Type Here to Get Search Results !

"বিহু আৰু বিহুগীতত দিচাং আৰু দিখৌ নদী

  সবিতা বৰুৱা ফুকন


অসমৰ লোকসংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ হ'ল বিহু ।বিহু হ'ল সম্পূৰ্ণ ভাৱে এক কৃষি ভিত্তিক জনজাতিৰ সম্প্ৰীতিৰ উৎসৱ। প্ৰধানতঃ বিহুৰ বুকুতেই জীপাল হৈ আছে অসমীয়া জাতীয় ঐতিহ্য আৰু বৈশিষ্টৰে বিভূষিত বিভিন্ন বিনন্দীয়া কলা কৃষ্টিৰ উপাদান। 
বিহু অষ্টিক জাতিৰ অৱদান ।বহু হাজাৰ বছৰৰ আগতে হোৱাং হো আৰু ইয়াং চিকিয়াং নদীৰ পাৰৰ পৰা কিছুমান মানুহ গংগা আৰু ব্ৰহ্মপুত্ৰ নদীৰ উপত্যকা লৈ আহিছিল । এওঁলোক কৃষি জীৱী আছিল ।হয়তো সেই বাবেই বাচি -বিচাৰি লৈছিলহি নদী -উপত্যাকা  । এই কৃষি জীৱী লোকসকলেই অষ্টিক বুলি জনা গৈছিল ।  পণ্ডিত সকলৰ মতে অষ্টিকসকলৰ পিছত আলপআইনসকল ব্ৰহ্মপুত্ৰ উপত্যকালৈ আহে। এই আলপাইন সকলৰ নিজস্ব সাংস্কৃতিক প্ৰভাৱে অষ্ট্ৰিক সংস্কৃতিক কিছু সালসলনি কৰাৰ লগতে অষ্ট্ৰিক সকলৰ দুই উৎসৱকো সালসলনি কৰি কিছু নতুন আৰু বিস্তৃত ৰূপত ৰূপায়িত কৰে । আলপাইন সকলে দিন মাহ গণনা কৰিব জানিছিল। দিন -মাহ গণনাৰ পিছত তেওঁ লোকে এই দুই উৎসৱ চ'তৰ সংক্ৰান্তি আৰু পুহৰ সংক্ৰান্তিত পালনৰ দিহা কৰিছিল । মান্য জনক সেৱা-সৎকাৰ কৰা প্ৰথাও এই আলপাইন সকলেই সৰ্বপ্ৰথমে প্ৰচলন কৰে বুলি পণ্ডিতসকলে মত প্ৰকাশ কৰে   এওঁ লোকৰ পিছত বিহুৰ ক্ৰমবিকাশৰ পথত ইন্ধন যোগায় তিব্বত-বৰ্মী সকলে। তিব্বত-বৰ্মী সকলৰ পিছত ত্ৰয়োদশ শতিকাত আহোম সকল অসমলৈ আহি বিহু উৎসৱক অভিনৱ ৰূপ দিলেহি  ।

"বিহু" শব্দটো টাই-আহোম সকলৰ 'পি-হু' বা 'প ই -হু ' শব্দৰ পৰাই অহা বুলি অনুমান কৰা হয় । বিহুৰ বিৱৰ্তনৰ সুদীৰ্ঘ পৰিক্ৰমাত এসময়ত এচাম শিক্ষিত লোকৰ দ্বাৰা বিৰূপ সমালোচনাৰ সম্মুখীন হৈয়ো উত্তৰণৰ দিশত আহি এক অপূৰ্ণ জাতীয় কৃষ্টিৰ ৰূপত প্ৰতিষ্ঠিত হ'ল  । সুদূৰ পাটকাইৰ সিপাৰৰ পৰা অহা আহোম প্ৰশাসক সকলৰ পৃষ্ট পোষকতাত বিহুৱে জাতীয় উৎসৱৰ মৰ্যদা লাভ কৰিলে।  

