অৰুণা চেতিয়া খাটনিয়াৰ
মানুহ মাত্ৰৰে নিজা নিজা কামৰ ধৰণ বা অভ্যাস থাকে। প্ৰত্যেকে নিজা ধৰণেৰে নিজক আগুৱাই নিয়ে। গতিশীল সময়ৰ লগত আগবাঢ়ি যাবই লাগিব। পুৱা সূৰুয উদয় হয়, সন্ধিয়া পুনৰ মাৰ যায়। ঠিক তেনেদৰে মানুহৰ জীৱন সূৰুযো উদয় হৈ পুনৰ মাৰ যায়, স্থায়ী নহয়।
এই অস্থায়ী জীৱনটোত মানুহে বহুতে বহু কিবা কৰে,কৰি গৈছে। বহুজনে জীৱনৰ সময়ত কৈ কৰ্মৰ মূল্যৰে মহীয়ান হ'ব পাৰিছে। তেওঁলোকে জীৱনৰ নদীখন সদা প্ৰবাহিত কৰি গৈ থাকে সময়ৰ স'তে । নহ'লে হয়তো এৰাসূঁতি বা মৰাসূঁতিৰ দৰে হ'ব পাৰে, পূতি গন্ধময়।
সেয়েহে নিজৰ ধৰণেৰে কাম আগবঢ়াই নিব পৰাকৈ কামৰ অনুশীলনৰ যোগেদি প্ৰত্যেকে সময় মতে নিজক গঢ় দিবলৈ যত্ন কৰিব লাগিব।প্ৰথমে মানুহ হৈ মানুহৰ দৰে আৰু মানুহৰ বাবে কৰ্ম কৰি যাব পৰাতহে গুৰুত্ব দিব লাগে বুলি গুণী,জ্ঞানী সকলে ভাবে আৰু কয়। কাৰণ, মানুহৰ জীৱন বোলে ভাগ্যৰ বলত হে পায় মানুহে। এবাৰ মানুহৰ জীৱন পাই আৰু বা কি হ'ব লাগিব ঠিক নাই। কিন্তু মৃত্যুতো এদিন আহিবই। অৱশ্যম্ভাবী। কাৰ কেতিয়া আহিব,সময়ে ক'ব। সেই বুলি জানো হাত সাৱতি বহি থাকিলে হ'ব? জীয়াই থকা দিন কেইটাত খাবলৈকেতো কিবা কৰ্ম কৰিব লাগিব, যি কৰ্ম আনক অসুবিধাত নেপেলোৱাকৈ কৰিব পৰা যায়।
স্বাভিমান ৰক্ষা কৰি আত্মনিৰ্ভৰশীল হ'ব পৰাতো শুভ লক্ষণ। যদি ভবা হয় মৃত্যুৰ পাছত মানুহে মনত ৰখাব পৰা কাম কৰিব লাগে। সেয়াও আপোনাৰ নিজৰ ভাৱনা। কৰি যাওক ভবামতে। যিসকলে নিজৰ অন্তৰৰ তাগিদাত মানুহৰ বাবে,সমাজ জীৱনৰ বাবে কাম কৰি যায়, সেই সকলৰ নাম সমাজৰ মাজত থাকি যায়। মহান ব্যক্তিসকলৰ কৰ্মৰাজিৰ বাবে সেয়ে দেশবাসী সদায় কৃতজ্ঞ হৈ থাকে। আমি অঞ্চলটোৰ বাবে,বা নিকট সমাজখনৰ বাবে নহ'লেও নিজৰেই ঘৰখনৰ বাবে কোনো কাৰণতে আনক অসুবিধাত নেপেলোৱাকৈ কি কৰিব পাৰোঁ এনে ধৰণৰ মহানুভৱতা থকাতো নিশ্চয়ে কাম্য। আমাৰ সামান্য মহানুভবতাই অথবা দয়াশীলতাই আন এজন মানুহক পৰম সন্তোষ দিব পাৰে।
