Type Here to Get Search Results !

স্বাগতম নৱবৰ্ষ

 অঞ্জলী বৰদলৈ




হে নৱবৰ্ষ
 তুমি কৰিলা পদাৰ্পণ
  জনাইছোঁ স্বাগতম।

    পুৰণি বছৰ দিলোঁ বিসৰ্জন
      ভালবোৰ কৰিম ৰোমন্থন।

ভুল-দোষবোৰ নিয়া উটুৱাই
শুদ্ধ-সত্য পথ দিবা দেখুৱাই।

 দয়া-ক্ষমা-পৰোপকাৰে লওক অন্তৰত ঠাই
সজ আচৰণ, সজ ব্যৱহাৰে যাম আগুৱাই। 

মানুহবোৰ যেন অমানুহ নহওঁক
হিংসা, কলুষতা আদি আঁতৰ হওঁক

প্ৰকৃতি-প্ৰেম আৰু মানৱীয় গুণ বৃদ্ধি পাওক
সুখ- শান্তিৰে পৃথিৱী ছানি ধৰক।

প্ৰদূষণ ৰোধ, দুৰ্নীতি নিবাৰণ সকলোৰে লক্ষ্য হওঁক
 বৃক্ষৰোপণৰ দ্বাৰা ধৰণী সেউজী হৈ উঠক।

প্ৰতিটো পল- অনুপল যেন সজীৱ হৈ ৰওক
নৱবৰ্ষই  অনাবিল আনন্দ কঢ়িয়াই আনক।


উদয়পুৰ, ঢুলীয়া গাঁও
পি. অ':মৰঙি, 
গোলাঘাট
৭৮৫৬২১
ফোন নম্বৰ:৮৬৩৮১৪১৭১