Type Here to Get Search Results !

জীৱন যাত্ৰা

  হীৰক কলিতা , নলবাৰী


খুব দীঘলীয়া , অথচ খুব 
চুটি সময়ৰ এই জীৱন যাত্ৰা ।
সময়ৰ লগতে জীৱন বাগৰে
এই সময়ো এদিন স্মৃতিৰ 
পাতত নিগৰে ।
নিবলৈ একো নাই থবলৈ 
একো নাই , সকলো ছাই
হৈ যায় সময়ৰ শেষত ।
খুব কঠিন অথচ খুবেই সৰল 
এই যাত্ৰা , যদিহে বুজি
পোৱা যায় সময়ৰ মাত্ৰা ।
খুব কঠিন অথচ খুবেই সৰল
এই যাত্ৰা যদিহে বুজি পোৱা
জীৱনৰ ছায়া - মায়া ।