সবিতা বৰুৱা ফুকন
কেতিয়াবা সি মোৰ
শুৱনি কোঠাত
সোমাই বিচাৰি চলাথ কৰে
মোৰ অনাথ টোপনিবোৰ
কেতিয়াবা মোৰ ৰান্ধনি শালখনত সোমাই
উচুপি উঠে.... ,
সি মোৰ আজন্ম অতিথি
মোৰ হৃদয়ৰ প্ৰতিটো
কোঠালিতে তাৰ অবাধ
বিচৰণ...।
নিৰ্জন ৰাতিবোৰত সি
মোৰ কিতাপৰ টেবুলত বহি
ঐনিতম এটি গুণ-গুণাই..
একান্ত নিঠৰুৱা নোহোৱা হ'লে,
তাক মই পাহাৰৰ নামনিত
এৰি থৈ আহিব পাৰিলেহেঁতেন
কেতিয়াবা ভাব হয়...!
দিচাংৰ বুকুতে এৰি থৈ
আহোঁ নেকি ?
সাগৰলৈ উজাই যাব ।