প্ৰগতি গগৈ চাংমাই
মাহ হালধিৰ গোন্ধেৰে আমোলমোল হৈ শিৰত দগমগীয়া সেন্দুৰৰ ৰেখা বোলাই বেলেগ এখন ঘৰত ভৰি দিলে আৰাধ্যাই। মনত বহুতো ভাৱৰ অগাদেৱা। নতুন ঘৰ, নতুন পৰিৱেশ, নতুন মানুহ।নিজৰ জন্ম হোৱা ঘৰখন এৰি অহাৰ দুখ, বুকুৰ আপোন মাক-দেউতাকক এৰি অহাৰ দুখত তাইৰ অন্তৰখন কঁপি উঠে। ছোৱালী হৈ জন্ম ল'লে এদিন আনৰ ঘৰ শুৱনি কৰি বোৱাৰী হ'বই লাগিব। তথাপি মনত এক অভিমান জাগে।
প্ৰথমতে অলপ আচহুৱা লাগিছিল। তথাপি মাকৰ শিকনিমতে আৰাধ্যাই সকলোকে আপোন বুলি ভাবি মৰম, শ্ৰদ্ধাৰে নিজৰ কৰিবলগীয়া কামবোৰ কৰি গৈছে। সকলোৱে আৰাধ্যাক নিজৰ ছোৱালীৰ দৰেই মৰম কৰিছে। আৰাধ্যাৰ সন্মুখত যেন পৃথিৱীৰ সমস্ত সুখে আহি ধৰা দিছে। শাহুৱেকে নিজৰ ছোৱালীৰ দৰেই এইটো নকৰিবা, এইটো এনেকৈ কৰে, এইগৰাকী তোমাৰ বৰমা, এয়া ওচৰৰ খুড়াশহুৰ এনেদৰেই সকলোৰে সৈতে চিনা-পৰিচয় কৰাই দিয়াৰ লগতে কামবোৰো শিকাই দিছে। পুৱাৰ ভাগত সকলোৰে বাবে ৰুটী বনাই দুপ।ৰীয়া আৰু গধূলি ভাতৰ যোগাৰ কৰে। গধূলিৰ ভাতসাজ শাহুৱেকে ৰান্ধে। আৰাধ্যাই নিজেই ৰান্ধিম বুলি কোৱা স্বত্বেও শাহুৱেকে নিজেই ৰান্ধে। তাই ৰন্ধা প্ৰথম ভাতসাজত তৰকাৰীত নিমখ অকণমান বেছি হৈছিল যদিও সকলোৱে তাইৰ শলাগ ল'লে। তাই উৎসাহিত হৈ পৰিল। দিনে দিনে তাই এগৰাকী ভাল ৰান্ধনী লগতে সুগৃহিণীও হৈ পৰিল। পুৱাই উঠি বাহি চোতাল-ঘৰ সাৰি গা ধুই গোঁসাই ঘৰত ধূপ-চাকি জ্বলাই প্ৰাৰ্থনা কৰে। তাৰ পাছত সকলোৰে বাবে পুৱাৰ আহাৰ তৈয়াৰ কৰে। ঘৰখনৰ সকলোৰে পছন্দ-অপছন্দৰ বস্তুৰ কথা ইতিমধ্যে তাই জানি উঠিছে। ওচৰৰ-ঘৰৰ সকলোৱে তাইক মৰম কৰে। অসীমৰ কথাতো ক'বই নালাগে। তাৰ মৰম যেন দুগুণে বাঢ়িল। চাকৰিটো হোৱাৰ পাছত এতিয়া অফিচলৈ যোৱাৰ আগতে আৰাধ্যাক আঁকোৱালি লোৱাটো নিত্য নৈমিত্তিক কাম। ইমান মৰম কৰা মানুহটোক স্বামী হিচাপে পাই আৰাধ্যাৰো ভাল লাগে। এখন সুখৰ সংসাৰৰ ছবি তাইৰ দুচকুত দোলা দিবলৈ ধৰিলে।