Type Here to Get Search Results !

অৱসৰী শিক্ষকৰ এখিলা দস্তাবেজ (একাদশ খণ্ড)

 অৰুণা চেতিয়া খাটনিয়াৰ


    জীৱনত পোৱা কিছুমান মৰম আৰু আনন্দই সুকীয়া। অতুলনীয়।
     নিজে জন্মদিয়া ল'ৰা ছোৱালীয়ে মাক- দেউতাককতো ভাল পায়েই আৰু ই অৱধাৰিত (যদিহে বিশেষ ধৰণৰ নহয়) । ইয়াত মৰম, আবেগ,আকুলতা,তেজৰ সম্পৰ্ক সকলোবোৰ থাকে। দুখত দুখী,সুখত সুখী হোৱাৰ এক অতিশয় বিনন্দীয়া প্ৰক্ৰিয়া,এৰাব নোৱৰা।মাতৃ-পিতৃ হোৱা সকলৰ আন্তৰিক অনুভৱ,হৃদয়ৰ তাড়না সকলোৰে আছে।
       ক'বখোজা আনন্দৰ কথাটো বা স্বৰ্গীয় সেই আনন্দৰ অনুভৱটো হৈছে-,যাৰ পৰা নিজে জন্ম নিদিয়াকৈয়ে বা আনৰ ঘৰত লালিত-পালিতহৈ আহি পুত্ৰৰ লগত বিবাহ পাশত আবদ্ধ হোৱাৰ সূত্ৰে জন্ম দিয়া সন্তানটোৰ দৰেই বা ততোধিক আদৰ,মৰম বা সঁচা অন্তৰেৰে আকোঁৱালি ল'বপৰা সঁচা মৰমৰ যি অনুভৱ তাৰ লগত আন একো তুলনা হ'ব নোৱাৰে।
      কিমান বিশ্বাস,মৰম,সততা আৰু আন্তৰিক দায়বদ্ধতা থাকিলে মানুহজনৰ মাতৃ-পিতৃক অন্তৰেৰে আকোঁৱালি ল'ব পাৰে?
       তাতোকৈ সুখ আৰু আনন্দৰ কথা আন কিবা জানো থাকিব পাৰে?
      এই দুদিনীয়া জীৱনৰ বাবে স্থায়ীতো একোৱেই নহয়। গতিকে য'তেই থকা হয়, তাতেই যদিহে আনন্দ থাকে,সুখ থাকে ,ৰাজঅট্টালিকায়ো জানো সেই সুখ, আনন্দ দিব পাৰে? লাগে মাথোঁ মানুহক বুজিলৈ সেইমতে পৰিচালনা কৰি নিব পৰাকৈ আন্তৰিক প্ৰচেষ্টা। য'ত মানবীয় মূল্যবোধ থাকে, নৈতিকতাই য'ত হৃদয়ত পীৰা পাৰি বহি থাকে তাত অৱহেলা, অহংকাৰৰ কথা ঘূণাক্ষৰেও থাকিব নোৱাৰে।মিলন আৰু আনন্দৰ তাতেই মহামিলন ঘটে।
      ইয়াৰ বিপৰীতে আটাইতকৈ চাগে অসুখী হয় সেইসকলেই,যিয়েই এষাৰি মৰমৰ মাত বা সদ ব্যৱহাৰৰ আশা কৰিও নিৰাশ হ'বলগীয়া হয়।
      কেৱল মাত্ৰ মাতৃ-পিতৃয়েহে যে মৰম পাব লাগিব, তেওঁলোকেও যে মৰমেৰে আকোঁৱালি ল'ব নালাগিব এইটো কেতিয়াও ক'ব খোজা নাই। দিয়া - লোৱা,বুজা বুজিৰ মাজেৰেহে সুন্দৰ সংসাৰ এখন চলি থাকে।
      মৰমেৰে আকোঁৱালি লোৱাৰ পাছতো বহু পিতৃ- মাতৃৰ অন্তৰে হাহাকাৰ কৰি থাকে,সেয়াও দেখা পোৱা যায়।
       আচলতে এনে হ'ব নালাগে। এই কাৰণেই এনে হোৱা অনুচিত বুলি ভবা হয়যে, সন্তান সকলে ডাঙৰ-দীঘল হ'বলৈ এটা পৰিবেশ লাগিব ,যিটো পৰিবেশত মৰম, সহানুভূতি, শ্ৰদ্ধা,আস্থা আৰু বিশ্বাস থাকিব, তেনে পৰিবেশত সন্তানে আপোনা আপুনিয়ে এটা মৰমেৰে গঢ় দিয়া পৰিবেশ পাব। যিটো পৰিবেশ ধন, টকা-পইচা বা বহু ডিগ্ৰীধাৰী শিক্ষাইও দিব নোৱাৰিব।
       হিংসা বৰ্জিত এখন মানবীয় গুণসম্পন্ন সমাজৰ অংশীদাৰী হ'বলৈ আমি প্ৰতিজনেই যে চেষ্টা কৰিব লাগিব সেইকথা ঘৰুৱা পৰিবেশৰ মাজেৰে উপলব্ধ কৰোৱাব লাগিব। গান্ধীজীয়ে কৈছে -'সত্যই ঈশ্বৰ' ইয়াক অহিংসাৰেহে উপলব্ধি কৰিব পাৰি।'
       সঁচাকৈয়ে ,য'ত মৰম- স্নেহ,ক্ষমা- দয়া, সত্য, অহিংসা,প্ৰেম,পৰোপকাৰ ভাৱ থাকিব সৰু,ডাঙৰ নিৰ্বিশেষে প্ৰত্যেকেই প্ৰত্যেকক এজন মানুহ হিচাবে শ্ৰদ্ধা কৰিব , তেনেএখন সমাজৰ কথা আমি নিশ্চয় ভাৱিব লাগিব । মানৱ জীৱনৰ অনাবশ্যক জটিলতাখিনি এৰাই চলিবলৈ আমি আশাব্যঞ্জক বাটেৰে যাব লাগিব।
       শ্ৰীমদ্ভাগৱত গীতাৰ  সাংখ্য দৰ্শন সম্পৰ্কে ব্যাখ্যা আগবঢ়ায় ৰাধানাথ ফুকনে কৈছে -," অনুভূতিয়েই প্ৰেম,চিন্তাই জ্ঞান আৰু ইচ্ছাই কৰ্ম।" হয়, এই ধৰণৰ প্ৰেম,চিন্তা আৰু ইচ্ছাশক্তিৰ দ্বাৰা মানুহৰ লগত মানুহে সদ্ভাৱ সম্ভৱ কৰি ৰাখিব লাগে আৰু ৰাখেও।
       ভাৰতীয় দৰ্শনৰ মহান প্ৰবক্তা ড' সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছে -,The future depends what We think and will ( ভবিষ্যত নিৰ্ভৰ কৰে আমাৰ চিন্তা আৰু কৰ্ম প্ৰেৰণাত) ।
       আমাৰ ভবিষ্যত গঢ়িবলৈ আমি সকলোৱে  নিজে নিজে সাবধান নিশ্চয় হ'ব লাগে।সন্তানক ভাল মানুহ কৰি গঢ়িব পৰা সুবিধাকণ জানো আমি ল'ব নালাগিব? যিটো পৰিবেশ নেকি  উঠিঅহা সকলৰ বাবে অতিশয় দৰকাৰী।