Type Here to Get Search Results !

ভাওয়াইয়া গান

 ডেইজী চৌধুৰী


ভাওয়াইয়া গান হৈছে মূলত লোকসংঙ্গীত। ভাওয়াইয়া গানৰ উৎপত্তি হৈছিল কোচ-ৰাজবংশী জনগোষ্ঠীৰ মাজত । উত্তৰ বংগীয় অঞ্চলত এই গান ক্ষীপ্ৰতাৰে বিয়পিছিল। ভাওয়াইয়া শব্দৰ অৰ্থ হৈছে – খোলা পথাৰ বা গো-চৰণভূমি। সংস্কৃতৰ ভাব শব্দৰ পৰা ভাওয়াইয়া শব্দৰ উৎপত্তি হৈছে। এই গান মূলত নাৰী, নদী বা প্ৰকৃতিকেন্দ্ৰিক। ইয়াৰোপৰি এই অঞ্চলৰ মানুহৰ জীৱন, জীৱিকা, সামাজিক লোকাচাৰ, পৰিৱেশ, প্ৰকৃতি ইত্যাদিয়েও এই গানত ঠাই পায়। ভাওয়াইয়া গীত বা গানবোৰ বাংলাদেশৰ ৰংপুৰ, ভাৰতৰ পশিমবংগৰ কোচবিহাৰ আৰু অসমৰ গোৱালপাৰা জিলাত প্ৰচলিত। অন্তৰৰ আৱেগমিশ্ৰিত সুমধৰ ধ্বনি এই গীতৰ প্ৰাণ। 
'লোকসঙ্গীতকী' গ্ৰন্থৰ ৰচক বুদ্ধদেৱ ৰায়ৰ মতে- ভাওয়াইয়া গান পাঁচ প্ৰকাৰৰ । চিতান ভাওয়াইয়া, ক্ষীৰোল ভাওয়াইয়া, দীঘলনাশা ভাওয়াইয়া, গড়ান ভাওয়াইয়া আৰু মৈষালী ভাওয়াইয়া।দোতৰা হৈছে ভাওয়াইয়া গানৰ মূল বাদ্যযন্ত্ৰ। সেইবাবে ইয়াক 'দোতৰাৰ গান' বুলিও জনা যায়। দোতৰাৰ উপৰিও তবলা, সাৰিন্দা, ঢোল, বাঁহী ইত্যাদি বাদ্যযন্ত্ৰ বজোৱা হয়।আজিকালি ঠায়ে ঠায়ে হাৰমনিয়াম ব্যৱহাৰ কৰাও দেখা যায়। দোতৰাত ইস্পাতৰ তাঁৰৰ পৰিৱৰ্তে মূগা সূতা ব্যৱহাৰ কৰা হয়। 
 
      কোচ-ৰাজবংশীৰ উপৰিও ৰাভা, মেচ, যোগীৰ মাজতো এই গীত প্ৰচলিত।  ভাওয়াইয়া গানত কাহাৰবা আৰু দাদৰা তাল ব্যৱহাৰ কৰা হয়। সুৰসমূহক প্ৰাথমিক স্তৰত তিনি ভাগত ভগোৱা হয়। দৰিয়া, চটকা আৰু বৈতালিক। দৰিয়াক আকৌ সতাল, ক্ষীৰোল, চিতান, সোয়াৰি, গৰাল, চোলোন্তী দৰিয়া ইত্যাদি ভাগত ভগাব পাৰি। ঠিক সেইদৰে চটকাক খ্যামটি অঙ্গেৰ চটকা আৰু ঝুমুৰ চটকা নামেৰে ভগোৱা হয়। চটকা হৈছে ভাওয়াইয়াৰ অধপতিত বা অপভ্ৰংশ ৰূপ। বৌতালিক সুৰ তালহীন হয়। 

কেইগৰাকীমান প্ৰখ্যাত ভাওয়াইয়া গানৰ শিল্পী হ'ল ক্ৰমে – আব্বাসউদ্দিন আহমেদ, প্ৰতিমা পাণ্ডে বৰুৱা, নায়েল আলী, ভূপতি ভূষণ বৰ্মা, কল্পনা পাটোবাৰী ইত্যাদি। গোৱালপৰীয়া ভাওয়াইয়া গীতত সাৰিন্দা ব্যৱহাৰ কৰা হয়। ১৯৫০ চনৰ পৰা গোৱালপাৰা জিলাৰ ভাওয়াইয়া গীতৰ পৰিৱেশন ৰীতিত ব্যাপক প্ৰভাৱ পৰা পৰিলক্ষিত হয়। লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা পাণ্ডে বৰুৱাই এই গীতৰ দ্বাৰা এক বিপুল অৰ্থবহ গীত অসমবাসীক উপহাৰ দি গৈছে। গোৱালপৰীয়া ভাওয়াইয়া গীতৰ উদাহৰণ –

"মইষ চৰান হায়ৰে মৈষাল
হাতে নিয়া দড়ি
অৰণ্যে মৰিবি মৈষাল ঔ কান্দে তোৰ নাৰী" 

আনহাতে উত্তৰবংগীয় ভাওয়াইয়া গানে মাউত, মহ আৰু খৰস্ৰোতা নদীৰ কথা কয়। উত্তপবংগীয় ভাওয়াইয়া গীতৰ উদাহৰণ –
"ও কি গাড়িয়াল ভাই
ক'ত ৰব আমি পন্থেৰ দিকে চায়া ৰে
যেদিন গাড়িয়াল উজান যায়
নাৰী মন মোৰ ঝুইৰা ৰয় ৰে-
ও কি গাড়িয়াল ভাই
হাঁকাও গাড়ী তুই চিলমাৰীৰ বন্দৰে"

 বঙাইগাঁও