বিহু উৎপত্তি সন্দৰ্ভত বিশেষজ্ঞ সকলে, ড০ মহেশ্বৰ নেওগ, ড০ প্ৰফুল্ল দত্ত গোস্বামী, ধ্ৰুৱজ্যোতি দাস,ড০ লীলা গগৈ কে আদি কৰি বিভিন্ন জনে বিভিন্ন অভিমত প্ৰকাশ কৰিছে ।  যি কি নহওঁক,বিহু উৎপত্তি সন্দৰ্ভত বিশেষজ্ঞ সকলৰ মতামত গ্ৰহণ কৰি আমি ক'ব পাৰোঁ যে আমাৰ বিহু তিনিটা  ।  
১ /ব'হাগ বিহু বা ৰঙালী বিহু
২ /মাঘ বিহু বা ভোগালী বিহু
৩ /কাতি বিহু বা কঙালী বিহু

প্ৰত্যেক টো বিহু উদ্ যাপনৰ লগত সাঙোৰ খাই আছে ভালে সংখ্যক সুনিৰ্দিষ্ট লোকাচাৰ, ভাববোধ, লোকবিশ্বাস,সংকল্প,ৰং ৰহইচ,খেল -ধেমালি আৰু নৃত্য -গীতৰ অনুষ্ঠান । এই বিলাক অৰ্থনৈতিক, সামাজিক, ধাৰ্মিক আদি বিভিন্ন দিশৰ অনেক প্ৰয়োজনীয় উদ্দেশ্যৰ সম্পূৰক আৰু গঞা -ৰাইজৰ মংগল কামনা, সামাজিক বন্ধন আৰু ঐক্য -সংহতি, সম্প্ৰীতি আদিৰ তাপৰ্য্য নিহিত হৈ আছে বিহু কেইটা উদযাপনৰ কাৰ্যকলাপ তথা লোকাচাৰ বোৰত ।
অসমীয়া জাতিয়ে আটাইতকৈ অধিক ৰং ,ৰস ইচেৰে  উদযাপন কৰা বিহুটিয়েই হ'ল ব'হাগ বিহু বা ৰঙালী বিহু,যিটো চ'ত -ব'হাগৰ দোমাহীত আৰম্ভ হয় । ই বসন্ত ঋতুত উদযাপিত হোৱা বাবে বসন্তোৎসৱ বুলিও কোৱা হয় ।  এই বিহুৰ সময়ত প্ৰকৃতিৰ বুকুত সৰ্বত্ৰ নৱ জীৱন আৰু যৌৱনৰ লহৰ উঠে  । পল্লৱিত হয় প্ৰকৃতি, উদ্ভিদ জগত,প্ৰাণী জগত ।সেউজ কোমল কুঁহিপাতে গছ -লতিকা সুশোভিত কৰি তোলে  । কুলি, কেতেকীৰ মাতত চৌদিশ বিৰাজমান হয় অমিয়া সুৰৰ মায়াজালত  । 

    বিহু বুলিলে গা সাতখন-আঠখন নকৰা অসমীয়া নাই বুলিলেও হয় । 
'গচকত ভাঙি যাওঁ যঁতৰ'  চিতেৰে ঢপলিয়াই গৈ গছতলত বিহু মাৰেগৈ ডেকা-গাভৰুহঁতে। স্বৰ্গীয় সুৰ সংগীতৰ মূৰ্চনা তোলে ঢোল, পেঁপা ,গগনাৰ মাতে।  হুঁচৰি গোৱা ৰাইজৰ পদধূলিয়ে প্ৰতিঘৰ গৃহস্থৰ চোতাল পৱিত্ৰ কৰাৰ লগতে ৰং ধেমালিৰ অমিয়া নৃত্য গীতৰ পোহাৰ মেলে  । নতুন বছৰৰ আশীৰ্বাদ লৈ ধন্য হয় প্ৰতিঘৰ গৃহস্থ । সেয়ে এই ব'হাগ বিহুটি অসমীয়াৰ প্ৰাণৰো প্ৰাণ  । সেয়েহে কালজয়ী শিল্পী ড০ ভূপেন হাজৰিকা দেৱে সুললিত সুৰত গাইছে .....

