ৰঞ্জিত চুতীয়া
দেশৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত অসমৰ ভূমিকা গুৰুত্বপূৰ্ণ আছিল। ১৮২৬ চনত ইয়াণ্ডাবু সন্ধিৰ পিছত অসমখন প্ৰত্যক্ষ বৃটিছ শাসনৰ অধীনলৈ গৈছিল। তেতিয়াৰ পৰা আভিজাত্য আৰু সাধাৰণ জনসাধাৰণ উভয়ে বৃটিছ শাসনৰ পৰা মুক্তিৰ পথ বিচাৰি ৰাজপথলৈ হাজাৰ হাজাৰ মানুহৰ মিচিল ওলাই আহিছিল। মাতৃভূমিৰ হেৰুৱা স্বাধীনতা ঘূৰাই পাবলৈ গোমধৰ কোঁৱৰে কান্দুৰা ডেকাফুকন, ধৰ্মধৰ, হৰনাথ আদি কেইজনমান সম্ভ্ৰান্ত লোকৰ স'তে ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল। ১৮২৮ চনত বিদ্ৰোহীয়ে শদিয়াত থকা বৃটিছৰ অস্ত্ৰভাণ্ডাৰত আক্ৰমণ কৰে। ইংৰাজে সেই বিদ্ৰোহক মষিমূৰ কৰিলে। কিন্তু অসমৰ জনসাধাৰণৰ হৃদয়ৰ পৰা স্বাধীনতাৰ আকাংক্ষাক মচিব নোৱাৰিলে। পুনৰ পিয়লি ফুকনৰ নেতৃত্বত বিদ্ৰোহে ঠন ধৰি উঠিলে। এই ক্ষেত্ৰত অতি গোপনে কেইজনমান লোকে এই পৰিক্ৰমা আগবঢ়াই লৈ গৈছিল আৰু সেইসকলৰ ভিতৰত পিয়লি ফুকন, মণিৰাম দেৱান, বাহাদুৰ গাঁওবুঢ়া, ফৰ্মোদ আলী ইত্যাদি লোকে অগ্ৰণী ভূমিকা লৈছিল।
বুৰঞ্জীৰ পাত লুটিয়ালে আমি জানিবলৈ সক্ষম হওঁ যে বাহাদুৰ গাঁওবুঢ়াৰ প্ৰকৃত নাম শ্বেইখ বাহাদিলহে আছিল। তেখেতৰ জন্ম ১৮১৯ চনত তিতাবৰৰ দফলাটিঙত হৈছিল। তেখেতৰ পৰিয়ালে পৰম্পৰাগতভাৱে 'আখৰ কটা বৰুৱা'ৰ পদবী পাইছিল আৰু সত্ৰসমূহৰ সত্ৰাধিকাৰসকলক মাটিৰ অনুমোদন জনোৱা তাম্ৰফলি লিখাৰ দায়িত্ব এই পৰিয়ালৰ ওপৰত ন্যস্ত আছিল। বাহাদুৰ গাঁওবুঢ়াই প্ৰথমে মালিবাৰীত বনুৱা হিচাপে আৰু তাৰ পিছত এজন ৰাজনৈতিক বিষয়াৰ ঘৰত সুৰক্ষা কৰ্মী হিচাপে নিয়োজিত হৈছিল। পাছলৈ নিষ্ঠাবান বাহাদুৰক বৃটিছে যোৰহাট আৰু তিতাবৰৰ মুখিয়াল (গাঁওবুঢ়া) হিচাপে নিয়োগ কৰিছিল আৰু অসীম সাহসীকতাৰ বাবে তেওঁ ৰাইজৰ মাজত 'বাহাদুৰ গাঁওবুঢ়া' নামেৰে জনপ্ৰিয় হৈ উঠিছিল।
অৱসৰ প্ৰাপ্ত বুৰঞ্জীৰ অধ্যাপক অজিত দত্তই ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ সময়ত অসমৰ বিদ্ৰোহীসকলৰ ওপৰত প্ৰণয়ন কৰা গৱেষণামূলক গ্ৰন্থত মণিৰাম দেৱানৰ লগত বাহাদুৰ গাঁওবুঢ়াৰ ঘনিষ্ঠতাৰ বিষয়ে উল্লেখ কৰিছে। মণিৰাম দেৱানে বাহাদুৰক মুছলমান সমাজৰ লোকসকলৰ মাজত বিদ্ৰোহৰ সমৰ্থনত সজাগতা সৃষ্টি কৰাৰ দায়িত্ব অপৰ্ণ কৰিছিল। তাৰ উপৰি উত্তৰ প্ৰদেশ আৰু বিহাৰৰ অসন্তুষ্ট সৈন্যসকলৰ সহযোগত অস্ত্ৰ-শস্ত্ৰৰ সংগ্ৰহৰ দায়িত্বও তেওঁৰ ওপৰতে ন্যস্ত আছিল। বাহাদুৰ আৰু ফৰ্মোদ আলীয়ে নুৰ মহম্মদ নামৰ এজন সেনা বিষয়াক কন্দৰ্পেশ্বৰ সিংহৰ ওচৰলৈ বিদ্ৰোহৰ বিষয়ে আলোচনাৰ বাবে লৈ গৈছিল।
১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত বৃটিছৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অপৰাধত বৃটিছ চৰকাৰে মণিৰাম দেৱান আৰু পিয়লি ফুকনক যোৰহাট কাৰাগাৰত ফাঁচি দিছিল। সেই একে অপৰাধতে বাহাদুৰক বৃটিছ চৰকাৰে গ্ৰেপ্তাৰ কৰে আৰু যোৰহাটত বিচাৰ কৰি যাৱজ্জীৱন কাৰাবাসেৰে দণ্ডিত কৰে। ১৮৫৮ চনত বাহাদুৰ গাঁওবুঢ়াক দুতিৰাম বৰুৱা, ফৰ্মোদ আলী, বিনয় লস্কৰ, গোপেন ৰয় আদিৰ সৈতে তেতিয়াৰ কালাপানী আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ চেলুলাৰ জেল'লৈ প্ৰেৰণ কৰে।
যদিও বাহাদুৰৰ যাৱজ্জীৱন কাৰাদণ্ড হৈছিল, শাস্তি লাঘৱ কৰাৰ পাছত তেওঁ কাৰাগাৰৰ পৰা ১৮৬০ চনত মুক্তি লাভ কৰে। ১৮৯১ চনত তিতাবৰৰ ওচৰৰৰ দফলাটিঙত কনিষ্ঠ পুত্ৰ দোষ্ট মহম্মদৰ বাসভৱনত তেখেতৰ মৃত্যু ঘটে। মৃত্যুৰ পিছত তেখেতৰ নশ্বৰ দেহ যোৰহাটৰ নতুন বালিবাটত সমাধিস্থ কৰা হয়। যোৰহাটৰ নতুন বালিবাটৰ পথটো বৰ্তমান তেখেতৰ নামেৰে নামাকৰণ কৰা হৈছে।
তেখেতৰ স্মৃতি ৰক্ষা সমিতিয়ে তিতাবৰৰ মাঝাৰ মছজিদৰ ওচৰত এটা কমিউনিটি হল আৰু লগতে এটা পুথিভঁৰাল, সংগ্ৰাহলয় আৰু কেৰিয়া কাউঞ্চিলিঙৰ চেন্টাৰ তেখেতৰ নামেৰে ব্যৱস্থা কৰিছে।