Type Here to Get Search Results !

ভাত মেটেকা ফুলৰ আঞ্জা

 নৱাব নার্জী ইচলাম


উপকৰণ-
ভাত মেটেকা ফুল এবাটি, আলু দুটা,পিঁয়াজ দুটা, কেঁচা জলকীয়া দুটা বাতিনিটা, নহৰু কেইফুটামান, এচামুচ জীৱা
বঁটা, প্রয়োজনুসাৰে হালধি গুড়ি-নিমখ, টেবুল চামুচেৰে ১১%, সৰিয়হৰ তেল
প্রণালী :
ফুলখিনি ভালদৰে পৰিষ্কাৰ কৰি ধুই ল'ব। (ফুলবিলাকৰ থুপিৰ ওপৰত এখন পাতল আৱৰণ থাকে, বিশেষকৈ অৰ্দ্ধবিকশিত পাহিবোৰত থাকেই। সেই আৱৰণখন আঁতৰাই ল'ব)। পিঁয়াজ, নহৰু, জলকীয়া, জীৰা আটাইকেইবিধ উপকৰণ-
সুকীয়া সুকীয়াকৈ মিহিকৈ বটি ল'ব। এতিয়া এখন কেৰাহীত তেল গৰম কৰি কেইটিমান গোটা জিৰাৰ ফোৰণ দি তাতে
কাটি লোৱা সমস্ত উপকৰণ ও হালধিখিনি দি ভালদৰে ভাজি লওক। ফুল আৰু মিহিকৈ কাটি লোৱা আলুখিনি দি (কম জুইত) দুইমিনিটমান ঢাকোন নিদিয়াকৈ লাহে লাহে লৰাই থাকি পুনৰ ইচ্ছানুসাৰে পানী আৰু সোৱাদ অনুযায়ী নিমখ দি
উতলিবলৈ দি। সিজিলে ওপৰত ধনিয়া পাত কুটা ছটিয়াই ৰুটী বা ভাতৰ লগত পৰিৱেশন কৰক।


ভাত মেটেকা ফুলৰ পিটিকা

উপকৰণ -
ফুলৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰি কেঁচা জলকীয়া, নহৰু, বগা সৰিয়হ, আদা, পিঁয়াজ, নিমখ, নেমু, মিঠাতেল, এখন কুমলীয়া কলপাত।
প্রণালী :--
ফুলখিনি পৰিষ্কাৰ কৰি লৈ তাতে উল্লিখিত উপকৰণ যেনে— কেঁচা জলকীয়া, নহৰু, বগা সৰিয়হ, আদা-পিঁয়াজ আটাইখিনি ভালদৰে মিহিকৈ কাটি ফুলখিনি সানি লগতে নিমখ আৰু থাকিলে দুখিলামান নেমুপাত দি কলপাতত মেৰাই আঙঠা বা গৰম তাৱাত মেৰাই কিছু ক্ষণ সিজিবলৈ দিয়ক। কলপাত পুৰি সিজা যেন পালে এটা পৰিষ্কাৰ পাত্ৰত লৈ নেমুৰ ৰস দি পুনৰ চামুচেৰে ভালদৰে সানি গৰম গৰম ভাতৰ লগত পৰিৱেশন কৰিব ।



ভাত মেটেকা ফুলৰ বৰ

উপকৰণ -
ভাত মেটেকা ফুল এবাটি, দুই টেবুল চামুচপিঠাগুড়ি, সৰু চামুচেৰে এচামুচ, কেঁচা জলকীয়া, বটা আদাৰ ৰস এচামুচ, পিঁয়াজৰ ৰস দুচামুচ, আন্দাজানুসাৰে নিমখ, হালধি, তেল আৰু পানী
প্রণালী :-
ফুলখিনি ভালদেৰ পৰিষ্কাৰ কৰি কিছু ক্ষণ নিমখ পানীত ডুবাই ধুই ল'ব। এতিয়া এটা বহল মুখৰ পাত্ৰত তেলৰ বাদে আটাইখিনি উপকৰণত ভালদৰে মিহলাই ঘোল তৈয়াৰ কৰি তাতে ফুলসমূহ পৰাপক্ষত নভঙাকৈ লেটিয়াই লওক । ইয়াৰ পিছত এখন কেৰাহীত তেল গৰম কৰি পাহ পাহকৈ ফুল ডুব যোৱাকৈ দি ভাজি পেলাব। আবেলিৰ চাহত মুখৰোচক হিচাপে উপভোগ কৰক ।

ভাত মেটেকাৰ গা-গছজুপিৰ আঞ্জা

উপকৰণ :
দুমুঠিমান ভাতমেটেকাৰ থুৰি, তিনিটা আলু, আদা এক ইঞ্চিমান, কেঁচা জলকীয়া দুটা, নহৰু পাঁচফুটা, আন্দাজমতে মিঠাতেল
প্রণালী :
ভাত মেটেকাৰ থুৰিখিনি ভালদৰে পৰিষ্কাৰ কৰি ল'ব (বিশেষকৈ এই শাকসমূহ বোকাময় মাটিৰ পৰা অনা হয়)। এতিয়া শাকখিনি মিহিকৈ কুটি, আলুখিনি মিহি মিহিকৈ কাটি লওক। এখন কেৰাহীত তেল গৰম কৰি জলকীয়া আৰু থেঁতেলিয়াই লোৱা নহৰুৰ ফোৰণ দি কুটি থোৱা শাক, আদা বঁটা আৰু আলুখিনি দি ভালদৰে লৰাই ঢাকোন মাৰি কম জুইত জহিবলৈ দিব। পৰিমাণমতে নিমখ দি পুনৰ ভালদৰে লৰাই সিজিলে ওপৰত ধনিয়া পাত দি ইচ্ছানুসাৰে ভাত বা ৰুটীৰ লগত উপভোগ কৰক।