Type Here to Get Search Results !

দুই লাখ টকীয়া সপোন

 নবীন চন্দ্ৰ মেধি 


শৰতে আজি কিছুদিনৰ পৰা এটা সপোন দেখা পাই ৰাতি ৰাতি টোপনি খটি কৰিবলৈ আৰম্ভ কৰিছে । সুন্দৰ সপোন ,  হয় , অতি সুন্দৰ সপোন । 

বিগত ৪৩ বছৰ তাৰ জীৱনৰ পৰা কেনেকৈ পাৰ হৈ গ'ল সি যেন গমেই নাপালে । তাৰ মূৰৰ ওপৰেৰে শৈশৱ কৈশোৰ যৌৱন সকলো পাৰ হৈ গ'ল । এতিয়া সি আদহীয়া মানুহ । আৰু দুটামান বছৰ পাৰ হ'লে নামঘৰলৈ গৈ ভকতৰ লগত বহি জাহাজী কল খোৱাৰ বয়স পাবৰ হ'ল ।  

কিন্তু আজিলৈকে তাৰ জীৱনটো থিতাপি নালাগিল । লগৰ বন্ধু বৰ্গ ক'ৰ পৰা ক'লৈ গ'ল , সি কিন্তু একে ভাগেই থাকিল । সেই তাহানিৰ সহজ সৰল চুটি চাপৰ ধনৰ অভাৱত কোঙা হৈ পৰা কিন্তু গল্প  কবিতা পঢ়ি আৰু লিখি ভাল পোৱা শৰৎ চন্দ্ৰৰ যেন কোনো পৰিবৰ্তন নহ'ল । 

গল্প কবিতা প্ৰৱন্ধ উপন্যাস আদিৰ মাজত সি নিজকে সমৰ্পিত কৰাৰ পণ লৈছিল । জীৱনত কৰিব লগা বহুত কামৰ মাজতে সাহিত্য সাধনা অন্যতম । তিনিটা দশক আগৰ পৰাই সি কিতাপৰ প্ৰেমত পৰিছিল । পঢ়িছিল যেনেকৈ ঠিক সেইদৰে লিখিবলৈও চেষ্টা কৰিছিল । 

সি সপোন দেখিছিল । শৈশৱতে যিদৰে চাইকেল চলোৱাৰ সপোন দেখিছিল , ঠিক সেইদৰে চেঙেলীয়া বয়সত বাইক চলোৱাৰ সপোন দেখিছিল । যৌৱনত দেখা সপোনবোৰৰ সফল পৰিসমাপ্তি ঘটা নাছিল । কিয় জানেনে ? জীৱনে বৰ বেয়াকৈ ঢৌকা দিলে । স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত সি সপোনৰ পিছে পিছে একুৰি বছৰ দৌৰি ফুৰিছিল । কিন্তু সফল হ'ব পৰা নাছিল । বিগত তিনিটা বছৰে সি সেই সপোনৰ পিছে পিছে ফুৰিবলৈ বাদ দিছিল । শিক্ষকতাৰ বৃত্তিৰে জড়িত হৈ জীৱন পাৰ কৰাৰ সপোন দেখিছিল । কিন্তু সেই আশাত চৰকাৰে চেঁচা পানী ঢালিলে । 

পাঁচ বছৰ আগতে সি স্কুটি এখন লৈছিল । এইবাৰ কোম্পানীৰ কাম কৰিবলৈ সহজ হ'ব পাৰে বুলি কল্পনা কৰি ভালদৰে আগবাঢ়িছিল ।  পিছে এইবাৰো ব্যতিক্ৰম নহ'ল । সি কাম কৰা ৰিয়েল ষ্টেট কোম্পানী চৰকাৰে  বন্ধ কৰি দিলে । আকৌ নিবনুৱা হৈ পৰিছিল সি । 

দুবছৰ অনাই বনাই ঘূৰি ফুৰিছিল সি । তাৰ পিছত আৰম্ভ কৰিলে আন এটা ব্যৱসায় । দোকানৰ ব্যৱসায় । কেইদিনমান ভালকৈ চলিল । তাৰপিছত আকৌ নচলা হৈ পৰিছিল । 

এইবাৰ সি কাঠফুলাৰ খেতি কৰাৰ সপোন দেখিছিল । এয়া তাৰ বাবে এক বৃহৎ সপোন । দুই লাখ টকীয়া সপোন । চৰকাৰে কিছুমান আঁচনি প্ৰস্তুত কৰিছে আৰু শিক্ষিত নিবনুৱা সমস্যা সমাধান কৰিবলৈ চৰকাৰে চেষ্টা কৰিছে । দেখা যাওক এইবাৰ তাৰ এই সপোন সঁচা হয় নে নহয় । 

