সবিতা বৰুৱা ফুকন-আলোকপাত
কবি কিশোৰ কুমাৰ দেউৰী দেৱৰ " বিশ্বাসৰ পৃথিৱীত সকলো আপোন" কাব্য সংকলন খন পঢ়ি অভিভূত হ'লো । ২০১৫ চনত প্ৰকাশিত হোৱা কাব্য সংকলন খন "পূৰ্বাঞ্চল প্ৰকাশ" দিশপুৰ;
গুৱাহাটী --৬ , প্ৰকাশ কৰি উলিয়ায় । বেটুপাত অংকন কৰে --অনুপম ভৰদ্বাজ,স্কেছ -সুজিত বৰুৱা ।
পঞ্চাশৰ অধিক ভিন্নস্বাদৰ কবিতাৰে সজাই তুলিছে তেখেতৰ কাব্য সংকলন খন ।
কবিয়ে মনৰ মাজত পঞ্জীভূত হৈ থকা ভাৱৰাজীক অতি সহজ সৰল আৰু প্ৰাঞ্জল ভাষাৰে বৰ্ণনা কৰিছে,পাঠকৰ বোধগম্য হোৱাকৈ । তেখেতৰ কবিতা বোৰত শব্দৰ জটিলতা দেখিবলৈ পোৱা নাযায়,যাৰ বাবে পাঠকে তেওঁ কবিতাৰ অৰ্থ অতি সহজতে বুজিবলৈ বা আয়ত্ত্ব কৰিব পাৰিব । তেওঁ কবিতাত প্ৰতিফলিত হৈছে জীৱন বাটত আগুৱাই যাওঁতে হোৱা বাস্তৱ অভিজ্ঞতা ।প্ৰকৃতিৰ অপূৰ্ব সৌন্দৰ্য বৰ্ণনা আৰু সচাঁ মানৱতা, মানৱতা যে মানুহৰ শ্ৰেষ্ঠ ধৰ্ম এই কথা প্ৰকাশ হোৱা লক্ষ্য কৰিব পাৰি ।
দেউৰী দেৱে তেওঁৰ কবিতা সমূহ এক অনন্য মানসিকতাৰে প্ৰকাশ কৰিছে । তেওঁৰ সৰহভাগ কবিতাৰ মাজেৰে বিশেষকৈ প্ৰকৃতিৰ জয় গান প্ৰতিফলিত কৰিছে ।
উদাহৰণ স্বৰূপে প্ৰকৃতিৰ অপূৰ্ব সৌন্দৰ্য বৰ্ণনা কৰি লিখা কেইটামান কবিতাৰ কিছু কিছু অংশ পাঠকৰ আগত দাঙি ধৰিছে এনে দৰে
"শিমলু প্ৰেমৰ অৰণ্য",ত
চ'ত মাহৰ আকাশত তুমি ফুলিছা /শিমলু ফুলিয়া ৰঙা ওঁঠৰ পাহিৰে ।.....
পূৰঠ তুলা হৈ উৰিবলৈ ওলাই
আহিবা / বসন্তৰ এদিন আবেলি /উৰি যাম দুয়ো গঢ়িবলৈ /আন এখন অৰণ্য /
শিমলু প্ৰেমৰ অৰণ্য ।
ঠিক সেইদৰে "ৰামধেনু স্বপ্ন স্বৰ্ণালী" কবিতাত, --
কুঁৱলী স্নেহৰ এখন ছবি হৈ
তুমি ৰৈ থাকিবা মোৰ বাবে
এপাহ জবা ফুল লৈ
এপাহ ৰঙা সাহস হৈ
দুচকুত সতেজ বিশ্বাস ।
..........
শীতৰ কোলাত উমাল
ৰ'দালিৰ স'তে /সিদিনা
উমাল হ'ব/ ডিচেম্বৰৰ দুপৰীয়া এটা......
