Type Here to Get Search Results !

বহাগী উৎসৱ

এছ, ইছলাম বৰপেটা


কুলিৰ কুউ কুউ মাতে
বসন্তৰ উৎসৱ আহে 
গছে গছে নতুন নতুন
কুঁহিপাত মেলে, 
আমে মলিয়ালে 
কঠালে পেলালে মুচি
সগৰ্ভা হ'ল প্ৰকৃতি আই।  

ফাগুনীবায়ে আবিৰ ছটিয়াই
মলিয়ন কৰিছিল 
এজাক বৰষুণে দুই পখালি
ফটফটিয়া কৰিলে
বসুন্ধৰা আই হৈ পৰিল শুচি। 

ডেকা-গাভৰুৰ উৰু উৰু মন
মূগাৰ ৰিহা-মেখলা চাদৰ 
গাভৰুৱে কৰে পৰিধান
পেঁপা-ঢোলৰ মাতে নাচি উঠে মন
সেয়ে পাতোঁ ৰাগিৰ ৰঙালী বিহুখন। 

বিহু মানে বসন্ত
বসন্ত মানে উতলা যৌৱন
যৌৱনে বিহুৰ আখৰা পাতে
বিহুৱে ৰিঙিয়াই মাতে
বিহু অসমীয়াৰ বাপতি সাহোন।