গীতাঞ্জলি দেৱী
টিলিকি খোপাটোত ফণিখন গুজি আয়ে ব' তোলাৰ দিনা বাৰমাহী ফুলবোৰ জোকাৰি বতাহ এজাক গুচি গৈছিল ।
তাৰপাছত সৰিছিল এটা জৰৌৰোৱা পুৱা
দিন-বাৰ মোৰ মনত নাই ।
দুদিনমান আকাশখন ঠেহ পাতি বহিছিল
বেলিৰ বাটত ।
অভিমান এৰিবলৈনো কিমানপৰ
সুৱদী চৰাইৰ মাত শুনি জৰ-জৰাই সৰিব বৰষুণ হৈ ।
এনে হয় , আগতেও এনে হয়
দিন-বাৰ কাৰো মনত নাথাকে ।
বতাহৰ অগা-দেৱাত ফুলবোৰ সৰে,
আইৰ তাঁতত আউল লাগে ।
মনটোচোন বতাহৰ স'তে উৰে
কিবা উকা , কিবা উৰুঙা
চ'তে-চতুৱাই থকা ধূলিসনা হালধীয়া পাতখিলাৰ দৰে
অ'ত ৰয়, ত'ত নৰয় ।