Type Here to Get Search Results !

বিৱৰ্তনৰ চাকনৈয়াত ব'হাগ বিহু

 ৰঞ্জিত চুতীয়া


                 ব'হাগ বিহু বসন্তকালীন উৎসৱ। বসন্তৰ আগমনৰ লগে লগে শীতৰ ঠেৰেঙা লগা জাৰত অতদিন তৰাং হৈ থকা ধৰাৰ বুকুলৈ নতুন প্ৰাণৰ সঞ্চাৰ হয়। গছে- বনে কুঁহিপাত মেলে, নাহৰ, কপৌ আৰু পলাশ ফুলে, আমে মলিয়ায় আৰু কঠালেও মুচি পেলায়। প্ৰকৃতিয়ে ন' সাজ পিন্ধে। কুলি-কেতেকীৰ মাতে ডেকা-গাভৰু মন-প্ৰাণ বিয়াকুল কৰি তোলে। বসন্তৰ পৰশত অসমীয়াৰ হিয়াই হিয়াই উদ্দীপিত হয় নতুন আশা, নতুন উদ্দীপনা তথা নতুন কল্পনা। যি কল্পনাত পুঞ্জীভূত হৈ থাকে অসমৰ পথাৰখনিৰ ফলে-ফুলে জাতিস্কাৰ কৰি তোলাৰ অদম্য বাসনা। সত্যেন্দ্ৰনাথ শৰ্মাদেৱে কৈছে, "ব'হাগ বিহু বসন্ত উৎসৱৰেই এটি অসমীয়া অভিব্যক্তি। বসন্তৰ আগমনৰ লগে লগে প্ৰকৃতিয়ে যৌৱনশোভা ধাৰণ কৰে। মলয়াৰ মৃদু বায়ু, কোকিলৰ কুঞ্জন, পাদৰ্পলতাৰ শ্যামল শোভা, বাৰিষাৰ আগমন সূচক মেঘৰ গুৰু-গম্ভীৰ ধ্বনিয়ে প্ৰকৃতি জগতত মাদকতা সৃষ্টি কৰে, প্ৰকৃতি শস্য সম্ভৱা হয়। কৃষিজীৱী মানুহেও প্ৰকৃতিৰ লগত সংগতি ৰাখি ঋতু উৎসৱ পালন কৰি নৃত্য-গীতেৰে নতুন বছৰক ওলগনি জনায়। …… বৰষুণৰ সংস্পৰ্শত পৃথিৱী শস্য সম্ভৱা হয়। এই প্ৰকৃতিগত বাস্তৱ সত্যই পথাৰৰ বা বিহুতলিৰ ডেকা-গাভৰুৰ নৃত্য-গীতৰ জৰিয়তে প্ৰতীকৰ ৰূপ লয়। উদং পথাৰৰ বুকুত ডেকা-গাভৰুৱে যৌৱনৰ নাচ নাচে, সৃষ্টি অংকুৰ সিঁচে…।"
                 অসমীয়া বাপতি-সাহন ৰঙালী বিহুৰ ঐতিহ্য আৰু পৰম্পৰা অতিকে প্ৰাচীন। ইয়াৰ উৎপত্তি কেতিয়া, ক'ত আৰু কেনেকৈ হৈছিল - এই ক্ষেত্ৰত মতান্তৰ আছে যদিও এটা কথা সকলোৱে স্বীকাৰ কৰে যে বিহু মূলতঃ কৃষিভিত্তিক অনুষ্ঠান। চহা জীৱনৰ সৈতে সম্পৰ্কিত এটি জনপ্ৰিয় উৎসৱ। অসমীয়াৰ জাতীয় জীৱনৰ তিনিওটি বিহুৱেই কৃষিৰ সৈতে সম্পৰ্কিত। বসন্ত কালত কৃষিৰ প্ৰস্তুতিৰ সময়ত ব'হাগ বিহু বা ৰঙালী বিহু, কৃষি কৰ্মৰ সামৰা সময়ত কাতি বিহু বা কঙালী বিহু আৰু খেতি চপোৱাৰ সময়ত উদযাপিত হয় মাঘ বিহু বা ভোগালী বিহু। অতীতৰে পৰা অসমখন মূলতঃ কৃষিজীৱী মানুহৰ বাসস্থান ৰূপে পৰিগণিত হৈ আহিছে। অসমৰ সাৰুৱা মাটি আৰু কৃষিৰ বাবে উত্তম জলবায়ুৱে অসমখনক কৃষিকৰ্মৰ বাবে অতিকৈ উপযোগী কৰি তুলিছে।
