সুনম বিশ্বাস গোৰেশ্বৰ, তামুলপুৰ
মৰমৰ ডাঙৰ দাদা,
(কাজী দাদা)
প্রথমতে তোমালৈ এবুকু মৰম যাচিছোঁ । 'তুমি' বুলিইে সম্বোধন কৰিছো, 'আপুনি' শব্দটোৱে যেন দাদা-ভনীৰ সম্পৰ্কত বিশাল দেৱালৰ সৃষ্টি কৰে।আশা কৰোঁ তুমি কুশলে আছা, মইয়ো তোমালোকৰ আশীষত ভালে আছোঁ। বহুদিনৰ পৰাই তোমালৈ একলম লিখিম বুলি ভাবিয়ো লিখিব পৰা নাই। আজি ধলপুৱাতেই থিৰাং কৰিছো, মাটিত ভৰি পেলোৱাৰ আগতেই দিনলিপিখন প্ৰস্তুত কৰি নল'লে সময়ে হাত- বাউলি দি মাতে!আগৰদৰে দিনবোৰ নাই, সকলোবোৰতেই পৰিবৰ্তনৰ বা বলিছে ... মানুহ পৰিস্থিতিৰ দাস, ই পৰিবৰ্তনশীল, প্ৰৱাহমান। সি যি কি নহওঁক , দাদা তোমালৈ আজি বৰকৈ মনত পৰিছে! খুব কমসময়ৰ ভিতৰতে তুমি বহুত বেছি আপোন হৈ পৰিছা, দেউতাৰ দৰে মূৰৰ ওপৰত যেন বিশাল আকাশ হৈ থিয় দিছা; ভাঙি যোৱা হৃদয়ৰ টুকুৱাবোৰ পুনৰাই ভ্রাতৃত্বৰ বান্ধোনেৰে এটা এটাকৈ বুটলি একত্ৰিত কৰিছা ; শুকাই যোৱা গছজোপাই এজাক বৰষুণৰ পৰশত জী উঠাৰ দৰে মাতৃ হেৰুৱা বেদনা কিছু উপশম কৰাৰ্থে ভাতৃত্বৰ হাতখন আগবঢ়াই দি মৰহি যোৱা ফুলপাহ প্ৰাণবন্ত কৰি তুলিছা, জীয়াই থকাৰ ঘাই মঞ্চ এখন (সাহিত্য সংবাদ) প্রদান কৰিছা , য'ত প্রত্যেককে আত্ম-প্রকাশ কৰাৰ সুযোগ কৰি দিছা, পতিত পল্লবে যেতিয়া এছাটি মৃদু ময়াৰ পৰশত হাঁহি নাচিব পাৰে, তেতিয়াহ'লে তোমাৰ দৰে এগৰাকী দাদাৰ সহাঁৰিপূৰ্ণ কথাত হাড়ভাঙা শোকৰ পৰা নিজক আঁতৰাই আনিব নোৱাৰিম কিয়?পাৰিছোঁ, পাৰিবই যে লাগিব; তোমাৰ সাহসে, উৎসাহে মোক এই ধৰাখন নৱ ৰূপত চাবলৈ মন গৈছে, জীয়াই থাকিবলৈ অগাঢ় প্রেৰণা দিছে, যেন উকা উকা পৃষ্ঠাবোৰ কলমৰ অপ্রতিৰোধ্য গতিৰে লিখি পুৰাবলৈ মন গৈছে, পৰশ্রীকাতৰ লোককো আপোনত্বৰ ভাৱেৰে আঁকোৱালি ল'বলৈ শিকাইছে, সকলো ক্ষেত্রতে যেন ভীষণ মনোবল প্রদান কৰিছে, জীয়াই থকাৰ এক অন্য মাত্রা প্রদান কৰিছে, জীৱনটো জী ৰাখিবলৈ ইয়াতকৈ আৰু বেছি কিহৰ প্ৰয়োজন? ইমানখিনি দুখ - কষ্ট, অশ্রুসিক্ত নয়নৰ চকুলো স্নেহৰ আঁচলেৰে বোৱাই নিয়া দাদা এজন থকালৈ পৃথিৱীৰ কোনো শক্তিয়েই মোক ভাঙি পেলাবলৈ সাহস নাপাব। সচাঁকৈয়ে মই সৌভাগ্যশালী ! ভগ্ন হৃদয়ৰ ক্ৰন্দনে এক নতুন দিগন্তৰ সৃষ্টি কৰি দেখুওৱাব ... নহ'লে যে তোমাৰ জনকল্যাণ সৌধৰ উৰ্ধমুখী গতিৰ হালধীয়া সপোনবোৰ মৰহি যাব ,সেয়া কেতিয়াও বাঞ্ছা নকৰো ।