কালি কৃষি বিভাগৰ মুৰব্বী বিষয়াৰ তৰফৰ পৰা এটি সাক্ষাৎকাৰ আহ্বান জনোৱা হৈছিল । গতিকে দেখা যাওক শৰতৰ এই দুই লাখ টকীয়া সপোনে পূৰ্ণাংগ ৰূপ পায় নে নেপায় । সি আশাবাদী । চৰকাৰে যদিহে সহায় কৰে তেন্তে কাঠফুলা খেতি কৰিবলৈ সক্ষম হ'ব । 

পিছদিনাখন ৰাতিপুৱা আঠ বাজি ১৫ মিনিটত সি ঘৰৰ পৰা গোলাঘাটলৈ বুলি চুপাৰ স্প্লেণ্ডাৰ এক্স টেকখন লৈ যাত্ৰা আৰম্ভ কৰিলে । গুগল মেপত দেখুওৱা অনুসৰি সিহঁতৰ ঘৰৰ পৰা গোলাঘাট জিলা কৃষি বিষয়াৰ কাৰ্যালয়লৈ দূৰত্ব ৬৩ কিলোমিটাৰ মাত্ৰ । কিন্তু এইখিনি দূৰত্ব অতিক্ৰম কৰিবলৈ সময় লাগিল ১ ঘণ্টা ৪৫ মিনিট । চুঙাজান অঞ্চলৰ পৰা গোলাঘাটলৈ যাব পৰা দুটা পথ আছে । এটা কাৰ্বি আংলং জিলাৰ মাজেৰে বোকাজানৰ পৰা নামবৰ ৰিজাৰ্ভৰ মাজেৰে গৈ ৰঙাজান হৈ  গোলাঘাট আৰু আনটো পোনে পোনে সৰুপথাৰ বৰপথাৰ জামুগুৰি হৈ গোলাঘাট । আগতে জামুগুৰি হৈ যাবলৈ সুবিধা নাছিল সেয়ে কাৰ্বি আংলং জিলাৰ মাজেৰে পাৰ হৈ যাব লগা হৈছিল । কিন্তু এতিয়া সুবিধা হোৱাত জামুগুৰি হৈ যাবলৈ ল'লে সকলোৱে । 

১০ বজাত গৈ সি গোলাঘাট ডি আৰ কলেজৰ সন্মুখতে থকা কৃষি বিষয়াৰ কাৰ্যালয় পাইছিলগৈ । তেতিয়াও সাক্ষাৎকাৰ গ্ৰহণ আৰম্ভ হোৱা নাছিল । প্ৰাৰ্থী সকলে বাহিৰতে ৰৈ আছিল । চুঙাজান অঞ্চলৰ পৰা যোৱা আৰু চাৰিজনমান ল'ৰা লগ পাই সি ভালেই পালে । অন্ততঃ কথাবিলাক আলোচনা কৰিব পৰা হ'ব । 

ইতিমধ্যে এঘাৰ বজাত সাক্ষাৎকাৰ আৰম্ভ হৈছিল । এজন এজনকৈ নাম মাতি ভিতৰলৈ সোমোৱাৰ পিছত ভিতৰত প্ৰশ্নোত্তৰ কাল আৰম্ভ হৈছিল । সাক্ষাৎকাৰ মানে শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ চালে আৰু মানুহজনক নিজ চকুৰে চাই দুই চাৰি আষাৰ কথা বতৰা পাতিলে । কি কৰি আছা , কৃষি সম্পৰ্কীয় প্ৰকল্প , অভিজ্ঞতা আৰু প্ৰশিক্ষণ আদি লোৱা হৈছিল নে নাই  , বয়স আদিৰ বিষয়ে সম্যক ধাৰণা এটা লৈ হ'ব বাৰু যোৱা বুলি কৈ পঠিয়াই দিলে । অৱশ্যে টকা অনুমোদন কৰাৰ প্ৰতিশ্ৰুতি দিয়ে । সেই হয়ভৰকে বিশ্বাস হিচাপে লৈ সি উভতনি যাত্ৰা আৰম্ভ কৰিছিল । 

এতিয়া অপেক্ষা মাথো সেই সময়লৈ ।

গোলাঘাট