"ব'হাগ এটি মাথোঁ ঋতু নহয়
নহয় ব'হাগ এটি মাহ,
অসমীয়া জাতিৰ ই
আয়ুস ৰেখা,
গণজীৱনৰ ই সাহ । "
ব'হাগ বিহু অসমৰ জাতীয় লোক সংস্কৃতিৰ ভঁৰাল স্বৰূপ। বিহুৱেই অসমীয়া জাতিৰ সংস্কৃতি আৰু সভ্যতাৰ বৰমজিয়াখন এদনীয়া ভাৱে দখল কৰি আছে। ইয়াৰ মাজতেই অসমীয়া জাতিৰ অস্তিত্ব জড়িত হৈছে। অসমীয়া জাতিৰ প্ৰাণৰ সৰ্ব উচ্ছাহ, সৰ্ব অনুভূতি উন্মুক্ত ভাৱে উদ্দাম গতিৰে প্ৰৱাহিত হয় এই ব'হাগ বিহুতে। প্ৰকৃতিৰ মন মতলীয়া পৰিৱেশৰ উন্মাদনাত বিভিন্ন লোক সমাজে পৰিৱেশন কৰি অহা গীত-মাত , নৃত্য আৰু পৰম্পৰাগত ভাৱে প্ৰচলিত হৈ অহা জনবিশ্বাস আৰু লোকাচাৰ আদি উপজীব্য ও অসমৰ জন সংস্কৃতিৰ সমৃদ্ধ কৰিছে। সেয়ে বিহুৱা সকলে গায়---
‌‌                 "লুইতৰ বালিতে কঁহুৱা ফুলিলে
                       ফুলিলে শিমলুৰ ফুল
                   আই অসমীয়া সবাকো আদৰে
                        নিবিচাৰি জাতি কূল। "
প্ৰকৃতিক সৌন্দৰ্যৰে অতুলনীয় ৰূপহী অসমী আইৰ বুকুত নৈ উপনৈ, জান-জুৰি নিজৰাৰ সুৰধ্বনিয়ে সৌন্দৰ্যৰ সুষমা ঢালিছে। অসংখ্য নৈ, নিজৰাৰ অৰিহণা বুকুত বান্ধি চিৰি লুইত সমুদ্ৰমুখী গৰ্জন মুখৰিত জনপ্ৰৱাহলৈ ৰূপান্তৰিত হোৱাৰ দৰে এই জাতীয় উৎসৱৰ প্ৰৱল প্ৰবাহে অসমৰ কোটি কোটি মানুহক সম্প্ৰীতিৰ  বান্ধি ৰাখিছে। অসমৰ দুখন সুপ্ৰাচীন নদী হ'ল ব্ৰহ্মপুত্ৰ আৰু বৰাক ।প্ৰায় এশৰো অধিক উপনৈয়ে ব্ৰহ্মপুত্ৰক চিৰযৌৱনপ্ৰাপ্ত কৰি ৰাখে। এই মহাবাহু ব্ৰহ্মপুত্ৰ‌ বা লৌহিত্যৰ প্ৰধান উপনৈ হ'ল দিখৌ।
             দিখৌ শব্দটো বড়োসকলৰ অৱদান। বড়ো ভাষাত 'দি' মানে পানী, 'খৌ' মানে 'দ' অৰ্থাৎ দ পানী। দিখৌ নৈ আন নৈৰ তুলনাত বেছি দ আৰু ইয়াৰ গৰা অন্য নৈৰ তুলনাত ডেৰগুণ ওখ। টাই ভাষাত ইয়াৰ নাম নামচাই। নগা পৰ্বতৰ চেমা অঞ্চলৰ ২৬°৫' উত্তৰ অক্ষাংক্ষ আৰু ৯৮°৩৩' পূৱ দ্ৰাঘিমাংশত উৎপত্তি হৈছে এই নদী। ভূ-প্ৰাকৃতিক অধ্যয়নৰ মতে দিখৌৰ মূল সুঁতিটোৰ হ'ল ম্যানমাৰ আৰু টেনাচিৰাম পাৰ্বত্য অঞ্চল। জুনহাবেট জিলাৰ ১২৫৫ কিঃমিঃ ঘন অৰণ্যৰাশিৰে ঘেৰি আছে। এই ঘন অৰণ্যৰ মাজত, সাগৰ পৃষ্ঠৰ পৰা ১৮২৩ মিটাৰ উচ্চতাত থকা চেমা নামৰ ঠাইখনেই হ'ল দিখৌৰ উৎসস্থল। উৎস ভূমিত দিখৌৰ নাম লংগা।
             ঠিক সেইদৰে মহাবাহু ব্ৰহ্মপুত্ৰৰ আন এখন প্ৰধান উপনৈ হ'ল দিচাং। দিচাং নৈখন অৰুণাচলৰ পৰা আহি অসমৰ শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাৰ সীমাৰূপে কিছুদূৰ বৈ পাছত শিৱসাগৰ জিলাৰ মাজেদি গৈ ব্ৰহ্মপুত্ৰত পৰিছে। নৈখনৰ উৎস স্থান হ'ল অৰুণাচলৰ টিৰাপ জিলাৰ দক্ষিণ অংশৰ পাটকাই পৰ্বতৰ ২৬০০ মিটাৰ ওখ পাটকাই বুম শৃংগ। বিহুৰ অন্যতম অংগ হ'ল বিহুগীত আৰু বিহুনাচ। এই বিহুগীত আৰু বিহু নাচবোৰত অসমৰ বিভিন্ন নদীবোৰে বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। এই নদীসমূহৰ ভিতৰত দিচাং আৰু দিখৌৰ নাম বিশেষ উল্লেখযোগ্য। অসমীয়াত প্ৰধানকৈ কৃষিজীৱি লোকৰ জাতীয় ঐতিহ্য বিহুগীতত আৰু বিহু নাচৰ মাজত অসমীয়া জাতীয় জীৱনৰ সংস্কৃতি, কৃষ্টি সভ্যতাৰ জ্বলন্ত নিদৰ্শন প্ৰতিভাত হৈ আছে। বিহুগীত, প্ৰেমৰ গীত, সৌন্দৰ্যৰ গীত, চহা সহজ-সৰল মানুহৰ মুখে মুখে প্ৰচলিত হৈ অহা বিহু গীতবোৰত অসমীয়া সমাজৰ, অসমীয়া মানুহৰ সৌন্দৰ্য স্পৃহা, চিন্তা, ধাৰণা, আশা-আকাংক্ষাৰ ছবি সুন্দৰভাৱে প্ৰতিফলিত হয়। এই বিহুগীত বিলাকত অসমৰ বিভিন্ন নদ-নদীৰ ভূমিকা বিশেষ মন কৰিব লগীয়া------
            "নৈৰ পাৰে পাৰে         নলৰে গজালি 
                          তাতে ক'লা গৰু চৰে,
              নাচনীৰে মূৰতে।        গুটি ফুলৰ ‌গামোছা
                          পখিলা উৰাদি উৰে।"