আমাৰ সমাজৰ এচাম মানুহে অনৈক্যৰ মাজত ঐক্য,বিভেদৰ মাজত সম্প্ৰীতি, ঘৃণাৰ সলনি প্ৰেম আদি জীয়াই ৰাখিছে বাবেই পৃথিৱীখন এতিয়াও সুন্দৰ হৈ আছে।
মানুহৰ জীৱন নামৰ ফুলপাহ সৃষ্টিৰ বুকুৰ পৰা এবাৰ সৰি গ'লে দুনাই নুফুলে। এই কথা ওমৰ খায়ামেও কৈ গৈছে। সেয়ে নিজা নিজা কামৰ ওপৰতে নিৰ্ভৰ কৰিব আপোনাক মনত ৰাখিব পৰাকৈ কি কাম কৰি গৈছে আপোনাৰ জীৱন কালত। সেই কামেহে নিৰ্ধাৰণ কৰিব আপোনাক কিদৰে ভবিষ্যতে মানুহে মনত পেলাব।
মানুহ হৈ মানুহক অসন্তুষ্ট কৰা কামৰ দ্বাৰা নিজৰ হে অধিক ক্ষতি কৰে। জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীয়ে বেয়া নাচাবলৈ, বেয়া নুশুনিবলৈ, বেয়া নক'বলৈ কোৱাৰ অন্তৰ্নিহিত কথাটোৱে হৈছে বেয়া একো নকৰিবলৈ। অৰ্থাৎ কোৱা হৈছে বেয়াৰ পৰা সদা আঁতৰি থাকিবলৈ। এইখিনিতে দক্ষিণ আফ্ৰিকাৰ গান্ধীবাদী নেতা নেলছন মেণ্ডেলাৰ এষাৰ উক্তি উদ্ধৃতি কৰিলোঁ -" When you destroy someone's life with lies, take it as a loan, it will come back to you with interest."
ইয়াৰ বিপৰীতে স্বনামধন্য বহুলোকে সততাৰে তেনেকৈয়ে কাম কৰি পাহৰণিৰ সোঁতে উটুৱাই নিব নোৱাৰাকৈ নিজক থৈ গৈছে।
বনফুলৰ কবি যতীন্দ্ৰ নাথ দুৱৰাই ইমান ধুনীয়াকৈ সহজতে অতি প্ৰয়োজনীয় কথা মানুহে বুজিব পৰাকৈ কেনেকৈ কৈ গৈছে -
গোটোৱা গোলাপ কলি
থাকোঁতে সময় সখী
জীৱনৰ সোঁত বলি যায়
যিটি ফুলে ফুলি আজি
ফুলনি ফুলাই তোলে
কালিলৈ পাহি মেলি
নেহাহে দুনাই
সময়ৰ সোঁত বলি যায়।
সঁচাকৈয়ে সময়ক জানো কোনোবাই ধৰি ৰাখিব পাৰে, কেতিয়াও নোৱাৰে। মাত্ৰ কামৰ যোগেদি সময়ৰ সদ্ব্যৱহাৰ কৰিবহে পাৰে।যি কাম আপোনাৰ জীৱনত প্ৰয়োজন বুলি অনুভৱ কৰে বা যি কাম সম্পাদন হৈ উঠিলে আপুনি সন্তুষ্ট হ'ব পাৰে,সেই কামৰ যোগেদি আপোনাৰ সময় আপুনি ধৰি ৰাখিব পৰাতো আটাইতকৈ গুৰুত্বপূৰ্ণ। এনেদৰে সময়ক ব্যৱহাৰ কৰি জীৱনটো মহীয়ান কৰি তোলাৰ চাবি কাঠি আপোনাৰ হাততেই আছে।
কবিতাৰ এনেবোৰ প্ৰেৰণাদায়ক কথাই সকলোকে জীৱন বাটৰ সমল যোগাব পাৰে।