Type Here to Get Search Results !

আকাশৰ জোনেও মাতিব তোমাক

 যিচু শংকৰ দাস


নিশা নিশা আন্ধাৰত মোৰ টোপনি হেৰাই
গুছি যায় তোমাৰ সপোন বাটেৰে,
তোমাৰ অলকাত ঢৌ তুলি মোৰ দুচকুৰ সাগৰৰ দুখৰ ঢৌৱে,
দুখে উজাই তোমাৰ চোতাল পাই
চোতালত বহা তুমি কবিতাৰ ঢৌ তুলি,
সেই নিশাবোৰ তোমাৰ প্ৰেমিক হৈ উঠে
চিঞৰি উঠে আকাশৰ জোনে
ভালপোৱা পাওঁ তোমাক,বৰ ভাল পাওঁ ।।

তুমি আছিলা
প্ৰথম প্ৰেমৰ বিশেষ অনুভূতি,
কোনোদিনেই শেষ নোহোৱা অমৰ স্মৃতি,
তুমি সপোনত বাৰেপতি আহিছিলা,
একোকে নোকোৱাকৈয়ে গুছি গৈছিলা।


নুবুজিলো......,একোকে নুবুজিলো,
নোৱাৰিলোঁ তোমাৰ মনসাগৰত লহৰ তুলিব,
কিয় নোৱাৰিলোঁ তুমি নোকোৱাৰ দৰেই
নুশুধিলো মইও,
জীৱনৰ বাটেৰে পথছাৰী যৌৱন আহিছিল
তোমাৰ প্ৰেম বীক্ষৰ তলত ভাগৰত জীৰাইছিল,
নবলিল মৰমৰ বা  ।
তোমাৰ অৱজ্ঞাত জ্বলি ছাই মোৰ যৌৱন ।
তোমাৰ মন পৃথিৱীত অনিচ্ছাৰ বা- মাৰলি,
ছিঙি ভাঙি উৰুৱাই নিলে মোৰ বুকুৰ জুপুৰি।।

ভাৱনাত অকা যায় ছবি
নাম ৰাখোঁ তুমি ।
হওতো তোমাৰ আপত্তি থাকিব
তুমি বিশেষণক লৈ,
নোৱাৰোঁ তোমাক অসন্তোষ দিব ,
তোমাৰ অৱজ্ঞাৰ চাৱনিৰেই অসন্তোষ মচি লৈ আহিম তোমাৰেই প্ৰিয় শব্দ সাতুৰি-নাদুৰী নতুবা টানি আজুৰি,
প্ৰতিদানত যদি সৰে হাঁহি হওতো নহ'ব কোনো মোতকৈ সুখী।।

কবিৰ ঠিকনা:-

স্নাতকোত্তৰ মহলা, মাজুলী  সাংস্কৃতিক বিশ্ববিদ্যালয়, মাজুলী
   ডাক: বালিচাপৰি ,৭৮৫১০৪
   জিলা: মাজুলী