       নদীৰ পাৰক তুলনা কৰি বিহুৱেই গোৱা এনেবোৰ গীতত ‌গাভৰু নাচনীৰ মন উচাতন কৰে। গীতৰ সুৰে সুৰে, তালে তালে, ছন্দে ছন্দে, মন ‌উৰোঁ উৰোঁ কৰে। অসমৰ বিভিন্ন নদ-নদীৰ লগতে এই বিহুগীত বোৰত দিখৌ আৰু দিচাং নদীয়ে বিশেষ স্থান অধিকাৰ কৰি আহিছে। উদাহৰণ স্বৰূপে আমি দেখিবলৈ পোৱা কেইটামান বিহুগীত এনেধৰণৰ-----
      "দিখৌ মুখত দেখিলো      কোম্পানীৰ জাহাজ ঐ
                            লুইতে ভটিয়াই গ'ল,
       চেনাইৰে লগতে                পীৰিতি কৰোঁতে
                            খুঁটিৰ ম'হ বিকৰে গ'ল। সেইদৰে-------
     "দিখৌ গুমে গুমাই           কোম্পানীৰ জাহাজ ঐ     
                         ঢেকী গুমেগুমাই থোৰা,
      বুকু চমেচমাই                   মন কুৰুলিয়াই
                          গাভৰু হ'বৰে পৰা।"
      "লুইত পাৰ হ'লোঁ              দিখৌ পাৰ হ'লোঁ
                           জিৰালো কলিয়াবৰত,
       তোমাকো বিচাৰি             এৰো ঘৰে বাৰী 
                          নেথাকো ডিব্ৰুগড়ত ।"
দিখৌ নদীক কেন্দ্ৰ কৰি গোৱা এনেবোৰ বিহুগীতৰ মাজত ডেকা -গাভৰুৰ উদ্দাম যৌৱনৰ প্ৰেম ভাৱ সুন্দৰভাৱে প্ৰকাশ হৈছে ।বিহু নামৰ মাজত এই নদীবোৰ জিলিকি উঠে কাব্যিক পৰশ লৈ। প্ৰকৃতিৰ মধুৰ পৰশ, পৰিৱেশৰ উজ্বল ছবি বিহু গীতৰ মূল কথাটো ক'বলৈ তুলনামূলক চিত্ৰটো অংকন কৰোতে নৈৰ সুকীয়া সুকীয়া বৈশিষ্ট্য ই দেখা দিয়ে ।দিখৌ গুমেগুমাই অহা কোম্পানীৰ জাহাজ, কাব্যিক ৰহণেৰে  উজ্বলাই তুলিছে  ।
 দিখৌ নদীক কেন্দ্ৰ কৰি গোৱা আৰু কিছুমান বিহুগীতত আমি দেখিবলৈ পাওঁ, অসমীয়া সমাজৰ খাদ্যত ব্যৱহাৰ হোৱা পাচলি ঢ়েকীয়াৰ এক মধুৰ বৰ্ণনাত....

