ৰেখামণি চাৰিঙীয়া
শিৱৰাত্ৰি দুটা শব্দ লগ হৈ গঠিত হৈছে।শিৱৰ অৰ্থ হৈছে-ভগৱান শিৱ আৰু ৰাত্ৰিৰ অৰ্থ হৈছে-নিশা।সেইবাবে শিৱৰাত্ৰিৰ অৰ্থ হৈছে-ভগৱান শিৱৰ নিশা।
গ্ৰহ স্থিতিৰ আধাৰত মাৰ্চ মাহত পালন কৰা সকলোতকে মহত্বপূৰ্ণ উৎসৱ হয়।প্ৰায় সকলো ৰাজ্যতে এই দিনটো অত্যন্ত ধাৰ্মিক পবিত্ৰতা আৰু উৎসাহেৰে পালন কৰা হয়।
মহাশিৱৰাত্ৰি ভগৱান শিৱ আৰু দেৱী পাৰ্ৱতীৰ মিলনৰ প্ৰতীক হয়।
সতীৰ মৃত্যুৰ পাছত ভগৱান শিৱ গম্ভীৰ তপস্যাৰ ফালে গভীৰ ধ্যানত বিলীন হৈ পৰিছিল।সতীয়ে দেৱী পাৰ্ৱতীৰ ৰূপত পূৰ্ণ জন্ম লৈ আৰু দেৱী পাৰ্ৱতী ভগৱান শিৱৰ পত্নী হৈ যায়।
দেৱী পাৰ্ৱতীয়ে ভগৱান শিৱক প্ৰসন্ন কৰিবলৈ কঠোৰ তপস্যা কৰিছিল।কিন্তু ভগৱান শিৱই নিজৰ ধ্যানৰ পৰা বাহিৰ হবলৈ মান্তি হোৱা নাছিল। দেৱী পাৰ্ৱতীয়ে নিজৰ কঠোৰ তপস্যা অবিৰতভাৱে কৰি থাকিল।আৰু অৱশেষত দেৱী পাৰ্ৱতীৰ কঠোৰ তপস্যাৰ বাবে ভগৱান শিৱই দেৱী পাৰ্ৱতীৰ সমপৰ্ণ,ভক্তি আৰু অসীম প্ৰেমৰ বাবে প্ৰভাবিত হল।আৰু অন্তত দেৱী পাৰ্ৱতীক ভগৱান শিৱই নিজৰ পত্নী ৰূপে স্বীকাৰ কৰিলে।
মহাশিৱৰাত্ৰি ফাগুন মাহৰ আন্ধাৰৰ ১৪দিন ভগৱান শিৱ আৰু দেৱী পাৰ্ৱতীৰ মিলনৰ প্ৰতীক হয়।
মহাশিৱৰাত্ৰিৰ দিনা গ্ৰহৰ স্থিতি এনে হয় যে-শৰীৰত ওৰ্জা আৰু আধ্যাত্মিকতাৰ বৃদ্ধি হয়।ঋষি-মুনিসকলৰ অনুসাৰে-শিৱৰাত্ৰি মাহৰ সকলোতকে অন্ধকাৰ দিন হয়।তেন্তে শিৱৰাত্ৰিৰ অৰ্থ হৈছে-জীৱনৰ আন্ধাৰৰ ওপৰত জয় লাভ কৰাৰ উৎসৱ।।
দেৱাদিদেৱ মহাদেৱৰ বিবাহ উপলক্ষে শিৱৰাত্ৰি তিথিটো বৰ ধুমধামেৰে মহাদেৱৰ নামত ব্ৰত ৰাখি শ্ৰদ্ধা সহকাৰে,পূজা কৰি পালন কৰা নিয়মটো সকলোৱে দেখি আহিছে।সকলোৱে শিৱ মন্দিৰক লৈ মহাদেৱক লৈ বিশেষকৈ শাওণ মাহ আৰু শিৱৰাত্ৰিক লৈ যথেষ্ট উৎসাহিত হৈ আহিছে।মহাদেৱৰ বাবে ১৬টা সোমবাৰৰ ব্ৰত ৰাখিলে উপযুক্ত বৰ পোৱা যায়।