বিদ্যাজ্যোতি গগৈ
এতিয়া মোৰ দুৰ্বল হদয়
আবেগতে বহু কথা কলো
চকুৰ দৃষ্টিৰ সতে চব ধুলি হৈ
গ'ল দুবৰিত ।
নিসংগতা সন্ধ্যাকামী মন
নিৰুপায়, একো বিচাৰি নোপোৱাৰ স্বপ্নত বিলিয়ন
হল মন ।
লাখুটিৰ ভৰদি মৃত্যুক দলিত কৰাৰ আশ্বাস বাটৰ ধুলিত আৰু দুবৰিত দুপৰৰ অলেখ্য
বিচাৰি চিনাকি এই বাটৰ কাষত ।
আকাশৰ বহু তৰা খহি পুৰি
ছাই হৈ যোৱা অলেখ চিন আছে শুকান ঘাঁহৰ দৰে
ক্ষয়িষ্ণু হালধীয়া ৰঙৰ
বহুতো ফুলৰ, আৰু অন্ধকাৰ
নিজনতাত মৌন মুখৰিত প্ৰস্ততি নিখিলৰ ।
মোৰ দৰে যি হয়তো আকাশৰ
কুসুমৰ স্বপ্ন সিচি দিলে
মুঠি মুঠি কৰি ,
অন্য এক আকাশ পোৱাৰ
আশাতে ।
যাৰ বোবা যান্তনাত জন্মৰ তেজেৰে ৰাঙলী মানুহৰ
শান্তি কামী মন ।
কোনো এক অন্ধকাৰত বীক্ষণাগাৰত , সিও হয়তো নিবিড় নিসংগতা লৈ অস্থিৰ ,
চিন্তা কেৱল আছে এই ভাবেৰে ।