অৰ্ণৱ কটকী
ভন্টি বিদায় দিয়া দিনা
হোমৰ জুই কুৰা যেন মোৰ বুকুতে জ্বলিব
হোমৰ জুই পৰা উফৰি আখৈয়ে মাটি চুব
তোলৈ মোৰ ঘনাই মনত পৰিব ।।
পাৰিবি জানো তইও থাকিব
মনত নপৰিব নে তোৰ?
সৰু কালৰ লুকা চুৰি খেলাৰ কথা
মোৰ যে মনেই নবহিব
তই নথকা উকা ঘৰত থাকিব
স্মৃতি বিলাকৰ মাজত তোকেই বিচাৰি
আজিও যে খাওঁ মই হাবাথুৰি।।
সৰুতে পেছ পাতি মুখ ফুলায়
কান্দি দিছিলি তই চকলেট নাপায়
মাৰ গালি দেউতাৰ চিতিপনি মোক
দিলে হে তোৰ মুখত ওলাই হাঁহি।।
নতুন ঘৰ পায় নাযাবি পাহৰি
কাজিয়া বিলাক আমাৰ পাহৰি যাবি
মৰম চেনেহেৰে তই জীপাল হবি
মনত পৰিলে তোৰ আহিবি চেকুৰি।
যোৰহাট জাঁজী