Type Here to Get Search Results !

ব'হাগ

 



অসমীয়া বছৰৰ প্ৰথম মাহ ব'হাগ। এই মাহৰ আৰম্ভণিৰ সৈতে আহে অসমীয়া চেনেহৰ ৰঙালী বিহুটি। ব'হাগৰ আগমণৰ লগে লগে প্ৰকৃতিলৈ বহু পৰিবৰ্তন আহে। এই সমূহৰ ভিতৰত লঠঙা গছে কুঁহিপাত মেলে, আমে মলিয়াই, কঠালে মুচি পেলায়, কুলি-কেতেকী মাতে, বৰষা নামি আহে, ন-পানী ফুটে, ডেকা-গাভৰুৰ মন আনন্দত নাচি উঠে, পথাৰো চহাবৰ বাবে উপযোগী হৈ পৰে। এনেকৈয়ে পৰিৱেশ আৰু প্ৰকৃতিৰ পৰিবৰ্তনে বহু সম্ভাৱনা কঢ়িয়াই আনে। আমাৰ জাতীয় উৎসৱ ৰঙালী বিহুক  যেনেদৰে অসমীয়াই আদৰো ভাৰতৰ বিভিন্ন ৰাজ্যতো এই ব'হাগ বা বসন্তক আদৰে তেওঁলোকৰ ৰীতিগত প্ৰথাৰে।
  ব'হাগক এৰি অসমীয়া জন-জীৱনৰ কথা আমি ভাৱিবই নোৱাৰোঁ-
 সুধাকন্ঠ ভূপেন হাজৰিকা দেৱে সেয়ে গাইছে-
 ব'হাগ মাথো এটি ঋতু নহয়
নহয় ব'হাগ এটি,
অসমীয়া জাতিৰ আয়ুসৰেখা
গণ-জীৱনৰ ই সাহ।

পুনৰ তেওঁ গাইছে-
বিহুটি বছৰি আহিবা
অসমী আইকে জগাবা
বিপদৰ কালতো মাহ-সালধিৰে
জাতিটো দেহ-মন ধোৱাবা।

ব'হাগৰ নৱ-পৰশত সকলো পৰিয়াল কুশলে থাকক তাৰে আশাৰে-

অৰুণ কোঁৱৰ
সম্পাদক-সমলয়
১/৫/২০২৪