সমুখত তুমি ঊষা
উচপিচাই থাকিবা
নিয়ৰসনা লাজত
শুভ্ৰ এখন চুৱেটাৰ হৈ
জবাফুলীয়া এখন
দেৱালৰ কাষত ।
ঠিক তেনেকৈ তেওঁৰ আন এটা কবিতাত কৈছে -
কোনেও নাজানে কাৰ বাবে
কিয় আৰু ক'লৈ দৌৰিছে সময়/ কেৱল দৌৰে /
তৃষ্ণাত দৌৰে সময়/
সময়ৰ দৌৰত ভাগিদাৰ সকলো / তৃষ্ণা নদীৰ বুকুৰ
ওপৰেৰে দৌৰে /তৃষ্ণাতুৰ
বলিয়া সময় ।
তেওঁ আন এটা কবিতা,
"শীতৰ বিদায় ক্ষণত"
উচুপনিৰে বিদায় ললে
নিয়ৰসনা শীতে
যাওঁ বুলি চুমা দি
ফাগুনৰ ওঁঠত....
.................
ডাৱৰৰ স'তে উমলি উমলি
যাবগৈ মোৰ নিয়ৰসনা শীত।
"ফাগুনৰ চিত্ৰ " নামৰ আন এটা কবিতাত....
নৈবোৰ বাম হৈ আৱৰণহীন হ'ল/ মতলীয়া হ'ল ফাগুনৰ
প্ৰেমত......
.................
পছোৱাৰ পাখিত উঠি
আহিছে ফাগুন আমাৰ ফালেও / চোতালত এজাৰৰ
পাত সৰিছে /সৰিছে ফাগুনৰ সৰাপাত হৈ ।
এনেদৰে প্ৰকৃতিৰ অপূৰ্ব সৌন্দৰ্য বৰ্ণনাৰে কবিতা বোৰে পাঠকৰ হৃদয় স্পৰ্শ কৰিবলৈ
সক্ষম হৈছে ।
দেউৰী দেৱৰ কবিতাত জীৱন আৰু জগতক ভাল পোৱাৰ প্ৰখৰ চেতনা লগতে কঠোৰ বাস্তৱতাৰ পটভূমিত যন্ত্ৰণাময় হৃদয়ৰ প্ৰকাশৰ মানস চিত্ৰ কল্প একোখন সুন্দৰ আৰু সাৱলীল ৰূপত প্ৰতিফলিত কৰাত সফ লতা লাভ কৰিছে । তাৰ উদাহৰণস্বৰূপে কেইটামান কবিতা পাঠকৰ আগত দাঙি ধৰিব পাৰি ......
"শিলবোৰ কেৱল শিল নহয়"
শিলক শিল বুলি নক'বা
শিলাময় হৃদয় বুলি নুদোষিবা মোক /তুমিতো নাজানা/ শিলত কটা ঘাৰ বেদনা কিমান /কিদৰে বিৰিঙি হয়
তেজ....
..................
তুমি তো নাজানা
কিমান আশাৰ মৰিশালী
এই শিল / কিমান নীৰৱ নিশাৰ লগৰী এই শিলবোৰ
শিলবোৰ শিল নহয়
চকুলোৰ শ্ৰুতলিপি।
"শব্দবোৰ নিৰ্বাক হ'ল",
শব্দবোৰ নিৰ্বাক হ'ল
শব্দ হীনতাত সকলোতে এতিয়া
গানবোৰ শুই গ'ল
নিস্তব্ধ হ'ল নদীৰ ঢৌবোৰ...
..............
শব্দ বুটলি থাকোঁতেই
ক'ৰবাত হেৰাই গ'ল
মোৰ শব্দ প্ৰিয়া।
কবি দেউৰী দেৱৰ কবিতাত সচাঁ মানৱতা আৰু মানৱতা যে মানুহৰ শ্ৰেষ্ঠ ধৰ্ম এই কথা প্ৰকাশ হোৱা এটা কবিতাই খুউব সুন্দৰ ৰূপত প্ৰতিফলিত হৈছে --কবিতাপুথি খনৰ শিৰোনামা কবিতাটোত ।
চকুত চকু থলে বিশ্বাস বাঢ়ে
বুকুত বুকু থলে বিশ্বাস বাঢ়ে
.............................. ....
ঢৌবোৰক নদীয়ে বিশ্বাস কৰে
নদীৰ সেয়েহে আছে
সাগৰীয় বিশ্বাস,
...............
বিশ্বাসৰ পৃথিৱী আমাৰ
তুমি মোক বিশ্বাস কৰা
মই তোমাক বিশ্বাস কৰো
বিশ্বাসত বুলোৱা থাকে
পৃথিৱীৰ গভীৰতম সেউজীয়া
.......................।
সেই দৰে আন এটা কবিতাত,
ঘন মেঘৰ আকাশৰ পৰা
সৰিছিল আবেগ,
......................
