Type Here to Get Search Results !

প্ৰতিধ্বনি

এছ ইছলাম, বৰপেটা


জীৱনৰ পাতনিত
তোমাৰ আগমনত
সুখী হৈছিলোঁ মই
তোমাৰ সান্নিধ্যত
সোণত সোৱাগা চৰিছিল 
মোৰ সংসাৰত। 

মোৰ ফুলাম বাগিছাত
ফুলিছিল একোপাহি ফুল
নানা ৰঙ-বিৰঙৰ ফুল
এমুঠি শীতল পছোৱা বতাহত
লাগিল সিহঁতৰ মাজত 
মহা গণ্ডগোল। 

প্ৰৱল বতাহে বিকট শব্দ কৰি
লৈ গ'ল মোৰ বাগিছাৰ সুবাস
প্ৰতিধ্বনি হ'ল মোৰ অন্তৰত
আজিও বাজিছে 
সেই প্ৰতিধ্বনি
মোৰ অন্তৰ গহ্বৰত।