সর্বস্ব হেৰুৱা, সর্বস্বান্ত নিঠৰুৱা পথিকক,বিশাল জনাৰুন্যত নিঃসংগতাত ভুগা, লোকসকলক নিজৰ পৰিচয় দাঙি ধৰিব পৰাকৈ আগুৱাই লৈ যোৱাই যেন তোমাৰ উদ্দেশ্য। হৃদয়ৰ নিভৃত কোণত গজালি মেলা কঠিয়াডৰা লহলপকৈ বাঢ়ি যোৱাৰ ইন্ধন যোগান ধৰা, পোখা মেলা সপোনবোৰ কলিবোৰ পুষ্পিত হৈ সুঘ্রাণ বিলোৱা কৰি তোলাই যেন তোমাৰ স্বপ্ন। দৈনদ্দিন জীৱনৰ কর্মব্যস্ততাৰ পিছতো নিজৰ লগতে আনকো একেটা হিয়াৰ এনাজৰীৰে বান্ধি আগুৱাই লৈ যোৱাই তোমাৰ যেন নিত্য কর্তব্যস্বৰূপ। প্রতিটো ক্ষণতে পূর্ণিমাৰ জোনৰ দৰে মুখত হাঁহি বিৰিঙে, তোমাৰ হাঁহি-ধেমালিৰ ঢৌৱে ক্রন্দসী পৃথিৱীকো যেন উলাহত নচুৱাই ! প্রত্যেক ক্ষেত্রতে এগৰাকী মাতৃৰ দৰে শিক্ষা দিয়া । পৰিস্থিতি অনুযায়ী তুমি সকলোৰে মাতৃ, দাদা, ভাই বাইদেউৰ ৰূপ ধাৰণ কৰি সকলোকে ঐক্যতাৰ শিকলিৰে বান্ধি ৰাখিছা। পৃথিৱীত যেতিয়াই দুৰাচাৰ, ভষ্টাচাৰ ইত্যাদিৰে ভৰি পৰে তেতিয়াই ধৰালৈ দুষ্টক দমন আৰু সন্তক পালনাৰ্থে একো একোজন মহাপুৰুষৰ আবিৰ্ভাৱ হয়, তদ্রূপ আমাৰ প্রত্যেকৰে জীৱনৰ দুখ, কষ্ট, লাঘৱ কৰাৰ অর্থে নিঃস্বার্থে সকলোৰে সুপ্ত প্রতিভা বিকশিত কৰাৰ অর্থে ভগৱান বা আল্লাই, তোমাৰ দৰে মানুহক পৃথিৱীলৈ পঠিয়াইছে। মহৎ উদ্দেশ্য তোমাৰ, সফল হোৱা প্রতিটো ক্ষেত্রতে, কিছুমান পানীৰ তলৰ কাঁইটে মাজে সময়ে বিন্ধিব পাৰে কিন্তু কথাত আছে নহয় — 'ৰাখে হৰি মাৰে কোনে ?'
গতিকে ,আজিলৈ ইমানতে কলম জপাইছোঁ, বৌটিলৈ মোৰ সশ্ৰদ্ধ প্ৰণাম জনাব, বাবুধুনুলৈ এবুকু মৰম পেহীৰ পৰা , আৰু তোমালৈ সদৌ শেষত অশেষ ধন্যবাদ আৰু শতকোটি প্রণাম। তোমাৰ ঋণ কেতিয়াও শোধিব নোৱাৰিম! আশা কৰোঁ ভ্রাতৃত্বৰ হাতখন চিৰজীৱন মোৰ মূৰৰ ওপৰত অকাশ হৈ থাকিব; সাহস হৈ সদায় থিয় দিবা, ভুলবোৰ আঙুলিয়াই দি শুদ্ধৰূপত,সুস্থ পৰিৱেশত সুস্থ মনেৰে আগুৱাই যোৱাত সহাঁৰি দিবা , নহয় জানো ? নজনাবোৰ জানিবলৈ এগাল চিঠি লিখিম, আমনি পাবা জানো তথাপি জীজ্ঞাসাৰ বাঞ্ছাক কেতিয়াও পিছুৱাই যাবলৈ নিদিও! কোৱা বাহুল্য যে চিঠিখন পাই মোলৈ গালিৰ এচিড বৰষুণ পৰিব জানো , তোমালৈ বেছিকৈ বঢ়াই-টুটাই লিখিছো বুলি তথাপি লিখি যাম ;
তুমি জানো চিঠি উওৰ দিবা? ভালে থাকা, ভগৱান সদায় তোমাৰ ছাঁ হৈ থাকক , তাৰে কামনা কৰি উত্তৰলৈ অধীৰ অপেক্ষাৰে বাট চাম....।
ইতি—
তোমাৰ সৰু ভন্টি
প্রিয়ম