প্ৰগতি গগৈ চাংমাই
বিয়াৰ দিনা যথা সময়ত অসীম দৰা সাজত আহি আৰাধ্যাহঁতৰ পদূলিত উপস্থিত হ'লহি। সকলোৱে উলহ-মালহেৰে দৰাক আদৰি ৰভাতললৈ লৈ আহিল।
সকলোৰে উপস্থিতিত বিয়াঘৰৰ পৰিৱেশ উৎসৱমুখৰ হ'ল। আনন্দত কোনোবাই বিহুগীত জুৰিছে ,কোনোবাই নাচিছে। মুঠতে স্ফূৰ্তিত সকলো মচগুল। কইনাঘৰৰ আতিথ্যত সকলো সুখী হ'ল। দৰা অহা গম পাই কইনা আৰাধ্যাক লগৰ সকলোৱে জোকাবলৈ ধৰিলে।
"দেখিছ? আমাৰ আৰাধ্যাৰ কমখন ভাগ্য নহয়। দৰা একদম সময়ানুৱৰ্তীতা মানি চলা ল'ৰা । দৰাই ঠিক সময়মতেই ওলাইছেহি। পলম হ'লে জানোচা আৰাধ্যাক তেওঁলৈ আমি বিয়া নিদিম যেন। "
"অ, অ! কিছু ধুনীয়া দেই। মই আকৌ আজিহে দেখিছোঁ।''
"যাহ.. যি টি কৈ থাক তহঁতে। "
"তাইৰ লাজ চোৱা।"
এজাউৰি হাঁহিত মুখৰ হৈ উঠিল বিয়া ঘৰখন।
" কইনা উলিয়াই নিবৰ হ'ল ।"
কথাষাৰ শুনিহে যেন আৰাধ্যাৰ মনটো সমস্ত দুখে হেঁচা মাৰি ধৰিলেহি। ইমানপৰে লগৰ কেইজনীৰ লগত ধেমালিতে সময় কটাই আছিল। তাই সজোৰে কান্দি উঠিল।
পিতৃগৃহ এৰি মাতৃৰ উমাল বুকুৰ পৰা আঁতৰি আন এখন ঘৰলৈ গৈ অচিনাকি মানুহবোৰক আপোন কৰি লোৱাটো কিমান কষ্টকৰ সেয়া এজনী ছোৱালীৰ বাদে আন কোনে বুজিব? ছোৱালী জীৱন এৰি বোৱাৰী হৈ ঘৰ ধৰিবগৈ লাগিব। বিয়ানামৰ কলিবোৰে তাইৰ কান্দোন বঢ়াত যেন আৰু সহায় কৰিছে
"কান্দা বাইদেউ কান্দাচোন
চকুৰ পানী টুকাচোন
চকুৰ পানী নোলায় যদি
লোটাৰ পানী ঢালাচোন।"
আকৌ গাইছে-
"ঔ গছৰ কোমল কুঁহি, ভাটৌ পৰি খায়
মা দেউতাৰ চকুৰ মণি লোকে লৈয়া যায় ।
নীলাকৈ আকাশত ৰঙাকৈ বেলি
চলাব লাগিব লোকৰ ঘৰ খনি
আনিব লাগিব দূৰণিৰ পানী
লব যে লাগিব ওৰণি টানি ।"
জাউৰিয়ে জাউৰিয়ে বিয়ানাম , উৰুলি আৰু ভকতৰ আশীৰ্বাদ শিৰত লৈ আৰাধ্যা জন্মঘৰখন এৰি আনৰ ঘৰ শুৱনি কৰিবলৈ যাবলৈ সাজু হ'ল। মাকৰ ডিঙিত ধৰি ভালকৈ এসোঁতা কান্দি ল'লে। কোনে কাক বুজাব? মাক-দেউতাক দুয়ো ডাঙৰ ছোৱালীক ঘৰখনৰ পৰা উলিয়াই দিয়াৰ শোকত ম্ৰিয়মান। বৰমাকহঁতে শিকোৱা বিধিমতে ঘৰৰ পৰা বাহিৰলৈ ওলাই আহোঁতে পিছলৈ নাচাই চাউল চাটি মাৰি আৰাধ্যাই মাকৰ সোঁহাতৰ তলেদি সোমোৱা নিচিনা কৰি বাওঁফালে চালে, বাওঁফালে তেনেকৈ হাতৰ তলেদি চাই সোঁফালে চালে আৰু শেষত সোঁফালে হাতৰ তলেদি চাই বাওঁফালে ওলাই আহিল। আয়তীসকলে উৰুলি ধ্বনি দিলে। মাকে চকী এখনতে বহি পৰিল। খুৰীয়েকে মাকক বুজোৱাত লাগিল। বৰদেউতাকৰ পুতেক অনুৰাগে নি আৰাধ্যাক গাড়ীত বহাই দিলেগৈ।