Type Here to Get Search Results !

অনিত্য সুখৰ বতৰা বিচাৰি

 দিপালী ৰাধিকা


 

জানো!তুমি কবি নোহোৱা,
কবি হ'বলৈও নিবিচৰা
কাৰণ, তোমাৰ অজলা হৃদয়ৰ গেঁৰপাখি
সপোনবোৰত ভৰ দি অৰঙে-দৰঙে ভ্ৰমি ফুৰা 
অনিত্য সুখৰ বতৰা বিচাৰি।

জানো! তোমাৰ হিয়া দুখত জৰ্জৰিত,
ৰ'দ ঘাই কলিজাত আশা হেৰুৱা কালজয়ী স্পন্দন
দুখৰ আতিসহ্যই কোঙা কৰিলেও,,
দিনান্তৰৰ অৱসাদ আতঁৰাই সংগোপনে অভিনয়ৰ
সুযোগ বিচৰা, ষোল্ল অনীয়া মঞ্চখনত
ভুমুকিয়াই থাকেহি তৰালি দেশৰ নীলাদৰ
জোনাক সিঁচা জোনাকী উপপাদ্যবোৰে
তোমাৰ ভাবনা ছবিঘৰৰ আৱেশ ফালি।

জানো! তোমাৰ আভিজাত্য সুখৰ কৰণিত ,
চন্দ্ৰসুধা বুটলি ফুলাব বিচৰা 
সেন্দুৰীয়া গোলাপৰ সুবাসিক কলি ।
স্বভাৱতে যদি সত্য হয়,কলমৰ আগত লিখা না
থুপি থুপি গুটিমালীৰে বুৰঞ্জীয়ে কথা ক'ব পৰাকৈ
জংকী -পানৈৰ,ৰোমিঅ'-জুলিয়েট অথবা দান্তে-বিয়েট্টিছৰ দৰে বালি চাপৰিত 
প্ৰাণ পোৱাকৈ এটি প্ৰেমৰ কবিতা ।

পাৰা যদি আঁকা না ! মন গলেই চাব পৰাকৈ,
হৃদয়ৰ অটুট স্নেহৰ বন্ধনেৰে !
ভূৱন ভোলোৱা মমতায়ী মনালিছাৰ ছবি,
লিঅ'নাৰ্ড দা ভিন্সিৰ হাতৰ তুলিকাত 
প্ৰাণৱন্ত হৈ উঠা ৰহস্যময় হাঁহি
যি হাঁহি চাই চাই আশ্বস্ত হ'ব পৰাকৈ ,
নৈপুণ্য প্ৰেমক জীয়াই তুলিব পৰাকৈ 
এখন জীৱন্ত ছবি।

হে কবি,,,তুমি,
পাৰিবা জানো আঁকিব বা লিখিব সৰগী সুখৰ কবিতা,
তুমি নোৱাৰা! তুমি নিজকে সন্তুষ্ট কৰিব নোৱাৰা,
কাৰণ তোমাৰ গতি ৰুদ্ধ কিম্বা অনিৰুদ্ধ !
তোমাৰ চিত্ত আত্মগোপন কৰি থাকে
একো একোটা পোৱালি মেলা বাটত ।

সেই বাবেই ক'ব খুজিছোঁ,
ব্যৰ্থা চেষ্টা নকৰিবা !
আন্ধাৰৰ সুৰুঙাৰে জোনাক হাকুটীয়াই আনিবলৈ,,
জ্যোৎস্না বিধৌত প্ৰবাহি সুৰে বান্ধিবলৈ ও চেষ্টা নকৰিবা কাৰণ,,,
তোমাৰ আভিজাত্য অংকবোৰত 
সন্মানৰ সমীকৰণত উত্তৰবিহীন হ'ব! 
মানৱ সভ্যতাৰ সুৰুচি পোছাক জোৰত
মানৱীয়তাৰ সংজ্ঞা কলংকিত হ'ব।

তেতিয়া তুমি নিৰুদ্দেশ হ'ব নোৱাৰিবা,
শেলুৱৈ শিল হ'ব ও নোৱাৰিবা
সেইয়ে তোমাক কাবৌ কৰিছোঁ 
পূৰ্বাহ্নৰ তেজাল কলিজাটো পিন্ধি
হৃদয়ত সূৰ্য্যটো স্থাপি অগ্ৰগামী হোৱা!
মানুহে মানুহৰ বাবে জীৱন জীয়াবলৈ
তুমি এজন সফল কবি হোৱা।

শিৱসাগৰ গেলেকী