Type Here to Get Search Results !

নীলাখামৰ চিঠি

 সুনম বিশ্বাস

(বৰদিন বিশেষ)


মৰমৰ
ধুনু,
         দেউতাৰ পৰা এগাল মৰম আৰু আৰ্শীবাদ তোমালৈ। আশা কৰোঁ কুশলে আছা। মাৰা ভালে নহয়? মই ভালে আছোঁ ৰ'বা। ধুনুমা পঢ়া-শুনা ঠিকমতে কৰিছা নহয়? মাৰাক বিৰক্তি কৰা চাগে নহয় নে? দুষ্টামীবোৰ কমিছে নে ?বৰদিনলৈ বেছি দিন নাই, ভাল খবৰ এটা দিবলৈ আজি একলম লিখিব বহিছোঁ ।এইবাৰ 'মেৰী খ্ৰীষ্টমাছ 'একেলগে উদযাপন কৰিম। দেতাই ছুটী ল'ব বুলি দাত্বিয়বোৰ সোনকালে শেষ কৰিবলৈ অহৰ্নিশে ডিউটি কৰিছে,মা। এবাৰো দেতাৰ লগত গীৰ্জালৈ যাবলৈ নোপোৱাৰ দুখে খুঁটি খুঁটি খাইছে তোমাৰ কোমল হিয়াখন নহয়নে? অভিমানবোৰ লাভাৰ টুকুৰা হৈ উতলিছে চাগে? মাৰাৰো একেই নীৰৱ অভিমান, পৰিয়ালক সময় নিদিয়াৰ অভিযোগ। তাই খঙৰ ভমকত  অগ্নিশৰ্মা হৈ আছে নহয় নে? শুনা মা তোমাৰ বাবে কাশ্মীৰি চোলা এটা কিনিছো আৰু মাৰাক ক'বা তেওঁ ভালপোৱা লাহি, উমাল কাশ্মীৰি চাদৰ এখন কিনি থৈছো। এইবাৰ লৈ যাম। দেতালৈ খং নকৰিবা ধুনুমা। পিতৃ স্নেহৰ পৰা দূৰত থাকি এক অবুজ বেদনাই তোমাৰ হিয়াত কুঠাৰাঘাত মাৰে, বুজি পাওঁ ধুন,কি কৰিব দেতাই কোৱা? দেতাই যে দেশৰ হিতস্বাৰ্থত আত্মবলিদান দিবলৈয়ো প্রতিজ্ঞাবদ্ধ । মাৰাৰ অভিমানবোৰ চাগে এচটা শিললৈ ৰূপান্তৰিত হৈছে। নোপোৱাৰ বেদনাই মোৰো বুকুখন উফন্দি উঠে। স্মৃতিবোৰে মৰুভূমিৰ কেকটাছ হৈ বিন্ধে।
                 আজিলৈ সামৰিছোঁ দেই, বৰচাহাবে হুকুম দিছে, সীমান্তৱৰ্তীত যুদ্ধ ঘোষণা হৈছে ততাতৈয়া কৈ যাব লাগিব। চিঠিখন ডাকত দিবলৈ মহেশ আংকলক কৈ থৈছো। ভালে থাকিবা,
মাৰাক ক'বা নিজৰ যত্ন- ল'বলৈ, নহ'লে মাৰাৰ কোলাত আহি  থকা তোমাৰ ভাইটি/ভন্টিয়ে কষ্ট পাব। তুমি দুষ্টামি নকৰিবা দেই। আই লাউ ইউ ধুনু ,আই মিছ ইউ,  ওম---মা। মাৰালৈ দেতাৰ মৰম জনাবা, অতি শীঘ্ৰেই লগ পোৱাৰ আশাৰে আজিলৈ  এৰিছো দেই।
             ইতি—
                     তোমাৰ ফৌজী(দেতা)
                   নিপুন শইকীয়া  , কাশ্মীৰ


শ্ৰদ্ধেয়া
বৌটি,
     প্ৰথমতে প্ৰণাম জনাইছোঁ।  আশা কৰোঁ ভালে আছে। খবৰ এটি  মানে এক দুঃসংবাদ দিবলৈ কমলৰ গতিক তীব্ৰ কৰি লৈছোঁ অনীহা স্বত্বেও।
       নিপুনৰ চিঠিখন ডাকলৈ লৈ যোৱাৰ মূহুৰ্তত  আকাশলংঘী এক শব্দই দুফাল কৰিলে নিপুনৰ  বুকুখন....। চিৰাচিত হৈ গ'ল সপোনৰ কঠিয়াডৰা , চৌপাশ ৰক্তাত্ব পৰিস্থিতি যেন আবতৰীয়া ফাকুৱাৰ বৰষুণ!  বৰদিনৰ গধূলি হাজাৰ আব্দাৰৰ মোনাখন মেলি ল'বলৈ প্ৰবাসী জোৱানসকলৰ ভাগ্য ন'হল, অৱশ্যে দেশমাতৃৰ মহাসংকটৰ সময়ত আত্মবলিদানৰ সৌভাগ্য বা  কিমানজনৰ হয়...! চকুৰ পলকতে এক ধ্ৰুৱতৰা সৰি পৰিল ধৰিত্ৰী মাতৃৰ কোলাত। এই মৃত্যুৰ যেন মৃত্যু নহয় স্বৰ্গৰাজ্যলৈ যোৱাৰ এক মাধ্যম,  ইতিহাসৰ পাতত সোণোৱালী আখৰেৰে  খোদিত হ'ব মহাবীৰ যোদ্ধাৰ জীৱনগাথাঁ। ধুনু মা তুমি হতাশ নহ'বা , দেউতাই গড্  যীচুৰ প্ৰিয়পাত্ৰ হ'ল , আমি গৌৰাম্বিত তেওঁৰ কায্যৰ্ক্ষমতা যে তেওঁতকৈ মহান । বৌটি আপুনি ভাঙি নপৰিব,  পৃথিৱীৰ  ৰশ্মি নেদেখাটোলৈ  এবাৰ ভাবিব , আমাৰ নিপুনৰ শেষ অংশ আপোনাৰ গৰ্ভত তিলে তিলে বাঢ়ি উঠিছে  । ভূমিষ্ঠ হৈ পিতৃৰ ছাঁ নাপাই এক আজন্ম বেদনা লৈ ডাঙৰ হ'ব। যত্ন ল'ব , ভালে থাকক বুলি ক'বলৈ সাহস নাই  তথাপিও এগৰাকী বীৰ-জোৱানৰ পত্নী হিচাপে এগৰাকী আদৰ্শ মাতৃ হৈ জী থাকক  । নিজ হাতে মোৰ অৰ্ধাংশৰ কাঠ সংস্কাৰ কৰিলোঁ , এচটা শিল বুকুত বান্ধি । তাৰ শেষ ইচ্ছা চিঠিখন ডাকত দিয়াৰ , বৰদিন উপলক্ষে আপোনালোকৰ বাবে অনা কাপোৰকেইযোৰ আৰু তেওঁৰ খাকীপোছাকযোৰ পঠিয়ালোঁ।সদৌ শেষত সেৱা ল'ব এই অধমৰ ।  নিপুনৰ চিঠিখনৰ সৈতে মোৰ  উকা পৃষ্ঠাত স্পন্দনহীন শব্দ কেইটামান গাঁঠি দিলো ।
ইতি—
মহেশ বৰা
জোৱান ,কাশ্মীৰ ।