’লেহি ঠাই
গাঁৱৰ ডেকাই আদৰি আনিলে
ৰঙালী বিহুটি পায় ৷
বহাগ বিহুৰ উৎপত্তি আৰু আৰম্ভণি আছিল উজনি অসমত ৷স্বৰ্গদেউ চ্যুকাফাৰ আগমনেই বহাগ বিহুৰ আগমন ৷বৰ্তমান ম্যানমাৰ আৰু পূৰ্বৰ বাৰ্মা দেশত তাই গোষ্ঠীৰ সংস্কৃতি বহাগ বিহু পালন কৰাৰ বিষয়ে বিভিন্ন সূত্ৰৰ পৰা পোৱা যায় ৷বিহু সংস্কৃতিয়ে সম্প্ৰতি প্ৰসাৰতা লাভ কৰিছে । অসমৰ বাহিৰৰ বিহু সংস্কৃতিয়ে প্ৰচাৰ আৰু প্ৰসাৰ পোৱাটো পৰিলক্ষিত হৈছে ৷সেয়ে বিহু নামত গায়
“বিহুটি আদৰৰ ,বিহুটি সাদৰৰ বিহুটি আমাৰে প্ৰাণ
এনুৱা বিহুটি এৰিব লাগিলে
নাথাকে অসমীয়াৰ প্ৰাণ “
তাই মঙ্গোলীয় লোক সকলে বিশ্বাস কৰে যে বড়গছ ৰোপন কৰা কাৰ্যই হ’ল বিহু বেদী প্ৰতিষ্ঠা কৰা কাৰ্য ৷উল্লেখ্য যে মংগোলীয় লোক সকলে বড়গছ আৰু আঁহত গছক পবিত্ৰ দেৱবৃক্ষ হিচাবে গণ্য কৰি সকলো আনুষ্ঠানিক মাংগলিক কাম এই বৃক্ষদ্বয়ৰ ছত্ৰ ছায়াতে সমাপন কৰিছিল৷ বড়গছ আৰু আঁহত গছৰ তলত তাই আহোম সকলৰ পণ্ডিত "মহুঙ চাংবুন মপলং সকলে আজিও শক্তিশাল স্থাপন কৰি মাংগলিক কৰ্মসমূহ সমাপন কৰে ৷চণ্টকত বড়গছ ৰোপণ কৰি বিহুবেদী প্ৰতিষ্ঠা কৰাৰ বাবে ’বিহুবৰ “নামেৰে এটা অঞ্চল খ্যাত হ’ল ৷বিহুবৰৰ বিহু মেলালৈ অহা ছয়টা দেওবাট ৰজাঘৰৰ ফালৰ পৰা নিৰ্মাণ কৰাৰ কথা জনশ্ৰুতি বা কিম্বদন্তি পোৱা যায় ৷
ধনকলীয়া মনবলীয়া অ ’
ছয়াংৰ আলিয়ে গ’ল ৷
দৈয়াংৰ আলিয়ে গ’ল ৷
(ছয়াংৰ আলি হ’ল দেৱতা সকল বিহুবেদীলৈ অহা ছয়টি দেওবাট ৷যি বাটেৰে বিহু দেবতাক কলিয়াবৰলৈ অনা হৈছিল )সেয়ে বিহু নামত গোৱা হয়
মোৰ ধন কলীয়া আলাসৰ দেবতা
নিলক্ষত আছিলে ৰৈ (আছিলি ৰৈ )
ক’লিমতীক লগ পাই
ৰঙালী লগে লৈ
কলীয়াবৰতে ৰ’লেনা ঐ?(ৰলিনা ঐ)