                   ইতিহাসৰ কোনোবা শুভ লগ্নত অসমৰ আদিম জনগোষ্ঠীবোৰে আৰম্ভ কৰা এই ৰঙালী বিহু পৰম্পৰা কালক্ৰমত অসমৰ পাহাৰ-ভৈয়ামৰ সকলো জাতি-জনগোষ্ঠীৰ সমাজ জীৱনৰ অংগ হৈ পৰিল। সমাজৰ সকলোৱে বিহুক আদৰি ল'লে। আহোম ৰাজত্বৰ সময়তেই বিহুৱে সামাজিক তথা ৰজাঘৰীয়া স্বীকৃতি লাভ কৰিলে আৰু অসমৰ জাতীয় উৎসৱ হিচাপে পৰিগণিত হ'ল।
                 আহোম ৰাজত্বৰ ছয়শ বছৰীয়া গৌৰৱ ৰবি লাহে লাহে অস্তমিত হ'ল। ইয়াণ্ডাবু সন্ধিৰ চেলু লৈ অসমত বৃটিছ ৰাজত্ব আৰম্ভ হ'ল। বৃটিছ আগ্ৰাসনৰ লগে লগে অসমলৈ পশ্চিমীয়া সংস্কৃতিৰ প্ৰব্ৰজন ঘটিল। অসমৰ থলুৱা সংস্কৃতিৰ ওপৰত পশ্চিমীয়া সংস্কৃতিৰ প্ৰভাৱ পৰিল। পশ্চিমীয়া ঠাঁচত মঞ্চ সাজি কৃষ্টি প্ৰদৰ্শন আৰম্ভ হ'ল। ১৯৪১ চনত মহেশ্বৰ নেওগৰ দৰে উদীয়মান ডেকাই শিৱসাগৰত গছতলৰ বিহু মঞ্চলৈ আদৰি আনে। লাহে লাহে সমগ্ৰ অসমতেই মঞ্চ বিহু প্ৰদৰ্শন আৰম্ভ হ'ল।
                 অসমীয়াৰ হিয়াৰ আমঠু ব'হাগ বিহুৰ যি পৰম্পৰা, এটা সময়ত তাত লুকাই আছিল সম্পূৰ্ণৰূপে কেঁচা মাটিৰ গোন্ধ। ব'হাগ বিহুৰ প্ৰতিটো উপকৰণেই অসমৰ বিনন্দীয়া প্ৰকৃতিৰ পৰা বুটলি লোৱা। ঢেঁকী, তাঁতশাল, যঁতৰ, ঢোল-পেঁপা, গগনা, সুতুলি, বাঁহী আদি উপকৰণবোৰ সম্পূৰ্ণৰূপে নিৰ্ভেজাল প্ৰাকৃতিক উপাদানেৰে নিৰ্মিত। তদুপৰি মুগা-এৰী সূতাৰে অসমীয়া শিপিনীয়ে তাঁতশালত বৈ উলিওৱা চুৰিয়া, চাপকন, ৰিহা-মেখেলা, চাদৰ, গামোছা আদি সকলো প্ৰাকৃতিক নিৰ্ভেজাল সামগ্ৰী। য'ত আছে মাথোঁ কেঁচা মাটিৰ গোন্ধ তথা প্ৰকৃতিৰ পৰশ।
                   পৰিতাপৰ বিষয়, অসমীয়া অতিকৈ চেনেহৰ ৰঙালী বিহুটিৰ প্ৰাচীন পৰম্পৰাৰ মাজত আজি আধুনিকতাৰ প্ৰলেপ পৰিছে। আধুনিকতাৰ কৰাল গ্ৰাসে আমাৰ ঐতিহ্যময় ৰঙালী বিহুটিৰ প্ৰাচীন মৰ্যাদাক যেন কলুষিত কৰিবলৈ ধৰিছে। এসময়ত শিপিনীৰ তাঁতশালৰ খট্ খট্ শব্দই আৰু ঢেঁকীৰ শব্দই ব'হাগ বিহুৰ মাদকতা বিয়পাইছিল। কিন্তু আজিকালি সেইবিলাক বিলুপ্ত হ'ল। প্ৰিয়জনলৈ ফুলাম বিহুৱান ব'বলৈ অসমীয়া গাভৰুৰ ইচ্ছা আৰু সময়ৰ অভাৱ। শ্বপিংমল, দোকানবোৰত কম দামতেই সহজে বহিঃ ৰাজ্যত নিৰ্মিত ফুলাম গামোছা, ৰিহা-মেখেলা-চাদৰ পোৱা যায় যেতিয়া ইমান কষ্ট কৰা প্ৰয়োজনেই বা ক'ত? আজিকালি অনলাইন অৰ্ডাৰ কৰি ঘৰতে সকলো পাব পাৰি।
