এছ ইছলাম, বৰপেটা
উঠাহে প্ৰেয়সী,উঠাহে ষোড়শী
উঠাহে মোৰ প্ৰাণৰ চম্পাৱতী
তোমাৰ মোহিনী ৰূপত
টোপনি নাই মোৰ চকুত।
তোমাৰ ৰূপৰ ঝংকাৰে
গা মোৰ ৰিমঝিম্ কৰে
তোমাৰ লাৱণ্য মুখত
কেৱল মিচিকিয়া হাঁহি।
ৰই থাকিব নোৱাৰোঁ
তোমাৰ কাষত আহি
ল'বানে তুমি মোক
তোমাৰ বুকুত সাৱটি?
তিৰ্ বিৰ্ তোমাৰ চকুযুৰি
ঢৌ খেলোৱা যমুনাত
সাঁতুৰি সাঁতুৰি পৰিমগৈ ভাগৰি।
তোমাৰ মৌসনা মাতে
অন্তৰ চুই যায় তাতে
তোমাৰ যমুনাৰ জলে
বকুল ফুলবোৰ ফুলে।
তুমি মোৰ জীৱনৰ প্ৰেৰণা
তুমি মোৰ জীৱনৰ উদ্দীপনা
তুমি মোৰ কাব্য ভূমি
তুমিয়ে মোৰ ৰম্যভূমি।