"দিখৌ নৈ পাৰৰে
                থোৰালি ঢ়েকীয়া
নিতৌ চাৰি আঙুল বাঢ়ে
তোলৈ লাহৰি  
            মনতনো পৰিলে
ৰাতিও টোপনি নাহে ।"
 বিহুগীত যৌন জীৱনৰ অভিব্যক্তি। চেনাই, লাহৰি , ধন আদি সম্বোধন বোৰৰ ব্যৱহাৰে যৌন জীৱনৰ আবেগ-অনুভূতি প্ৰকাশ কৰে। তাৰোপৰি দিখৌ নদীৰ পাৰৰ এখন মনোৰম চিত্ৰৰ মধুৰ সমন্বয় দেখিবলৈ পোৱা যায়। 
         প্ৰকৃতি ঈশ্বৰ পুৰুষৰ আকৰ্ষণ সৃষ্টিৰ আদিম সত্য। যৌৱনৰ উন্মাদনাই যেতিয়া জীৱনলৈ এবুকু নতুন আশা লৈ আহে তেতিয়া গাভৰুৰ মুখ,চকু, ওঁঠ আদিত সৌন্দৰ্যৰ সপোন দেখে। তেতিয়া হয়তো বুকুৱে বুকুৱে কথা জানিবলৈ বিচাৰে,  দুটি জীৱন এটি হৈ যোৱাৰ অমূৰ্ত বাসনা জাগি উঠে। তেতিয়া প্ৰণয়ৰ পূৰ্বৰাগত মনবোৰ মাখন কোমল হৈ পৰে। তেতিয়া প্ৰণয়িনীৰ দৃষ্টি কেন্দ্ৰীভূত হৈ পৰে কোনো এক নিৰ্দিষ্ট বিন্দুত----- নিৰ্দিষ্ট ব্যক্তিত, তেতিয়া পৃথিৱীৰ সমূহ সৌন্দৰ্য আহি তাতে থূপ খায়।
          সৃষ্টিৰ আদিম পীৰিতি প্ৰকৃতি আৰু পুৰুষৰ পীৰিতি। ঈশ্বৰ আৰু মানুহ , মানুহ আৰু যৌৱন, যৌৱন আৰু যৌন শক্তি--- সেয়ে পীৰিতি, ইহঁতৰ সম্পৰ্ক অনবদ্য। পীৰিতি আবেগত উথলি উঠা মনত আঁৰ নাথাকে। নিজম পৰিৱেশৰ সুবিধা লৈ মনৰ তলৰ গোপন কথাবোৰ হিয়া উদিয়াই কৈ দিব খোজে বিহুৰ গীতত এনেকৈ --------
"দিখৌ নৈ এৰিব     পাৰো মই  লহৰী
         জাঁজী  নৈ এৰিব পাৰোঁ
তোমাৰে পীৰিতি     এৰিব নোৱাৰোঁ
         নেখাই থাকিব পাৰোঁ।"
 ডেকা‌-গাভৰুৰ অভিন্ন প্ৰেমৰ জৰী চিৰযুগমীযা কৰি তোলাৰ মানসেৰে‌ গোৱা এনেবোৰ বিহুগীতৰ মাজত দিখৌ নদীক তুলনা কৰিছে।  কিয়নো দিখৌৰ গভীৰতা যেন প্ৰেমৰ গভীৰতা প্ৰতিষ্ঠিত হয়।