                  আধুনিকতাৰ কোবাল বতাহে সমকালীন বিহুৰ পৰিৱেশ কোঙা কৰি পেলাইছে। বিহুনাম, বিহুনাচ সকলোতে আধুনিকতাৰ পৰশ পৰিছে। বিহুনামবোৰ গুচি বিহুসুৰীয়া গীত হৈছে। সাম্প্ৰতিক সময়ত বিহু সন্মিলনৰ নামত প্ৰতিযোগিতা চলিছে। গায়ক-গায়িকা নিমন্ত্ৰণ কৰি বিহুৰ নামত সাংস্কৃতিক সন্ধিয়াতহে গুৰুত্ব প্ৰদান কৰা দেখা গৈছে। তদুপৰি থলুৱা বাদ্য ঢোল, পেঁপা, গগনা, সুতুলি আদি ঠাইত পশ্চিমীয়া কীবোৰ্ড, গীটাৰ আদি বাদ্যযন্ত্ৰহে ব্যৱহাৰ হৈছে। ফলত থলুৱা পৰম্পৰাগত বাদ্যযন্ত্ৰৰ উদ্যোগবোৰ বন্ধ হ'বলৈ ধৰিছে।
                    অসমীয়া হৃদয়ৰ স্পন্দন ৰঙালী বিহুৰ মাজত নিহিত হৈ আছে অসমৰ পৰম্পৰাগত লোকাচাৰ, নৃত্য-গীতৰ পয়োভৰ, জাতীয় ঐক্য-সংহতি, মৰম-চেনেহ, ভক্তি, আন্তৰিকতা তথা মানৱীয় চিন্তাধাৰাপুষ্ট জীৱনীশক্তিৰ অমোঘ মহামন্ত্ৰ। সময় গতিশীল। সমাজ-সংস্কৃতিৰ গতিও পৰিৱৰ্তনশীল। আমাৰ বিহুটিৰ ইয়াৰ ব্যক্তিক্ৰম নহয়। আমাৰ ৰঙালী বিহুটিও আধুনিকতাৰ অস্ত্ৰোপচাৰত শৰ্যাশাৰী হৈ কক্ বকাই থাকিলেও তাৰ মাজতে ইয়াৰ মৰ্যাদা, আৱেগ-অনুভূতি তথা পৰম্পৰা আদিৰ ক্ষেত্ৰত সংস্কাৰিত হৈ নতুন ৰূপত আত্ম প্ৰকাশ কৰি আছে। আধুনিকতা কোবাল সোঁতৰ মাজতো আমি প্ৰত্যেকেই বাপতি-সাহন ৰঙালী বিহুটিৰ প্ৰাচীন ঐতিহ্য আৰু পৰম্পৰাৰ প্ৰতি শ্ৰদ্ধাশীল মানসিকতাৰে ইয়াৰ ঐতিহ্য ধৰি ৰাখিবলৈ যত্ন কৰিব লাগিব। অন্যথা বিৱৰ্তনৰ চাকনৈয়াত ৰঙালী বিহুটিয়ে নিজৰ অস্তিত্ব হেৰুৱাই পেলাব। গছৰ তলতেই হওক অথবা মুকলি মঞ্চতেই হওক আমাৰ হিয়াৰ আমঠু অতিকৈ চেনেহৰ ৰঙালী বিহুটিক জীয়াই ৰাখিবই লাগিব। কিয়নো --- "বিহুটি আদৰৰ বিহুটি সাদৰৰ
      বিহুটি অসমৰ প্ৰাণ
      এনুৱা বিহুটি এৰিব লাগিলে
      নাথাকে অসমৰ মান।"

                         ৰজাধাপ, সোণাৰি
                         ডাক-সোণাৰি
                         জিলাঃ- চৰাইদেউ
                       পিন-৭৮৭৫৯০
Email: ranjitchutia640@gmail.com