১২১৫ খ্ৰীষ্টাব্দৰ পৰা ১২২৮ খ্ৰীষ্টাব্দলৈ সূদীৰ্ঘ সময়ছোৱা বিভিন্ন দুৰ্যোগৰ মাজেদি কটাই স্বৰ্গদেউ চ্যুকাফাই যেতিয়া সৌমাৰ খণ্ডত প্ৰৱেশ কৰি চৰাইদেউত স্থায়ী ৰাজধানী স্থাপন কৰিলে তেতিয়া তেওঁৰ লগত থকা মহিলা সকলৰ মুুখেৰে বিহু উৎসৱৰ কথা তেওঁ চাবলৈ হেঁপাহ কৰিলে কাৰণ মংগোলীয় সকলৰ প্ৰায় সকলো লোকেই বিহুক বিভিন্ন নামেৰে ’বসন্ত উৎসৱ ’হিচাপে পালন কৰিছিল ৷১৩৯৭ খ্ৰীষ্টাব্দত চুডাংফাৰ ৰাজ্যভিষেকৰ উৎসবৰ শিঙৰি ঘৰলৈ অহাৰ পুৰ্ৱে আছিল পথাৰৰ মাজো গছৰ তলত ৷উল্লেখ্য যে সেই সময়ত গাভৰুৰ বিহুতলীৰ নিৰ্দিষ্ট সীমালৈকে পুৰুষৰ প্ৰৱেশো ঘটিছিল । পুৰুষ আহি গাভৰুৰ বিহুতলীৰ কাষ চপাৰ লগে লগে বিহুৰ মাদকতা আৰু বাঢ়ি গ’ল ৷১৩৯৭ খ্ৰীষ্টা্ব্দত বিহু আহি শিঙৰি ঘৰ হৈ স্বৰ্গদেউৰ চোতালৰ লগতে ডা-ডাঙৰীয়াৰ ঘৰ পোৱাৰ পাছত বিহুৰ এক নতুন অধ্যায় সূচনা হ’ল ৷বিহুৱে ৰাজপৃষ্ঠপোষকতা পালে ৷এৰিব লগা হ’ল গছৰ তলত গোৱা স্বতফুতঃ সেই প্ৰকৃতিৰ বুকুত বিচাৰি পোৱা মাটিৰ গন্ধ থকা বিহু নাম বোৰ গাব ল’গা হ’ল
স্বৰ্গদেউ ওলালে বাটচৰাৰ মুখলৈ
দুলীয়াই পাতিলে দোলা
কান্ধত জিলিকিলে নৰা জাংফাই
গাতে গোমেচেংৰ চোলা
আৰু ডা-ডাঙৰীয়াৰ চোতালত গোৱা হ’ল
দেউতাৰ বৰেঘৰ দেখোঁতে ভয়ংকৰ
শৰণ খেৰ মেলিঐ চায়
শৰণ খেৰ মেলিঐ চায়
মুগাৰে বটিয়া নকৈ গাঁথনি
সৰিয়হ পিছলি যায় ৷
ইতিহাসৰ পাত মেলিলে আমি দেখোঁ যে;অতীতৰ বিহুত কেৱল পাইক সকলেই অংশগ্ৰহণ কৰিছিল ৷ৰাজন্য বৰ্গ বা অমাত্য সকলে বা ৰাজবিষয়া সকলে ইয়াত অংশগ্ৰহণ কৰা নাছিল ৷আহোমসকলৰ শ্ৰেণী বিভাজন নীতিয়ে ইয়াত ক্ৰিয়া কৰিছিল । সাধাৰণ পাইকৰ লগত এওঁলোকে একেলগে বিহু মৰা কাৰ্যই আভিজাত্যত আঘাত হানিব বুলি ভয় কৰিছিল ৷কিন্ত অমাত্য বা ডা_ডাঙৰীয়া সকলে টোপহ ককাৰ দিনৰ পৰম্পৰা ৰক্ষা কৰি নিজে অংশগ্ৰহণ নকৰিলেও ৰাজ অনুগ্ৰহ দান কৰাত কাপণ্য কৰা নাছিল ৷ব্ৰাহ্মণ পুৰোহিত সকলে বেদৰ বিধানমতে বিহু পালন কৰিছিল।সামন্ত্য বা মধ্যযুগত ৰজা -ডা-ডাঙৰীয়া আদিক তোষামোদ কৰিবৰ বাবে তেওঁলোকৰ চোতালত হুছৰি গাই আৰ্শীবাদ দিয়াৰ পিছৰ পৰাই সকলোৱে চোতালত হুছৰি গোৱাৰ পৰম্পৰা সৃষ্টি হ’ল ৷তেতিয়াৰ পৰাই স্বৰ্গদেউ বাটচ’ৰাৰ মুখলৈ ওলোৱাৰ হিচাপ ৰখা হ’ল।