গীতাঞ্জলি দেৱী
লাহে-লাহে যেতিয়া কাষলে' আহিবা , বুজিবা তোমালৈ মৰম কিমান , মৰম কিমান । " - সুকণ্ঠী গায়িকা ভিতালী দাসৰ গীতটি মোৰ মোবাইলত খুউব কম ভলিউমত বাজি আছিল । গায়িকাৰ স'তে মইও সুৰ মিলাই অফিচৰ কামবোৰ যিমান পাৰোঁ সোনকালে শেষ কৰিবলৈ চেষ্টা কৰিছিলোঁ । ভিটালী দাস প্ৰধানত: বিহু গীতৰ গায়িকা যদিও তেওঁৰ কণ্ঠৰ আধুনিক গীত কেইটাও সমানে শ্ৰুতি মধুৰ ।
সময় তেতিয়া প্ৰায় সাঁজ লাগি পাৰ হৈছিল । তাতে কাতিমহীয়া বেলি , সোণকালেই লহিয়ালে । গৰমৰ দিন হোৱা হ'লে এই সময়ত ঘড়ীৰ কাঁটাই ঠিক চাৰি, বা চাৰে-চাৰিমান বজাৰহে সংকেত দিলেহেঁতেন । দূৰণিবতীয়া সহকৰ্মী সকলে ইতিমধ্যে অফিচ এৰিছিল । দীঘলীয়া বাৰাণ্ডাখনৰ বাওঁহাতে একেবাৰে সিমূৰৰ কোঠাটোত মই অকলে কাম কৰি আছোঁ । ঠিক অকলেও নহয় , মোৰ স'তে মোৰ অফিচৰ পৰিচাৰিকা বিকি আছিল । কিন্তু, সেই সময়ত তাই মোৰ ওচৰত নাছিল । বোধকৰোঁ জৰুৰী কালীন বিভাগত কাম কৰি থকা কাৰোবাৰ স'তে কথা পাতি তাই জমাই, হাঁহি আছিল । আমাৰ কোঠাটো পোৱাৰ আগতে পাই যোৱা আন তিনিটা শাখা কোঠাৰ দুৱাৰত ইতিমধ্যে তলা ওলমিছিল। কিন্তু, আমাৰ কোঠাটোৰ সোঁকাষেৰে পাৰ হৈ যোৱা কৰিদৰৰ সিপাৰৰ জৰুৰী কালীন বিভাগৰ আন দুটা কোঠাৰ লাইট সেইসময়ত জ্বলি উঠিছিল আৰু আন বাকী বেলেগ বিভাগৰ চাৰিটা কোঠাৰ দুৱাৰ ইতিমধ্যে বন্ধ হৈ গৈছিল । সন্ধিয়া নমাৰ পাছতে অফিচ আৰু ইয়াৰ সমগ্ৰ এলেকাটোৰ লাইটবোৰ জ্বলি উঠাৰ লগে-লগে ইয়াৰ পৰিবেশটো দিন যেন পোহৰ হৈ পৰে । সিদিনাও ইয়াৰ ব্যতিক্ৰম হোৱা নাছিল। বহাৰ পৰা থিয় হৈ খোলা দৰ্জাখনেৰে বাহিৰলৈ চাওঁতেহে গম পালোঁ ইতিমধ্যে আন্ধাৰ নামিছে ।
কামবোৰ সামৰি অফিচৰ গডৰেজ আৰু টেবুলৰ চেল্ফ কেইটাত তলা মাৰিবলৈ লওঁতেই হাঁহি-হাঁহি বিকি সোমাই আহিল । মিঠা বৰণীয়া , খুউব উজ্জ্বল চকুৰ , প্ৰায় পাঁচ ফুট দুই ইঞ্চি উচ্চতাৰ ক্ষীণ অথচ আটিল চেহেৰাৰ বিকিৰ পিন্ধনত তেতিয়া ব্লু জিঞ্চ্ আৰু এটা পাতল গুলপীয়া ৰঙৰ টিচাৰ্ট । দীঘল চুলিখিনি পনিটেইল কৰি বান্ধি থৈছে । ভৰিত ব্লেক কালাৰৰ স্পৰ্টচ্ চু' । মোৰ সন্মুখত তেতিয়া কথাই পতি হাঁহি থকা এইজনী বিকি । মোৰ খুবেই মৰমৰ তাই । কেৱল মোৰেই নহয় অফিচৰ সকলোৰে তাই প্ৰিয় । য'ত বিকি , ত'ত হাঁহি ।
:: হৈ গ'ল ?
মই গডৰেজত তলা মাৰি থকা অৱস্থাত দেখা পায় কোঠালৈ সোমায়ে বিকিয়ে মোক তেনেকৈ সুধিলে আৰু আন দিনাৰ দৰে লগে-লগে মোৰ টেবুলখনৰ ফাইল-পত্ৰবোৰ এফালৰ পৰা চিজিল কৰি টেবুলখন ব্ৰাচ ডাল মাৰি চাফা কৰি দিলে ।
::ওঁম হ'ল । ক'ত আছিলি ইমান পৰ ? মই পোনে-পোনে তাইলৈ চাই সুধিলোঁ ।
: এই ডেকা দা টোক অলপ টেঙা দি আহিলোঁ ।
তাইৰ ওঁঠত অন্ত নোহোৱা হাঁহিৰ ফিৰিঙতি ।
বুজিলোঁ , খোনাই-খোনাই কথা কোৱা জৰুৰী কালীন বিভাগৰ পদ্ম ডেকাক চাগে তাই ক'বলৈ দিলে " তিতা কেৰেলা , লেৰেলাই নে নেলেৰাকৈ কেনেকৈ ৰাখিব পাৰি ? নহ'লে লাউ পুলি লৰাই ৰুলোঁ , ৰুলোঁ লৰাই লফা ……। এই কেইটা খৰকৈ গাবলৈ দি ডেকাৰ মূৰটো গৰম কৰি তাই নিজে হাঁহি-হাঁহি ক'ব নোৱাৰা হৈ ওলাই আহি মোৰ ওচৰ পাইছেহি ।
এইজনী এনেকুৱাই আনক হঁহুৱাই ভাল পায় । নিজেও পেটত ধৰি হাঁহি-হাঁহি ক'ব নোৱৰা হয় ।
:: ডেকাক চাগে জোকাই আহিছ'?
:: ওঁম । আজি ক'লো , ডেকাদা পুতুৰ পকেটত পটেতৰ পেকেট এটা আছে । আপুনি ৰাজীৱক ফোন কৰি কৈ দিয়ক । পুতু নাহে । ৰাজীৱে লৈ আহিব । মই আপোনাক চাহ বনাই খোৱাই থৈ যাম । ডেকাদাই কি ক'লে জানে বাইদেউ , পুতু পট্ পট্ …"-এইবুলি তাই হাঁহিয়ে থাকিল । কথাষাৰ শেষ কৰিবই নোৱাৰিলে ।
:: হেই , এইজনী । কিমান হাঁহ' আৰু ?
#আগলৈ-২