নবীন চন্দ্ৰ মেধি
ফাগুনৰ এটি পৰশতে
জাগ্ৰত হয় হৃদয়ৰ
এটি আকুল অনুভূতিৰ ,
কি নাম দি মাতিম
মাতিম তোমাক
অ মোৰ হৃদয়ৰ গৰাকী ?
তাহানিৰ দিনত হোৱা হ'লে আজি গ'লোহেঁতেন তোমাৰ কাষলে ,
এতিয়া ফাগুন মানে নহয় জানা
কাষতে তোমাক পাবলে ,
এয়াযে ফাগুন মাথো তোমাক সোঁৱৰিবলে ।
ফাগুনৰ পছোৱা বতাহে
মন মোৰ উৰুৱাই নিলে
বাউলী ফাগুনৰ বা লাগি
হালে জালে গা জানানে ।
গোলাঘাট
৮১৩৫৮৭৪৮০৮ ।