Type Here to Get Search Results !

বিহু সুৰীয়া গীত

 তুলিকা বৈশ্য দাস


কুলিয়ে মাতিলে ...

কুঁহিপাত ওলালে ঐ...

ঐ বসন্তই সজালে  ঐ ...ধৰা...


ঢোলটি বজাই বজাই...

চেনায়ে মাতিছে ঐ...আহা জানমণি...

ও বিহু নাচোঁ গৈ আহা...


ন সাজে ওলালোঁ , আহা চেনাই কাষলৈ...

লাড়ু-পিঠা-জলপান খাই , বিহু মাৰোঁ গৈ...হেই...


ধিনিকি ধিন্ দাও...

ধিনিকি ধিন্ দাও 

ঢোলটি কোবাই

আহা চেনাই আহা চেনাই

বিহু নাচোঁ গৈ...


কেৰু-মণি-থুৰীয়া 

গামখাৰু পিন্ধি লৈ

ও চেনাই ও চেনাই

ৰৈ আছোঁ তোমালৈ...

আহা চেনাই আহা চেনাই

বিহু নাচোঁ গৈ...হেই...ধিনিকি ধিন্ দাও... 


লৈ আছোঁ কপৌফুল...

ৰৈ আছোঁ তোমালৈ...

আহা চেনাই আহা চেনাই

খোপাত গুজি দিবলৈ...

আহা চেনাই আহা চেনাই

বিহু নাচোঁ গৈ...হেই...ধিনিকি ধিন্ দাও...


ও ... আহা চেনাই কাষলৈ...

ৰৈ আছোঁ তোমালৈ...

বিহুৱান দিবলৈ...

ও ... আহা চেনাই কাষলৈ...

বিহুৱান ল'বলৈ...

আহা চেনাই আহা চেনাই

বিহু নাচোঁ গৈ...হেই...ধিনিকি ধিন্ দাও...


হেই... কঁকাল ঘুৰাই ঘুৰাই , এই নাচা নাচনী

কঁকাল ভাঙি ভাঙি , এই নাচা ঐ নাচনী

ও বিহুতলিৰ ৰাইজলৈ ...

জনাওঁ আহা সেৱা...

ৰঙালীত পাতিছে একতাৰ মেলা...হেই...


কঁকাল ঘুৰাই ঘুৰাই নাচা নাচনী

কঁকাল ভাঙি ভাঙি নাচা....হেই...


কঁকাল ঘুৰাই ঘুৰাই নাচা নাচনী

কঁকাল ঘুৰাই ঘুৰাই নাচা...


গুৱাহাটী , সোণাপুৰ