         ঠিক সেইদৰে পিতৃ-মাতৃৰ প্ৰতি থকা অতুলনীয় স্নেহ ভালপোৱাৰ কথা দিখৌ নদীক তুলনা কৰি গোৱা বিহুগীতত এনেদৰে প্ৰকাশ হৈছে।

" সৰুতে পিতাদেউ   জকাই সাজি দিয়া 
      নালতো বিন্ধিলে  ঘূণে,
 দিখৌ পাৰে কৰি   দিয়া বিয়া কৰি
      সৰু মাছ মাৰিব কোনে।"

"দিখৌ নৈ ইপাৰে    দিখৌ নৈ সিপাৰে 
       কোনে দিয়ে যাব সাঁকো,
কোনে দিয়ে যাব    ৰাঁচ দোৰেপতি
        কোনে দিয়ে যাব মাকো।"

        এনেদৰে বিহুগীতৰ মাজেদি গাভৰুবিলাকে নিজৰ   জন্মদাতা পিতৃ-মাতৃক এৰি আন এঘৰৰ বোৱাৰী হৈ যাবলৈ ওলোৱাত অন্তৰৰ বিৰহ-বেদনা দিখৌ নদীক তুলনা কৰি প্ৰকাশ কৰা হৈছে। দিখৌ যৌৱনৰ প্ৰতীক। দিখৌ নদীক কেন্দ্ৰ কৰি গোৱা বিহুগীতবোৰৰ ভিতৰত আন এটা নতুন চামৰ ডেকা শিল্পী সীমান্ত শেখৰে গোবা এটা অতি মনোৰম বিহুগীত হ'ল --
     "দিখৌ নৈও এৰিব নোৱাৰো 
      জাঁজী নৈ এৰিব নোৱাৰো 
      মৰম মই এৰিব নোৱাৰো
      মৰিবও নোৱাৰো, নোৱাৰো...।"
এই জনপ্ৰিয় বিহুগীতটিয়ে কৈ যায় দিখৌৰ কথা। দিখৌৰ আছে এক বিশেষ চৰিত্ৰ । একোৱেই এৰিব নোৱাৰে,
মৰিবও নোৱাৰে,মৰমক আওকাণ কৰিব নোৱাৰে আৰু মৰমৰ দিখৌ নৈখন এৰাৰ কথা ভাবিবই নোবাৰে ।

    এনেদৰে দিচাং নদীকলৈও অনেক বিহু গীত গোৱা আমি দেখিবলৈ পাওঁ  । উদাহৰণ স্বৰূপে ----
"দিচাংৰ এবুকু
       পানী ঐ চেনাইটি
দিচাংৰ এবুকু পানী,
সূতা পকোৱাদি
     পকাই পকাই সুধিলো
মনৰ কথা নক'লা ভাঙি।"

"দৰিকা দিচাঙে
    পানী বাঢ়ি গ'লে
দিখৌ এৰা সূঁতি হ'ল,
তোমাৰে তামোল খন
মুখলৈ নিওঁতে
 বুকু চমেচমাই গ'ল।"

"দিহিং, দিচাং, দিখৌ, ধনশিৰি
বহু নদী লগ লাগি
বৈনো ব্ৰহ্মপুত্ৰ
           মহা নদী নাচনী ।"

এনে ধৰণৰ বিহু গীতবোৰৰ মাজেদি অসমৰ অতুলনীয় প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ নদী সমূহৰ বিভিন্ন চিত্ৰৰূপ প্ৰকাশ পাইছে ।যৌৱন আৰু বিহুৰ সমন্বয়ে ডেকা -গাভৰুৰ জীৱনৰ পূৰ্বৰাগ,অনুৰাগ,প্ৰেম, প্ৰীতি,প্ৰণয় আৰু মিলনৰ মাধুৰিমা বাকি দিছিল নদীক তুলনা কৰি গোৱা এই বিহু গীতবোৰত ।
অসমীয়া সাহিত্যৰ বিহু গীত বা বনঘোষা যথাৰ্থতে ভাৰতীয় সাহিত্যৰ ভিতৰতে একক আৰু অতুলনীয়। অন্যান্য ভাৰতীয় ভাষাত,বিশেষকৈ জনজাতীয় উপভাষা সমূহত যৌনগন্ধী গীত মাত নোহোৱা নহয়, কিন্তু তাৰ পৰিমাণত অসমীয়া সাহিত্য সঁচাকৈয়ে চহকী  ।

