Type Here to Get Search Results !

অৱসৰী শিক্ষকৰ এখিলা দস্তাবেজ (নৱম খণ্ড )

 অৰুণা চেতিয়া খাটনিয়াৰ


আমি যেতিয়া যি পাইছোঁ বা পাওঁ সকলোৰে এটা অন্ত থাকে, কিন্তু মানুহৰ আশাৰহে অন্ত নাই। সেই বাবেই মানুহৰ মনবোৰ হৈ পৰে অন্তহীন আশাৰ বাসনা।
    পালে আৰু পাবলৈ বিচৰা অভিলাস।
    সকলো কামৰে এটা সীমা থাকে।যাক পৰিধি বুলিও ক'ব পাৰি।কাম বা ভোগ অনুসৰি সুখৰ পৰিধি, দুখৰ পৰিধি, আশাৰ পৰিধি এনেদৰে ভাবিব পাৰিনে নোৱাৰি অৱশ্যে জনাটো সহজ নহয়। এইবোৰ হয়তো মূলতঃ জ্ঞানৰ পৰিধিয়ে নিৰ্দ্ধাৰণ কৰিব পাৰে - ।
    অৰ্থাৎ এনেকুৱাও হ'ব পাৰে কোনোবা এটা কামত মোৰ দৰে মানুহে কিমান খিনি আশা কৰিব পাৰোঁ, আশা কৰা মতে কিমান খিনি পালে সুখী হ'ব পাৰোঁ, আৰু তাকে নাপালে দুখী হৈ পৰোঁ। সেই হিচাপত চাগে পৰিধি এডাল থাকিব পাৰে।বাওনা হৈ চন্দ্ৰলৈ হাতমেলাৰ দৰে কথা এষাৰযে আছে, সেইষাৰ কথা এনেকুৱা ধৰণৰ জোখত হয়তো ব্যৱহাৰ কৰিব পাৰি। য'ত জোখতকৈ বেছি আশা কৰাৰ দৰে কথা এটা নিহিত হৈ থাকে, আৰু সেই জোখটোৱেই হয়তো পৰিধি নিৰ্ণয়ৰ শুদ্ধ বিচাৰ হ'ব পাৰে। সেইটোকে বুজি নোপোৱা হ'লেই বোধহয় জ্ঞানৰ পৰিধিৰ সীমা ৰেখা ডাল বুজোৱাৰ দৰে লাগে।
    এইবোৰ যদি প্ৰতিটো কথাতে বা কামতে আমি বুজি পালোঁ হয়,যত অথন্তৰবোৰ হয়তো নহ'ল হেঁতেন। আঠুৱা টো চাই ঠেং মেলাৰ দৰে কথা এষাৰলৈও মনত পৰে এনে সময়তে।পাবলৈ কৰা অধিক অভিলাসে বহুসময়ত যে সুখ হৰণ কৰে ইয়াৰ অনেক উদাহৰণ আছে।মাজে মাজে এটা প্ৰশ্ন মনলৈ আহে সুধিবলৈ মন যায় কাৰোবাক, আপুনি বাৰু সুখীনে? হয়তো আপোনাৰ মনলৈও আহিব পাৰে এই প্ৰশ্নটো।আচ্ছা প্ৰশ্নটো বাৰু আপোনাৰ মনলৈ আহিছে বা অহা নাই, সেইটো বাদ দিয়ক। আপোনাক যদি সোধা হয়, আপুনি কি উত্তৰ দিব? সুখী বুলি দিব নে নহয় বুলি দিব? যদি সুখী বুলি উত্তৰ দিয়ে -, তেন্তে কওকচোন আপুনি কি কি কাৰণত সুখী? আপোনাৰ ঘৰ,গাড়ী,টকা পইচা, আছে বাবেই সুখীনে বা আপোনাৰ পৰিয়ালটো অকলশৰীয়াকৈ খাই বৈ থকাৰ বাবেই সুখীনে, আপোনাৰ স্বামী/ পত্নীয়ে মন বুজি লৈ মৰম চেনেহ,আলাপ আলোচনাৰ মাজেৰে সকলো কাম নিয়াৰিকৈ সমাধা কৰিব পাৰে বাবেই সুখী,নে পৰিয়ালৰ সকলো মানুহে আপোনাক সন্মান,সমীহ কৰে, গুৰুত্ব দিয়ে বাবেই সুখী,নে আপুনি  সৃষ্টিশীল মনৰ দ্বাৰা সমাজৰ বাবে নিতৌ ন ন সৃষ্টি কৰি আছে,নে সমাজৰ পিছপৰা সকলৰ বাবে অহৰহ কাম কৰি আছে বাবেই আপুনি সুখী।
    আৰু যদিহে সুখী নহয়,তেনেহ'লে কিহৰ বাবে দুখ? ভবামতে কাৰোবাক সহায় কৰিব পৰা নাই  ,নে নিজে  খোৱা, পিন্ধা, আশ্বাস, বিশ্বাস আদিত সন্তুষ্ট হোৱা নাই বা অমুক তমুক অনেক ধৰণৰ হাজাৰটা দুখৰ অজুহাত থাকিব পাৰে। কেৱলমাত্ৰ নিজৰ কথাকে ভাবিলে এই দুখবোৰে হেঁচামাৰি ধৰে বা ধৰাৰ সুযোগ লয়।তেতিয়াই মন অসুস্থ কৰিব পৰা নিৰ্ণায়ক পৰিধিয়ে হয়তো আমাক ব্যতিব্যস্ত কৰে। সেয়েহে মনলৈ এনেদৰেও আহে যে দুখ খিনি সুখলৈ যদিহে আমি প্ৰত্যাবৰ্তন কৰি ল'ব পাৰোঁ , নিশ্চয় দুখতে নিমগ্ন হৈ ভাগি পৰিব নালাগে।
    জীৱনৰ এই হাততে পোৱা সময়কণ বিচিত্ৰ অভিজ্ঞতাৰে পৰিপূৰ্ণ। সেয়েহে দুখ বুলি ভবাখিনিতকৈও ভাল লগা খিনিকে অগ্ৰাধিকাৰ দিব পাৰিলেই জীৱনটো মধুময় কৰিব পাৰি যেন লাগে নিজলৈও আৰু আনলৈও।
    আপুনিও বাৰু নাভাবেনে যে দুখ আৰু সুখ জীৱনৰ লগৰীয়া?