Type Here to Get Search Results !

শ্ৰদ্ধাঞ্জলিৰ একলম

 ৰফিকা বেগম


(মোৰ এগৰাকী অতি প্ৰিয় শিক্ষা গুৰুৰ মৃত্যুত)

মই যত প্ৰথম দেখিছিলো তেওঁক
তাত কোনো উদ্যান নাছিল
তথাপিও আমি খেলিছিলো
মই যত প্ৰথম লগ পাইছিলো তেওঁক
তাত কোনো মঞ্চ নাছিল
তথাপিও আমি গীত গাইছিলো
বুকুৰ ইমুৰ সিমুৰ ব্যাপি 
শদিয়াৰ পৰা ধুবুৰী লৈ
আজিও বৈ আছে সেই সময়

তেওঁৰ শব্দত আকুলতা আছিল
তেওঁৰ ব্যৱহাৰত বন্ধুত্ব আছিল
তেওঁৰ কৰ্মত ত্যাগ আছিল
তেওঁৰ ৰক্তত সপোন আছিল
তেওঁ আমাৰ শৈশৱ কৈশোৰৰ আবেগ উচ্ছাস
তেওঁৰ কত সুৰভিৰে প্লাবিত হৈ আছে
আজিও আমাৰ শাৰদীয় আকাশ 

পাহাৰ বগুৱাৰ কৌশল টো
তেখেতেই শিকাইছিল প্ৰথম
আৰু শিকাইছিল 
শাওনিয়া বানে সকলো ধুই নিয়াৰ পাছত
কেনেকৈ গুজ মাৰি গজালি মেলাব পাৰি শইচ
বুকুৰ ইমূৰ সিমূৰ ব্যাপি
শদিয়াৰ পৰা ধুবুৰী লৈ
আজিও বৈ আছে সেই সময়

আপোনাৰ আদৰ্শ
আপোনাৰ কৰ্তব্য নিষ্ঠা
আপোনাৰ শ্যামলি সপোন
আমাৰ বুকুৱে বুকুৱে 
আজিও জীয়াই আছে 
কিয়নো আমাৰ দৃষ্টিৰে
আমাৰ সন্তানেও আপোনাক
বহুবাৰ দেখিছে।।।।

  নাজিৰা