Type Here to Get Search Results !

যাত্ৰীবাহী ৰেলৰ অপেক্ষাত

নবীন চন্দ্ৰ মেধি


সকলোৱে ব্যস্ত হৈ পৰিছে 
যাত্ৰীবাহী ৰেলৰ অপেক্ষাত ,‌
লৰা ঢাপৰা হৈ চৈ 
কাৰো বাবে নাই সময় থাকিবলৈ ৰৈ । 
নমাই নামিছে , উঠাই উঠিছে , 
আহক দাদা , আহক বাইদেউ , 
অট'ৱালা ৰিক্সাৱালাই 
হাতত ধৰি টানিছে । 
যাত্ৰীবাহী ৰেলখন পাৰ হৈ গ'ল , 
হুলস্থুলীয়া ৰেলৱে ষ্টেচন নিজম পৰি ৰ'ল ।