পৰাগ কলিতা
শীতৰ সেমেকা ৰাতি হিম সনা কুঁৱলী ফালি
আকাশত জোন-তৰাৰ ধেমালি
কুঁৱলীৰ বগা চাদৰে পুৱা মধুৰ কৰি
নিয়ৰৰ টুপাল দূবৰিত সৰি শীতৰ দিছে জাননী।
শীতৰ ঠাণ্ডা বতাহজাকৰ আছে
এক সুকীয়া আমেজ,পুলকিত কৰে মন
শীত মানেই যেন কিবা এটা আনন্দ
আৰু উপভোগৰ সময়।
সন্ধিয়া দোকানৰ সন্মুখত
চাহ আৰু ভিন্ন খাদ্যৰ জুতি
জুহালৰ কাষত বহি আলু পুৰি খোৱা সোৱাদ
বহুতৰে জিভাত থাকে লাগি।
জুহালৰ কাষত বহি জুইৰ আমেজ লৈ
অপেক্ষা কৰে পুৱাৰ কোমল ৰ'দলৈ
শীত মানেই যেন শৰীৰত গৰম কাপোৰ
গীত,কবিতা,গল্প,উপন্যাসত সৃষ্টি শীতক লৈ।
শীত মানেই প্ৰাণচঞ্চল জীৱনক
আৰু বেছি উপভোগ্য কৰিব পৰা এক অজুহাত
শীত কেৱল ঠাণ্ডা নহয়
ই বহুতৰ বাবে এক সংগ্ৰাম ।
বাটে-পথে পৰি থকাজনৰ বাবে
শীত নহয় আশীৰ্বাদ
ফুটপাথত ঠাণ্ডাত কঁপি থকাজনৰ জীৱন
শীত এক ডাঙৰ প্ৰত্যাহ্বান।
অন্ন,বস্ত্ৰ, বাসস্থান বিহীনজনৰ বাবে
শীত সহিবলৈ টান
শীত কেৱল উপভোগ্য নহয়
শীতেই কাঢ়ি নিয়ে অনেকজনৰ প্ৰাণ।