Type Here to Get Search Results !

ভাগ্য (১৬)

 প্ৰগতি গগৈ চাংমাই


   চাওঁতে চাওঁতে চাৰিটা বছৰ পাৰ হৈ গ'ল। এই দুটা বছৰত আৰাধ্যাই সকলোৰে পৰা যথেষ্ট মৰম পাইছে। তায়ো ঘৰখনৰ সকলোকে মৰমেৰে বান্ধি ৰাখিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছে। ঘৰুৱা কামৰ ব্যস্ততাৰ মাজতে আৰাধ্যাই কাপোৰত ফুল তুলি, ঘৰৰ সন্মুখত ফুল ৰুই সময় কটায়। ঘাঁহ-বন চিকুণাই মৰহি যোৱা ফুল আঁতৰাই নতুন ফুল ৰোৱে।  তাইৰ আদৰত ফুলনিখনৰ ফুলবোৰ সতেজ হৈ উঠে। মাজে মাজে তাই ওচৰৰ মানুহৰ দুই এটা সৰু ল'ৰা-ছোৱালীক পঢ়াইও দিয়ে। সিহঁতেও তাইৰ কথা মানি ভালদৰে পঢ়ে। 


       কেতিয়াবা পুৰণি দুই-এটা কথা মনত পৰি হাঁহিও উঠে। এবাৰ লগৰ ছোৱালী এজনীৰ লগত হাতত হাত ধৰি কলেজৰ চৌহদতে ঘূৰি ফুৰোঁতে সিহঁতৰ বিভাগৰ বাইদেউ এগৰাকীয়ে কৈ উঠিল-"হেৰাবা চাবা, টানকৈ ধৰি লোৱা।"


   হাঁহি উঠিল দুইজনী বাইদেউৰ ধেমালি ভৰা কথাত। বাইদেৱো মিচিকিয়াই আঁতৰি গৈছিল।   সেই বাইদেউ গৰাকী! উস্ ! কি শুৱলা মাত আছিল। পঢ়াই থাকিলে শুনি থাকিবলৈ মন যায়। অসমীয়া ভাষাৰ শব্দৰ শুদ্ধ উচ্চাৰণ, কোৱাৰ ধৰণ ইমান সুন্দৰ। তেওঁৰ মাতত যেন মৌ বৰষে।  তেখেতৰ চেহেৰাৰ গাম্ভীৰ্য, মুখাৱয়ৱ, অসমীয়া ভাষাটোৰ প্ৰতি থকা শ্ৰদ্ধাই তেখেতক সকলোৰে ওচৰ চপাই তুলিছিল। প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়ে মাতৃযেন জ্ঞান কৰি তেওঁৰ পৰা নোৱাৰাটো শিকি লৈছিল।অনবৰতে যেন তেওঁৰ ওচৰত থাকিব সকলোৱে। বাইদেউৰ ক্লাচ নথকাৰ দিনা মনটো মৰি গৈছিল সকলোৰে। আৰাধ্যাই নাজানে সেই বাইদেউগৰাকী এতিয়াও জীয়াই আছেনে নাই?  কিন্তু তাইৰ মনত তেওঁ আজীৱন থাকিব পথ প্ৰদৰ্শক হৈ। পঢ়াৰ লগতে সকলোকে তেওঁ কিছুমান আদৰ্শগত শিক্ষাও দিছিল। মাকৰ দৰেই সকলোকে বুজাই দিছিল সময়সাপেক্ষ কিছু কথা যিবোৰ সিহঁতে সেই বয়সত জনাটো অত্যন্ত জৰুৰী আছিল। সেয়েহে হয়তো সকলোৱে বাইদেউ অহালৈ উৎকণ্ঠাৰে ৰৈ থাকিছিল, যিয়ে নেকি তেওঁলোকক মহাবিদ্যালয়তো মাতৃত্বৰ মমতাৰে বান্ধি ৰাখিছিল।  কেতিয়াবা কিছুমান ব্যক্তিত্বই আমাৰ মনত সাঁচ বহুৱাই যায়। আৰাধ্যাৰ মনতো সেই বাইদেউ গৰাকীয়ে দকৈ খোপনি পুতিলে। তেখেতৰ আদৰ্শ আৰু জীৱন প্ৰণালীয়ে বাৰুকৈয়ে আকৃষ্ট কৰিলে।