গীতাঞ্জলি দেৱী
ঋতুৰ স্পৰ্শত জাগি উঠা কামনাৰ ৰং হেনো তেজগোঁৰা ,
আশাবোৰ দুৰন্ত
আৰু গতি অনন্ত ।
দৰদী সুৰ আৰু সুবাসিত বতাহে মোক আনমনা কৰি তোলে ,
মৌন ওঁঠত স্তুতি যেন উদ্ভ্ৰান্ত
অবাক নয়ন যেন নেজাল নক্ষত্ৰ
আৰু আৱেগ অপাৰ সমুদ্ৰ ।
নাজানো ফাগুনৰ এয়া কি গোপন মন্ত্ৰ !
ছাঁ পালেই জুৰাই লোৱা বুকুত কি এক মিঠা মন্থন ,
তচনচ কলিজাত এচোহা মৌ
লহৰ বাগৰা কত ঢৌ
ৰাঙলী আকাশ চুমি নামি আহে ৰুণ্-জুণ্ জোনৰ বৰষুণ
লাহে-লাহে , পাহে-পাহে ।
তোমাৰ স্পন্দিত বুকুত অকণমান জিৰাব দিয়া ,
তোমাৰ ওঁঠত ওঁঠ থৈ মইও ক'ম ভালপোৱাৰ কত কথা ।
মই যেন চিৰকাল এনেকৈয়ে ৰ'ম ,
মই যেন তোমাৰ মাজতে নিখোঁজ হ'ম ।