সময় বাগৰি গৈছে,যুগে বাগৰ সলাইছে, মানুহৰ মনৰ গোপন কাৰেং টোলৈকো পৰিৱৰ্তন আহিছে । আজি ক'তো ৰাতিবিহু নাই। আজি বিহুতলিত দুবৰিয়েই গজা নাই ।গোনা ম'হৰ পিঠিত উঠি উকিয়াই ফুৰা মুকলি মূৰীয়া ম'হৰ গোৱালটোৱে 'চাইনো চাই থাকিলে হাবিয়াস নপলায় ' বা "কিনো চ'ত মহীয়া ৰ'দে চৌ চৌ,পেটতো, লাগিছে ভোক " বুলি হিয়াতলি উদিয়াই এষাৰ ক'বলৈ আজৰি নাই । আজি অসমৰ সামাজিক জীৱনলৈ খৰতকীয়া পৰিৱৰ্তনৰ বা ব'ব লাগিছে, লাগে লাগে মানুহৰ মনলৈকো পৰিৱৰ্তন আহিছে।  একালৰ গছতলৰ মুকলি বিহু আহি নগৰৰ ৰংগমঞ্চত , য'ত নাই প্ৰকাশৰ স্বতঃস্ফূৰ্ত আনন্দ,য'ত নাই পৰিৱেশৰ সু-সামঞ্জস্য,য'ত নাই জীৱনৰ লগত কথাৰ মধুৰ সমন্বয় ।

       সদৌ শেষত আমি ক'ব পাৰো যে যুগৰ পৰিৱৰ্তনৰ ফলশ্ৰুতিত বৃদ্ধি পোৱা শিক্ষাৰ প্ৰসাৰতাত, অৰ্থনৈতিক দুৰৱস্থা, যান্ত্ৰিকতা, মূল্যবৃদ্ধি বস্তুবাদী দৰ্শনৰ ফলশ্ৰুতিত বিহু সাংস্কৃতিৰ প্ৰকৃত স্বৰূপটো উৰুৱাই লৈ যাব যাতে নোৱাৰে তাৰ বাবে সমগ্ৰ অসমীয়া জাতিটোৱে একত্ৰ হৈ ধৰিব লাগিব  ।

ব'হাগ বিহু ৰঙৰ, আনন্দৰ আৰু উলহ -মালহৰ বিহু ।বিহু গীতৰ খলকনি উঠে আকাশে -বতাহে, পৰ্বতে কন্দৰে  ।মানুহৰ হৃদয় উথলি উঠে বিহু গীতৰ সুৰে সুৰে,তালে তালে,ছন্দে ছন্দে । অসমীয়া জাতিৰ প্ৰাণৰ সৰ্ব উচ্ছহ,সৰ্ব অনুভূতি উন্মুক্ত ভাৱে,উদ্দাম গতিৰে প্ৰৱাহিত হয় ৰঙালী বিহুত  ।  গতিকে, ব'হাগৰ এই প্ৰকৃতিৰ দৰে প্ৰাণৱন্ত ,জীৱনৰ দৰে জীৱন্ত,নৈৰ দৰে প্ৰৱাহিত বিহু গীতবোৰৰ মাজেদি অসমীয়া সমাজখনক জানিবলৈ,বুজিবলৈ, অনুভৱ কৰিবলৈ আমি বিহুৰ নান্দনিক বৰ্ণময় ৰূপৰ কথা উপলদ্ধি কৰিব লাগিব  ।
ড০ ভূপেন হাজৰিকা দেৱৰ সুৰেৰে ক'বলৈ হ'লে ---------

"বিহুটি বছৰি আহিবা
অসমী আইক জগাবা
বিপদ কালতো মাহ-হালধিৰে
জাতিটোৰ দেহ মন-ধুৱাবা ।"


 
সহায়ক গ্ৰন্থ সমুহ
*****************
১/ বিহু গীত আৰু বন ঘোষা
    ----ড০ লীলা গগৈ
২/বিহু বিনন্দীয়া --ড০প্ৰদীপ  
                            নেওগ
৩/অসমীয়া জনসাহিত্য ----
          ড০প্ৰফুল্ল দত্ত গোস্বামী
৪/অসমীয়া সংস্কৃতি --ড০মহেশ্বৰ নেওগ