Type Here to Get Search Results !

টকা

 ৰুম্পী দাস


 

টকা মহান 
টকা অমূল্য ধন ,
টকা সকলোৰে ...
পৰিচিত আপোন ।
টকা সকলো সময়ত প্ৰয়োজন ,
টকা বিহীন জীৱন 
দুখেৰে ভৰপূৰ দুনয়ন ।
দুখীয়াবোৰৰ হৃদয়ৰ আক্ষেপ 
টকাৰ অভাৱত ...
নীৰৱে মৰহি যায় ,
দুদিনীয়া পৃথিৱীখনত 
সকলো টকাৰে কিনিব পাৰি ;
আকৌ টকাৰে বেচিব পাৰি ।
তথাপি এয়াই যেন সত্য 
যাৰ ধন ,টকা-পইচা আছে 
তাৰ ভাল মন নাই ;
আৰু যাৰ মন আছে 
তাৰ ধন নাই ।
টকাৰে সৌন্দৰ্য্যময় 
সকলো কিনিব পাৰি ,
কিন্ত হৃদয়ৰ সুখ কিনিব নোৱাৰি ।

ভালুকমাৰী ৰাণীপুখুৰী,হোজাই