কিন্তু জ্যোতিষ শাস্ত্ৰ অনুসৰি মহাদেৱৰ পূজনে কেৱল মাত্ৰ উপযুক্ত বিবাহ প্ৰাৰ্থীয়ে নহয়,জীৱনত থকা বহুতো বেয়া দিশ আঁতৰোৱাত সহায়ক কৰে।বিভিন্ন বাধা-বিঘিনি আঁতৰাই জীৱনত সংগ্ৰাম কৰিবলৈ অন্তৰত সাহস আৰু বিশ্বাসৰ সৃষ্টি কৰে।মহাদেৱৰ পূজাই মানুহক চিন্তামুক্ত কৰে।দৰিদ্ৰতা আঁতৰাই আৰোগ্য লাভ কৰায়।বৈবাহিক জীৱনত থকা বিবাদ দূৰ কৰাত সহায় কৰে।প্ৰতি মাহৰে কৃষ্ণ পক্ষৰ চতুদৰ্শী তিথিত মহাদেৱৰ পূজা কৰা হয়।যাক শিৱ চতুৰ্দশী পূজা বুলিও কোৱা হয়।
শিৱৰাত্ৰিৰ উপলক্ষে মহাদেৱৰ পূজনৰ কিছু বিধি-
১/মহাদেৱৰ পূজাৰ বাবে,স্নান আদি কৰি,শুদ্ধ নিক বস্ত্ৰ পৰিধান কৰাটো অত্যান্ত প্ৰয়োজন।।
২/শিৱ লিংগত পানী,গাখীৰ,মৌ,দৈ,ঘীঁউ আৰু চন্দনৰে পূজা দিব লাগে।এইভাগে কৰা বিধিক মহাদেৱৰ অভিষেক কৰা বুলি কোৱা হয়।
৩/শিৱ লিংগত বেলপাত,পদুম ফুল,ধতুৰা ফুল,আৰু বগা ফুল অৰ্পণ কৰিব লাগে।
৪/মহাদেৱৰ সন্মুখত ঘীঁউৰ বন্তি জ্বলাব পাৰিলে ভাল।মিঠাতেলৰ চাকিও জ্বলাব পাৰি।ধূপ জ্বলাব।লগতে কৰ্পূৰ জ্বলাই মহাদেৱৰ আৰতি কৰিব।বাদ্য হিচাপে টিলিঙা বজাব লাগে।
৫/শিৱ লিংগত পূজা দিয়াৰ লগতে ভগৱান শ্ৰী গণেশৰ আৰু মা দূৰ্গাৰ আৰাধনা কৰিব। শিৱ লিংগত কেতিয়াও সেন্দূৰ,হালধি বা অইন শৃংগাৰৰ সামগ্ৰী দান নকৰিব।
৬/শিৱ লিংগত পানী দিওঁতে,সেই জলত তুলসী পাত নিদিব।অথবা তুলসীৰ পানী শিৱ লিংগত অৰ্পণ নকৰিব।
৭/আপুনি যদি ঘৰত শিৱ লিংগ স্থাপন কৰিছে,তেন্তে লিংগৰ লগত নাগ জড়িত কৰি ৰাখিব।
৮/প্ৰসাদ হিচাপে পঞ্চামৃত অৰ্পণ কৰিব পাৰে।বেল ফল প্ৰদানে,মানুহৰ আশু আৰোগ্য কামনা কৰিব পাৰে।প্ৰত্যেকদিনা অৰ্পণ কৰা বেল ফলে আপোনাৰ জীৱন দীৰ্ঘায়ু কৰিব।
৯/ঘৰত যদি শিৱ লিংগ স্থাপন কৰিছে,তেন্তে শিৱ লিংগৰ আশে-পাশে মা দূৰ্গা আৰু শ্ৰী গণেশৰ ফটো বা মূৰ্তি ৰাখিব।
১০/কেতিয়াও নাৰিকলৰ পানী শিৱ লিংগত নাঢালিব।নাৰিকল গোটাকৈ ফল হিচাপে ভগৱান শিৱক আগবঢ়াব পাৰে।।