তুলিকা বৈশ্য দাস
হে নৱবৰ্ষ,
আকুল আহ্বানেৰে
ৰূপোৱালি জোনাকত
ৰৈ আছোঁ উলহে-মালহে
হোৱা আমাৰ প্ৰীতিভৰা বৰ্ষ
সোণোৱালী পথৰ সন্ধানী আমি
হওঁক শুভাৰম্ভণি, জনালোঁ আদৰণি
সেন্দুৰীয়া আলিৰে ৰাঙলী ৰʼদালি হৈ
আহা আলোকিত কৰি প্ৰগতিৰ পথ দেখুৱাবলৈ
সময়ত বিষাদ-বেদনাৰে প্ৰাণ পৰে ভৰি
নতুন হৈ আহি যেতিয়া পুৰণি হৈ যোৱা আঁতৰি
প্ৰতি বছৰেই আহি দি যোৱা বহু স্মৃতি
নিয়মবোৰ কাহানিও নহয় সলনি
সেয়ে হোৱা প্ৰতি প্ৰভাতৰ
অভিনৱ ৰূপৰ জিলিকনি
আমাৰ দুখ-ক্লেশ দুৰ কৰি
দম্ভ-অহংকাৰ আছে যদি
মৰিষণ কৰি যাওঁ আগুৱাই
দিয়া সঁহাৰি...
সৰগীয় সপোনবোৰ
আছে ডেউকা মেলি
দিঠকত আশাৰ পোখাবোৰে
পূৰ্ণতাৰে মেলক পাহি
নেদেখা জৰীৰে বান্ধ খাই পৰিছোঁ আমি
বাট দেখুৱাই দিয়া আহি
অনাগত দিনবোৰ
কৰোঁ উদ্ যাপন
অনাবিল আনন্দেৰে
হিয়াবোৰ পৰক ভৰি
কঢ়িয়াই আনা সুখ-শান্তি-সম্প্ৰীতি
সমৃদ্ধ হওঁক আমাৰ মন
সুঠাম সুশ্ৰী হওঁক শৰীৰ
সুস্থ-সবল-সচেতন হওঁক আলাপন
ৰঙীণ হওঁক জীৱন, হৈ সৰ্বাঙ্গ সুন্দৰ
আশাবোৰ আশীষ হৈ আয়ুস বাঢ়ক
সকলোৱেই সুখী হওঁক
থাকিল বহুত শুভ কামনা
হে প্ৰভু... জনালোঁ প্ৰাৰ্থনা...
জীৱনবোৰ জীপাল কৰি
আগুৱাই নিয়া...
আহা...হে নৱবৰ্ষ....
গুৱাহাটী, সোণাপুৰ