Type Here to Get Search Results !

ভাল লগা দিনবোৰ

 ৰীতে ৰিদম


ভাল লগা দিনবোৰ
ভাল লগা মাজৰাতিৰ সপোনবোৰ
অতীতৰ স্মৃতি সোঁৱৰি
ভাল লগা কবিতাবোৰ বাৰে বাৰে পঢ়ো

বতাহত উৰি অহা তোমাৰ চুলিকোচাৰ গোন্ধ
আৰু কবিতা কবিতা লগা আবেলিবোৰ
মনত পৰে অ' মোৰ সৰু...

তোমাৰ পৰা অনা গামোচা
তুমি তুমি গোন্ধোৱা সুগন্ধিত মাতাল হৈ পৰা মোৰ সন্ধিয়া

মোৰ বাঁহীৰ সুৰত 
তোমাৰ ওঁঠৰ পৰা সৰিপৰা গান
সঁচাই ভাল লাগে
তোমাৰ স'তে কটোৱা সপোন সপোন যেন লগা সময়বোৰ

ভেটা ভাঙি ভাঙি ভেটা দি
সন্ধিয়া সন্ধিয়া তোমাৰ বুকুৰ পদুলিত পতা চেপা
বৰশী আৰু জালবোৰ

ভাল লগা দিনবোৰ
পথাৰৰ বোকা লাগিলেও ভাল লগা
তোমাৰ হাত আৰু ভৰি
ওঁঠ আৰু চকুযোৰ চাই চাই ভাল লগা দুপৰীয়াবোৰ

চিঠি লিখি লিখি আমনি নলগা দিনবোৰ
তোমাৰ চিঠিৰ উত্তৰৰ বাবে অপেক্ষাৰত আবেলিবোৰ 

তোমাৰ নখৰ চিকুট আৰু 
চুমাৰে উপচাই পেলোৱা মূহুৰ্তবোৰ 
তোমাক চুই চাই ঘৰলৈ উভতি
তুমি তুমি গোন্ধোৱা মোৰ আঙুলিবোৰ

মনত পৰে 
তোমাৰ উশাহত সজীৱ হৈ উঠা
উজাগৰী মোৰ এই ৰাতিবোৰ......

ঠিকনা:- গাওঁ:- কঠালগুৰি,
              ডাক:- মিংমাং
              জিলা:- ধেমাজি (অসম)
              ফোন:- ৬০০১৭৮২৭৮৩