Type Here to Get Search Results !

পথাৰ

 এছ ইছলাম 


পথাৰত প্ৰখৰ ৰ'দৰ উত্তাপ 
আওকাণ কৰি কৃষকে 
পথাৰখন চাহ কৰে, 
পথাৰতেই কৃষকৰ সপোন
গাভৰু শইচবোৰে
জীৱনৰ পাতনি মেলে। 

পথাৰত কঠিয়াৰ উত্তৰণ ঘটাই 
পথাৰখন সেউজীয়া কৰে
পথাৰৰ লেপথেপীয়া 
বোকাপানী খচি গাৰ ঘাম মচি
ভুঁই ৰুৱে। 

পথাৰত কঠিয়াই ঠন ধৰি 
লহপহ কৈ বাঢ়ে
গাভৰু থোকবোৰে 
বতাহত হালে-জালে 
লখিমী আইয়ে 
মিচিকিয়াই হাঁহে। 

কুঁৱলীৰ আৱৰণ ফালি 
পুৱতিৰ ৰ'দজাক গাত লৈ
বিৰিয়াৰ ৰুণ্ জুন্ শব্দেৰে 
গাঁৱলীয়া পথ সুসজ্জিত কৰে।

আইতাই মূৰ দোঁৱাই 
কৃষকৰ সপোনৰ ভেঁটিত
জীৱনৰ ৰং বিচাৰি পায়, 
আইতাই চোতালখন মচি 
লখিমী আইক 
আদৰি আনে স্বগৃহলৈ
সাঁচি থ'ব শীতল ভঁৰালত। 

প্ৰভুৰ শ্ৰীচৰণত ভক্তিভাৱে
ন-খোৱা লগে ভাগে খাই 
প্ৰশান্তি লভে গৃহস্থই
পথাৰতেই কৃষকৰ 
ভৱিষ্যতৰ সপোন গঢ়ে।

শিক্ষক  পঃমইনবৰী বৰপেটা