Type Here to Get Search Results !

অৱসৰী শিক্ষকৰ এখিলা দস্তাবেজ (দশম খণ্ড)

 অৰুণা চেতিয়া খাটনিয়াৰ


   কিছুমান পুৰণি কথা সোঁৱৰণে মনত আনন্দ দিয়াৰ উপৰিও সাহস আৰু প্ৰেৰণা যোগায়।
     এটা সময়ত সাংসাৰিক ব্যস্ততাৰ মাজতে চেগা চোৰোগাকৈহে লেখা-মেলা কাম কৰিছিলোঁ।লেখা পঢ়া কৰিবলৈ যথেষ্ট মন থাকিলেও সময়ে সুযোগ দিয়া নাছিল বাবে সেৰেঙাকৈহে লেখা হৈছিল। তেতিয়া হঠাৎ কোনোবা খন কাকতলৈ পঠায়ো দিছিলো।
     সকলো বাতৰি কাকত যিহেতু লোৱা নহয়, প্ৰকাশ পাইছেনে নাই খবৰো পোৱা নহয়। স্থানীয় ভাৱে প্ৰকাশ কৰা নতুন কাকত, আলোচনী আদি বিলাকৰ কথা বাৰু কপি এটা পোৱা হয় বাবে জানিব পৰা যায়।
     মনত পৰিছে, কেইজনমান নমস্য ব্যক্তিয়ে তেতিয়া বাটে-পথে দেখিলে চিঞৰি কৈ যায়-হেই অৰুণা ,আজি জনমভূমিত তোমাৰ ' শৰত আহিল বুলিয়ে ' কবিতাটো পঢ়িলো। ভাল লাগিল,লিখি থাকা।
     আকৌ কেতিয়াবা হেই , সাপ্তাহিক সাঁচি পাতত তোমাৰ 'অমুক' কবিতাটো , সীমান্ত অসমত তমুক কবিতাটো, নতুন দৈনিকত একেলগে তিনিটা পঢ়িলো।লিখি থাকা।
     তেখেত সকল হৈছে নাজিৰা উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ শ্ৰদ্ধাৰ প্ৰয়াত প্ৰফুল্ল দত্ত ছাৰ। শিমলুগুৰি ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰদ্ধাৰ  প্ৰয়াত নীল বৰগোহাঁই ছাৰ, শিৱসাগৰ মহাবিদ্যালয়ৰ অধ্যাপক, বৰ্তমান অৱসৰপ্ৰাপ্ত শ্ৰদ্ধাৰ শ্ৰীযুত ঘন হাজৰিকা ছাৰ,শিক্ষাগুৰু শ্ৰদ্ধাৰ শ্ৰীযুত দুৰ্লভ বুঢ়াগোহাঁই ছাৰৰ কথা মনলৈ আহিছে। আনহাতে বন্ধু শ্ৰীবুলু চেতিয়া,বন্ধু প্ৰয়াত ইনামূল মুজিদ খান , ৰাজীব পানীফুকন , কমলাকান্ত বৰা আদিয়ে ক'ৰবাত কিবা এটা পঢ়িবলৈ পালে চিঞৰ বাখৰ কৰে। এইবোৰ কথাই মনত সাহস আৰু প্ৰেৰণা যোগায়। তেখেত সকলে  মৰম আৰু শুভেচ্ছাৰে উপচাই দিয়ে। বহুত ভাল লাগে।তেখেত সকললৈ আন্তৰিক শ্ৰদ্ধা উপজে।
     সাংবাদিকতাৰ ক্ষেত্ৰত তেখেত সকলৰ দখল আছিল বাবে বিভিন্ন কাকতৰ লগতো যোগাযোগ থাকে ,পঢ়ে।
     আনহাতে শিক্ষকতা আৰু সাংবাদিকতাৰ লগত মোৰ গিৰিহত জনো জড়িত আছিল বাবে সকলোৰে লগত চিনা পৰিচয়ৰ স'তে ঘৰুৱা সম্পৰ্কও আছিল।তেখেত সকলৰ সঘন আহ- যাহ, তেনেই আপোন।
