তুলিকা বৈশ্য দাস গুৱাহাটী, সোণাপুৰ
হে দয়াময়,
তুমি জ্যোতিৰ্ময়...
তোমাৰ স্থিতিতেই সকলো আলোকময়
আকাশো নীলাময়, এন্ধাৰো হয় জোনাকময়
তোমাৰ অবিহনে নিজকেই বিচাৰি নাপাওঁ
তুমি সুলভ নে দুৰ্লভ বুজিও নাপাওঁ
পোহৰ হৈ নিতৌ লোৱা আকোঁৱালি
এন্ধাৰ হৈ যোৱা আঁতৰি
নোৱাৰোঁ ৰাখিব ধৰি
তুমিয়েই অধিকাৰী
স্বভাৱত নিয়মবোৰ তোমাৰ অলৰ-অচৰ
নিজেই আহি নিচেয় চপা ওচৰ
প্ৰতিদিনে কৰা অহা-যোৱা
দেহবিহীন স্পৰ্শ দিয়া
ভাগৰুৱা আত্মাই শুই পৰে যেতিয়া
অজানিতে আহি আলফুলে জগাই দিয়া
পোহৰাই তোলা যেন দুবাহুৰে কোলাত তোলা
বহুত হʼল , আৰু নকওঁ দিয়া...
কোৱা চোন কোৱা
কি যে আকৰ্ষণীয়, আদৰণীয়, অতি মোহনীয়া
কৰ্মই যে ধৰ্ম তুমিয়েই সুন্দৰকৈ বুজাই দিয়া
সেই বাবেই ধৰণী ধুনীয়া সেউজীয়া
দেখিবলৈ খলা-বমা
নৈ-নিজৰা, সাগৰ-হ্ৰদ
পাহাৰ-পৰ্বতেৰে ভৰা
সকলোৰে কাম সুকীয়া
বহুত দীঘলীয়া আৰু নকওঁ দিয়া...
কোৱা চোন কোৱা
জানিছোঁ... তুমিও প্ৰেমত পৰিছা
প্ৰেমৰ সোঁত বৈ আছে নৈ হৈ
চোৱা চোন চোৱা
কিন্ কিনিয়া বৰষা হৈ সঘনে আহা যেতিয়া
ভৰ বাৰিষা হয় তেতিয়া
বহুত কʼলোঁ আৰু নকওঁ দিয়া...
কোৱা চোন কোৱা
তুমি সচাঁকৈয়ে প্ৰেমতেই পৰিছা
তোমাৰ ঢলত পাহাৰো ভাঙে
হস্তীৰো পাৱ পিছলে
সাগৰৰ পানীও হৈছে লুণীয়া
দেখিছোঁ...
সমুদ্ৰৰ তলি সৌম্য-শান্ত
পৃষ্ঠত জোৱাৰ ভাটা
ভূ-গৰ্ভতো আস্ফালন
পৃষ্ঠত তেতিয়াই কম্পন, স্খলন
জগত-মহাজগতৰ দৃশ্য-অদৃশ্য শক্তি
তোমাৰেই স্থিতিৰ কাৰণ
বৰফেৰে ঢাক খাই আছে বহু অঞ্চল
সুমেৰু-কুমেৰুৰ সৃষ্টিও তোমাৰেই কাৰণ ।
হে ভগৱান,
তুমি সকলোতেই বিদ্যমান
আত্মা হৈ থাকি পৰমাত্মাৰ সʼতে
তুমিয়েই ঘটোৱা মিলন
তুমিয়েই উদ্ধাৰ কৰা জীৱন
তুমি প্ৰিয়তম...হে দয়াময়...
দয়া কৰি আমাক দিয়া দৰিশন...