তলত হাত পাতি
ৰৈছিল মোৰ শৈশৱ
আহা বৰষুণ আহি
তিয়াই দিয়াহি মোৰ দুহাত
.......................
মুকুতা টোপালৰ স্পৰ্শ পাই
বিৰিঙিছিল মোৰ মুখত হাঁহি
বৰষুণ সিক্ত শৈশৱৰ হাঁহি।
তেখেতৰ আন কেইটামান কবিতাত প্ৰকৃতিৰ লগত প্ৰেমৰ অপূৰ্ব মিলনৰ চিত্ৰকল্প সুন্দৰ ভাৱে প্ৰকাশ হোৱা দেখা যায় ...
তিতিম বুলিয়েই তিতিম দেই
নয়নতৰা .....
আকৌ বৰষুণ পৰিছে
নয়নতৰা/ মুগাবৰণীয়া এটি
জাপি লৈ/ওলাই যাওঁ ব'লা/বৰষুণে জাপি দেখি
অভিমান কৰিব/
........................
বৰষুণে অভিমান কৰিলে
এৰি দিম মাটি বৰণীয়া জাপি
তিতি ভাঙিম বৰষুণৰ অভিমান,......
ঠিক সেইদৰে তেওঁ আন এটা কবিতাত.....
ছথৰীয়া ডাঙৰিয়ে
চিৰিপ্ চিৰিপ্ গীত জুৰে
পাহুৱাল ডেকাৰ কান্ধত!
...............
কুঁৱলীৰ আঁৰত নৰাণিত
লুকাল কুকুহা এহাল
..................
বগৰী এজোপাৰ গেজেপনিত
কপৌ চৰাই এহালৰ এসন্ধ্যা
চেনেহা -চেনেহী
ঠোঁটত ঠোঁট ! ,
সেই দৰে,"নৈপৰীয়া দুখ নৈপৰীয়া সুখ" নামৰ কবিতাটোত ......
বুকুৰ সমস্ত উৎকণ্ঠাৰে
মই কথা পাতো ঝাওবনৰ স'তে
কথা পাতো পিক্ নিক্
প্ৰেমৰ বালিৰ স'তে
......................
কিমান সহিবি ত ই
অ' মোৰ দিখৌমুখ
কিমান খহিল তোৰ
নৈপৰীয়া সুখ ।
কবি দেউৰী দেৱৰ " অভিনৱ অভিমন্যু"নামৰ কবিতাটো জীৱন আৰু জগতক ভাল পোৱাৰ প্ৰখৰ চেতনা লগতে কঠোৰ যন্ত্ৰণাময় বাস্তৱতাৰ পটভূমিত অনুভৱী হৃদয়ৰ প্ৰকাশ যেন অনুভৱ হয়।
কবিতাটোত তেওঁ কৈছে ---
তুমি উজাগৰে থাকিলে আই
ময়ো উজাগৰে থাকো
তুমি উচুপিলে ময়ো উচুপো
আৰু তুমি যদি হাঁহিলাহেঁতেন
ময়ো হাঁহিলোহেঁতেন!
আই মোৰ
তোমাৰ গৰ্ভ ই মোৰ দেশ
তোমাৰ গৰ্ভ ই মোৰ পৃথিৱী ,
..................
................
শুনিছো তোমাৰ দেশত
এতিয়া ও জন্ম হয়
দিনহীন কৰ্ণৰ
পথৰ দাঁতিত লৌহ ডাষ্টবিনত
নিঠৰুৱা হয় দাতা কৰ্ণ
..................
তিনি আলিত বিস্ফোৰিত হয়
অযুত স্বপ্ন,
এন্ধাৰ গলিত বিনিময় হয়
ক'লা চুইট্ কেছ
নিতৌ ৰচিত হয়
বধ্যভূমিৰ আখ্যান উপাখ্যান
............
মোৰ ক্ষুদ্ৰ অনুভৱেৰে শেষত ক'ব পাৰোঁ কবি ড০ কিশোৰ কুমাৰ দেউৰী দেৱৰ কাব্য সংকলন খন এমুঠি সেউজীয়া সুবাসেৰে জিল মিলাই উজ্বলি উঠা এখন অনন্য কবিতা পুথি ।