     আনহাতে শিক্ষকৰ আহ- যাহৰ কথা জানো নক'লে হ'ব?
     শিক্ষক কৰ্মচাৰী সংস্থাৰ বিভিন্ন দায়িত্বত আমাৰ গিৰিহঁত জন আছিল।  শাখাৰ, জিলাৰ আনহে নালাগে কেন্দ্ৰীয় কমিটিৰো বিষয় ববীয়া আছিল বাবে বিভিন্ন সময়ত বিভিন্ন জন আহিছিল।
     কেন্দ্ৰীয় কমিটিৰ সেই ছাৰ সকলৰ কথা শ্ৰদ্ধাৰে সুঁৱৰিছো। সকলোৰে নাম এই সময়ত মনলৈ আনিব পৰা নাই যদিও  আশিষ ৰঞ্জন দে মহাশয়,জীৱকান্ত বৰা মহাশয়ৰ কথা মনলৈ আহিছে। আমগুৰিৰ প্ৰয়াত মুনীন গগৈ ছাৰলৈ বৰকৈ মনত পৰে। আজি কিছু দিনৰ আগতে নামনি অসমৰ শ্ৰদ্ধাৰ কমল  শইকীয়া ছাৰে এইফালে কিবা কাৰণত পৰিয়ালৰ স'তে আহোঁতে আগতে তেওঁ থাকোঁতে অহাৰ বাবেই ইমান বয়সতো সোমাই মোৰ খবৰ-খাতি লৈ যোৱা কথাই অন্তৰত সুখানুভৱ জগাই তোলে।
     শিক্ষক কৰ্মচাৰী সংস্থাৰ বিভিন্ন কাৰ্যপন্থা সম্পৰ্কীয় আলোচনা কৰিবলৈ স্থানীয় বিশেষ বিষয়ববীয়া সকলে সঘনাই ঘৰুৱা ভাবে আহ-যাহ কৰা  পৰিবেশো বৰ সুখদায়ক আছিল। শ্ৰদ্ধাৰ দুলালদত্ত ছাৰ, পবিত্ৰপ্ৰাণ ভট্টাচাৰ্য, দীপ্তিময়ী গগৈ বুঢ়াগোহাঁই বাইদেউ এই সকলৰ সান্নিধ্যই এতিয়াও যথেষ্ট আনন্দ দিয়ে।
     তদুপৰি মানুহ জন নতুন সাহিত্য পৰিষদৰ লগত জড়িত আছিল বাবে গুৱাহাটীৰ পৰাও এটা সময়ত ভালে কেইজন ব্যক্তিৰ আগমন হৈছিল। শ্ৰদ্ধাৰ লেখক ৰত্ন ওজা, মুকুট ভট্টাচাৰ্য্য মহাশয় আহিছিল। শ্ৰদ্ধাৰ হোমেন বৰগোহাঞিৰ লগতো ঘৰুৱা ভাবে কথা বতৰা পাতিছিল সাংবাদিকতাৰ দিশত। স্থানীয় ভাবে নাজিৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ইংৰাজী বিভাগৰ বিষয় শিক্ষক প্ৰয়াত কীৰ্তি বৰুৱা ছাৰ, কেশৱ গোহাঁই ছাৰ, নাজিৰাৰ গোপাল গগৈ,বেতবাৰীৰ গোপাল গোহাঁই এইসকলৰ লগত অতি সু সম্পৰ্ক আছিল।
      বিভিন্ন কাৰ্যসূচী লৈ গুৱাহাটীলৈ গ'লে শিক্ষক সকলৰ বাবে পল্টন বজাৰৰ বৃন্দাবন,মধুবন এইকেইখন হোটেল ঘৰুৱা আছিল।
     শহুৰ দেউতা শ্ৰদ্ধাৰ প্ৰয়াত চন্দ্ৰকান্ত খাটনিয়াৰ। তেখেতৰ লগতো ঘৰলৈ বিভিন্ন জন অতিথিৰ আগমন ঘটিছিল। অতিথিৰ আগমন ঘটা ব্যস্ততাপূৰ্ণ ঘৰ এখনৰ কৰ্মব্যস্ত জীৱন সঁচাকৈয়ে সুখদায়ক। মানুহ মানুহৰ বাবে আৰু মানুহৰ বাবেই মানুহ ভাবিলে এই কথাটোৱে মনত অতিশয় সন্তুষ্টি প্ৰদান কৰে।